ETV Bharat / entertainment

সকলোতে বলিছে বিদুৰভাইৰ বতাহ: বিশেষভাৱে সক্ষম সকলেও উপভোগ কৰিলে ছবিখন - Bidurbhai

author img

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 12:55 PM IST

Assamese movie bidurbhai: চহৰ-নগৰ সকলোতে এতিয়া কেৱল এটাই নাম বিদুৰভাই ৷ একপ্ৰকাৰে অসমীয়া ছবিৰ সংজ্ঞাই সলনি কৰি দিলে ‘বিদুৰভাই’ ছবিখনে । ইফালে, এইবাৰ বিদুৰভাই উপভোগ কৰিবলৈ ছবিগৃহলৈ আহিল বিশেষভাৱে সক্ষম লোকসকলো ৷

ASSAMESE MOVIE BIDURBHAI
এইবাৰ বিশেষভাৱে সক্ষম লোকসকলেও উপভোগ কৰিলে বিদুৰভাই (ETV Bharat)

যোৰহাট, 13 আগষ্ট: বিদুৰভাই এতিয়া কেৱল এটি নাম নহয়, এক অনুষ্ঠানলৈ পৰিণত হৈছে ৷ বৰ্তমান অসমৰ সকলো ছবিগৃহত সগৌৰৱে চলি আছে বিদুৰভাই । ১৯ জুলাইত ৰাজ্যৰ ১৭৯ টা চিত্ৰগৃহত মুক্তি লাভ কৰিছিল ছবিখনে । অসমীয়া ছবিক এক নতুন মাত্ৰা দিলে ছবিখনে । ‘বিদুৰভাই’ ছবিখন নোচোৱা মানুহ হয়টো খুবেই কমেই ওলাব । প্ৰায় সকলো লোকেই উপভোগ কৰিছে ‘বিদুৰভাই’।

বিদুৰভাই চাবলৈ আহিল বিশেষ দৰ্শক

অসমীয়া ছবিৰ সংজ্ঞাই সলনি কৰি দিলে ‘বিদুৰভাই’ ছবিখনে । তথাকথিত কোনো নামী-দামী অভিনেতা-অভিনেত্ৰী ছবিখনত নাই যদিও সকলো দৰ্শকৰে হৃদয় জিনিবলৈ সক্ষম হৈছে ছবিখনে ৷ ইফালে, এইবাৰ বিদুৰভাই চাবলৈ ওলাল বিশেষভাৱে সক্ষম তথা প্ৰতিবন্ধীসকলো ৷

সোমবাৰে যোৰহাট আইনস্ক’ ছবিগৃহত বিদুৰভাই উপভোগ কৰে বিশেষভাৱে সক্ষম তথা প্ৰতিবন্ধীসকলে । উক্ত ছবিখন উপভোগ কৰি সন্তুষ্টি লাভ কৰে তেওঁলোকে । আনহাতে, বিশেষভাৱে সক্ষমসকলৰ ভিতৰত গৰিষ্ঠসংখ্যকে আছিল দৃষ্টিহীন আৰু এইসকল দৃষ্টিহীনলোকে বিদুৰভাই ছবিখন উপভোগ কৰি খুবেই আনন্দ অনুভৱ কৰে ৷

যদিও তেওঁলোকে দৃশ্যসমূহ প্ৰত্যক্ষ কৰিব পৰা নাছিল, তৎস্বত্বেও ছবিখনক শুনিয়েই তেওঁলোকে বিষয়বস্তু, কাহিনী, সংলাপ তথা গীতৰ সোৱাদ লয় ৷ তেওঁলোকে ছবিখন উপভোগ কৰি অত্যন্ত সুখী অনুভৱ কৰে বুলিও মতপ্ৰকাশ কৰে ।

বিদুৰভাইৰ কলা-কুশলীয়ে একেলগে কৰিলে উপভোগ

আনহাতে, বিদুৰভাই ছবিখনত মেনেজাৰৰ চৰিত্ৰত অভিনয় কৰা পংকজ মহন্তই দৃষ্টিহীনসকলৰ সৈতে একেশাৰীতে ছবিখন উপভোগ কৰি কয় যে, ‘প্ৰথমদিনাৰ পৰা আজিলৈকৈ ছবিগৃহত বিদুৰভাইৰ প্ৰতি ৰাইজৰ যি বিপুল সঁহাৰি, এয়া আমাৰ বাবে সুখ আৰু প্ৰাপ্তি । তেওঁ লোকৰ সৈতে ছবিখন উপভোগ কৰি আমি নথৈ আনন্দিত হৈছো ।’

ইফালে, বিশেষভাৱে সক্ষম লোকসকলৰ সৈতে বিদুৰভাই টীমটোৰ গৰিষ্ঠসংখ্যকে যোৰহাট আইনস্ক’ হলত ছবিখন একেলগে উপভোগ কৰে । শেষত বিশেষভাৱে সক্ষম তথা বিদুৰভাই টীমৰ লোকসকলৰ মাজত একাংশ প্ৰকৃতিপ্ৰেমী লোকে গছপুলি বিতৰণ কৰে ৷

জয় কৰিলে দৰ্শকৰ হৃদয়

উল্লেখ্য যে, সকলোৰে জীৱনৰ লগত সংপৃক্ত হ’ব পৰা এটা অতি সুন্দৰ কাহিনী দৰ্শকৰ আগত উপস্থাপন কৰিবলৈ সক্ষম হৈছে বিদুৰভাই ছবিখনে ৷ সুন্দৰ উপস্থাপন আৰু বলিষ্ঠ অভিনয়ে সকলো দৰ্শকৰ মন জয় কৰিছে । সেয়ে ছবিখন চাবলৈ দৰ্শকক মাতিবলৈ প্ৰয়োজন হোৱা নাই, সকলোৱে স্ব-ইচ্ছাৰে ছবিখন চাবলৈ ঢাপলি মেলিছে ছবিগৃহলৈ । ইয়াৰ দ্বাৰা এয়াও প্ৰমাণ হয় যে, এখন ভাল ছবি হ’লে দৰ্শকে উপভোগ কৰিবই ।

লগতে পঢ়ক: টিকটৰ লগতে অহা-যোৱা খৰচো কম নহয় বহুতৰ বাবে, তেনেকুৱাত যদি চিনেমাৰ শ্ব’ নচলে ! - Bidurbhai show at Gold Cinema

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.