ETV Bharat / entertainment

দক্ষিণ ভাৰতীয় তাৰকা সন্থাই অভিনেত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰিছে সংকল্প - Resolutions to Actress safety

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 10:37 AM IST

Resolutions to ensure Actress safety : দক্ষিণ ভাৰতীয় তাৰকা সন্থাই মহিলা সদস্যসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে যৌন অভিযোগৰ তদন্তৰ বাবে SIAA-GSICC ৰ এখন বৈঠক আহ্বান কৰে । বৈঠকত যৌন নিৰ্যাতনৰ পিছত মহিলাসকলক দিয়া সহায় আৰু এজন উকীল নিযুক্তিৰ বিষয়ে তথ্য দিয়া হয় ।

South Indian Actors Association Makes these resolutions to ensure actress safety
দক্ষিণ ভাৰতীয় তাৰকা সন্থা (ETV Bharat)

চিটাৰা ডেস্ক, 5 ছেপ্টেম্বৰ : মালয়ালম চলচ্চিত্ৰ জগতত মহিলাৰ ওপৰত হোৱা যৌন অত্যাচাৰৰ সন্দৰ্ভত কেৰালা চৰকাৰে প্ৰকাশ কৰা হেমা কমিটীৰ প্ৰতিবেদনে দেশজুৰি প্ৰতিটো চলচ্চিত্ৰ উদ্যোগতে এক বৃহৎ আলোড়নৰ সৃষ্টি কৰিছে । মালয়ালমৰ বিখ্যাত তাৰকা জয়সূৰ্য, ছিদ্দিক, বাবুৰাজ আদি বিখ্যাত নামৰ বিৰুদ্ধেও মালয়ালম অভিনেত্ৰীসকলে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰিছে । ইয়াৰ পিছত অভিনেতাসকল আৰু মালয়ালম তাৰকা সন্থাৰ পৰিচালনা দলকে ধৰি 17 জন লোকে পদৰ পৰা পদত্যাগ কৰে ।

এই পৰামৰ্শৰ ভিত্তিত দক্ষিণ ভাৰতীয় তাৰকা সন্থাই মহিলা সদস্যসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে যৌন অভিযোগৰ তদন্তৰ বাবে 22.4.2019 তাৰিখে SIAA-GSICC কমিটী গঠন কৰে । হেমা কমিটীৰ প্ৰভাৱৰ পাছত এই কমিটীৰ বৈঠক আহ্বান কৰি দক্ষিণ ভাৰতীয় তাৰকা সন্থাৰ সভাপতি নাছাৰ, উপ-সভাপতি পুচি এছ মুৰুগান, কোষাধ্যক্ষ কাৰ্তি আৰু সমিতিৰ সভাপতি ৰোহিনীৰ নেতৃত্বত এখন সভা অনুষ্ঠিত হয় ৷ য'ত অন্যান্য সদস্য সুহাষিনী, খুশবু, ললিতা কুমাৰী, কোৱৈ সৰলা আৰু সমাজকৰ্মী ৰাজী গোপী আদিয়ে অংশগ্ৰহণ কৰে । লগতে কমিটীত এজন অধিবক্তা নিযুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হয় ।

  • বৈঠকত দাখিল কৰা প্ৰস্তাৱসমূহ হ’ল -

1. যৌন নিৰ্যাতনৰ বলি হোৱা মহিলাসকলৰ অভিযোগৰ ওপৰত আধাৰিত কৰি, প্ৰযোজক সংস্থাক অপৰাধীসকলৰ তদন্ত কৰিবলৈ আৰু অভিযোগবোৰ সঁচা হ'লে তেওঁলোকক পাঁচ বছৰৰ বাবে চলচ্চিত্ৰ উদ্যোগত কাম কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।

2. আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাকে ধৰি ভুক্তভোগীক সকলো আইনী সহায় সহযোগিতা আগবঢ়াব কমিটীয়ে ।

3. যৌন অপৰাধৰ অভিযোগত অভিযুক্ত ব্যক্তিক প্ৰথমে সতৰ্ক কৰি দিয়া হ’ব, পিছত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

4. ভুক্তভোগীসকলে অভিযোগ দাখিল কৰাৰ সুবিধাৰ বাবে ইতিমধ্যে এটা সুকীয়া টেলিফোন নম্বৰ কাৰ্যক্ষম হৈ উঠিছে । এতিয়া ই-মেইলৰ জৰিয়তেও অভিযোগ দাখিল কৰাৰ সুবিধা উপলব্ধ হৈছে ।

5. ভুক্তভোগীসকলক এই কমিটীৰ জৰিয়তে অভিযোগ দাখিল কৰিবলৈ আৰু সংবাদ মাধ্যমৰ সৈতে পোনপটীয়াকৈ কথা নাপাতিবলৈ পৰামৰ্শ দিয়া হৈছে ।

6. ইউটিউবত উদ্যোগটোৰ বিষয়ে অপমানজনক পোষ্টৰ দ্বাৰা প্ৰভাৱিত লোকসকলে যদি আৰক্ষী বিভাগৰ চাইবাৰ অপৰাধ বিভাগত অভিযোগ দাখিল কৰে তেন্তে কমিটীয়ে তেওঁলোকক সম্পূৰ্ণ সহায় আগবঢ়াব ।

7. লগতে সিদ্ধান্ত লোৱা হৈছে যে দক্ষিণ ভাৰতীয় তাৰকা সন্থাই সমিতিখনৰ কাৰ্যকলাপ পোনপটীয়াকৈ নিৰীক্ষণ কৰিব ।

লগতে পঢ়ক : হেমা কমিটী সদৃশ এখন কমিটীৰ দাবীৰে FIRE এ চৰকাৰক দাখিল কৰিছে আবেদন - SANDALWOOD FIRE ORGANIZATION

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.