ETV Bharat / entertainment

অসমৰ আকাশে-বতাহে এতিয়া মাথো বিদুৰভাই; চিনেমা হলত চকী খালী নাই - BIDURBHAI IN BIG SCREEN

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 1:11 PM IST

Bidurbhai show timings: আজি মুক্তি পালে বহু প্ৰত্যাশিত অসমীয়া ছবি ‘বিদুৰভাই’ । ৰাজ্যৰ প্ৰায় ১৭৯ টা ছবিগৃহত আজি মুক্তি লাভ কৰিলে ‘বিদুৰভাই’ ছবিখনে ।

Suvrat Kakoti directorial Bidurbhai
বিদুৰভাইৰ মুক্তি (ETV Bharat Assam)

গুৱাহাটী, 19 জুলাই : আজি মুক্তি লাভ কৰিলে বহু প্ৰত্যাশিত অসমীয়া ছবি ‘বিদুৰভাই’ এ । ৱেব চিৰিজখনৰ অভূতপূৰ্ব সফলতাৰ পাচত ছবি হিচাপে আজিৰে পৰা ৰূপালী পৰ্দাত আৰম্ভ হ'ল বিদুৰভাইৰ যাত্ৰা । ৰাজ্য প্ৰায় ১৭৯ টা ছবিগৃহত আজি মুক্তি লাভ কৰিলে ‘বিদুৰভাই’ ছবিখনে । মুক্তিৰ পূৰ্বৰে পৰা দৰ্শকৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা ছবিখনৰ প্ৰতিটো দৰ্শনী ইতিমধ্যে হাউচফুল হৈ পৰিছে ৰাজ্যৰ প্ৰায় কেইটা ছবিগৃহত । বিশেষকৈ আগতীয়া টিকট বুকিঙত যোৰহাট, গোলাঘাটৰ প্ৰতিটো ছবিগৃহত ইতিমধ্যে আগন্তুক ৩ দিনৰ বাবে হাউচফুল হৈ আছে প্ৰতিটো দৰ্শনী ।

Suvrat Kakoti directorial Bidurbhai
বিদুৰভাইৰ দৰ্শনী (ETV Bharat Assam)

‘বিদুৰভাই’ ৱেব চিৰিজখনৰ পৰাই ৰাইজৰ দ্বিতীয় ছিজনটোলৈ যি অপেক্ষা আছিল, পৰৱৰ্তী সময়ত ছবিখনৰ পষ্টাৰ মুক্তিৰ পৰা যি উৎসাহ ৰাইজৰ মাজত দেখিবলৈ পোৱা গৈছিল তাৰ যেন পূৰ্ণ প্ৰকাশ ঘটিল ছবিখনৰ টিকট বুকিঙৰ ক্ষেত্ৰত । টিকট বুকিং খুলি দিয়াৰ বিষয়ে সুব্ৰত কাকতিয়ে সকলোকে অৱগত কৰাৰ লগে লগে ‘বিদুৰভাই’ৰ দৰ্শনীৰ প্ৰতিটো শ্ল'ট বুকিং হোৱা পৰিলক্ষিত হৈছিল ।

অৱশেষত আজি বহু অপেক্ষাৰ পাচত ছবিগৃহলৈ আহিল ‘বিদুৰভাই’। কিছুসময় পূৰ্বে ছবিখনৰ পৰিচালক সুব্ৰত কাকতিয়ে এটি ভিডিঅ’ বাৰ্তা যোগে ছবিখনৰ দৰ্শনী অহা দেওবাৰলৈ প্ৰায় কেইটা ছবিগৃহতে হাউচফুল হোৱা কথা জানিবলৈ দিয়ে । লগতে দৰ্শকক ছবিখন উপভোগ কৰিবলৈ আহোতে ছবিগৃহৰ ভিতৰত যাতে কোনো ভিডিঅ’ বা ফটো নলয় তাৰ বাবেও অনুৰোধ জনায় তেওঁ ।

উল্লেখ্য যে, Rootstock Entertainments ৰ বেনাৰত পৰিচালক সুব্ৰত কাকতিয়ে পৰিচালনা কৰা এই ছবিখনত অভিনয় কৰিছে চুমকী কছাৰী, বলিন বৰা, উজ্জল ৰাজখোৱা, ত্ৰৈলোক্য বৰুৱা, নিতু খনিকৰ, পংকজ মহন্ত, অসীম শৰ্মা, স্নিগ্ধা ফুকন, শৰ্মিষ্ঠা দাস, উদ্দীপনা বৰা, হিৰকজ্যোতি বৰদলৈ, আনন্দ বৰুৱা, আচিফ জাভেদ, দ্বীপমণি খাটনিয়াৰকে আদি কৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

ছবিখনৰ সংগীত প্ৰণয় দত্তৰ আৰু শব্দ সংমিশ্ৰণ সৌভিক ফুকনৰ । দৃশ্যগ্ৰহণ কৰিছে বিতুল দাসে । প্ৰযোজনাত আছে অৰ্ণৱ হাজৰিকা । ইতিমধ্যে বিদুৰভাইয়ে মুক্তিৰ পূৰ্বেই সফলতাৰ আখ্যান লিখিবলৈ আৰম্ভ কৰিছে । ছবিখনে এক ইতিহাস ৰচিব বুলি আশাবাদী সকলো ।

লগতে পঢ়ক : সন্তান প্ৰসৱৰ পাচত এগৰাকী মাতৃৰ যি সুখ, আমাৰো তেনেকুৱাই হৈছে চাগে- সুব্ৰত কাকতি - Assamese film Bidurbhai

মুক্তিলৈ মাজত এদিন: বিদুৰভাই চাবলৈ ৰাইজৰ হেতা-ওপৰা; আগতীয়াকৈয়ে হাউচফুল - BIDURBHAI

‘বেহাৰবাৰী আউটপোষ্ট’ খ্যাত চুমকী কছাৰীয়ে সঁচাকৈয়ে ভয় কৰে নেকি শিঙিমাছলৈ ? - ASSAMESE FILM BIDURBHAI cast

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.