ETV Bharat / entertainment

আশা ভোছলেৰ দুভৰি ধুৱালে চনু নিগমে: চুমা যাঁচিলে গুৰুৰ চৰণত - Sonu Nigam washes Asha Bhosle feet

Swaraswamini Asha inauguration: ‘গুৰু’ৰ প্ৰতি শ্ৰদ্ধা-ভক্তি প্ৰদৰ্শেনেৰে আশা ভোছলেৰ দুভৰি গোলাপৰ পানীৰে ধুৱাই চুমাই যাঁচিলে চনু নিগমে ৷ যি দৃশ্যই চুই গৈছে সকলোৰে হৃদয় ৷

Swaraswamini Asha inauguration
আশা ভোছলেৰ দুভৰি ধুৱালে চনু নিগমে (ANI)
author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 9:03 PM IST

নিউজ ডেস্ক, 28 জুন : আশা ভোছলে ৷ সাতটাকৈ দশকজুৰি যি বাস কৰি আহিছে সংগীতপ্ৰেমীৰ হৃদয়ত ৷ সংগীতৰ এইগৰাকী ৰাণীৰ ভৰিখন এবাৰ চুই আশীৰ্বাদ লোৱা হেঁপাহ বহুতৰে ৷ যিমানেই খ্যাতনামা লোক নহওক, আশাৰ আশীৰ্বাদ যেন সকলোৰে কাম্য ৷

শুকুৰবাৰৰ এটা দৃশ্যই চুই গৈছে সকলোৰে মন ৷ য’ত দেখা গ’ল বিশ্বব্যাপী খ্যাতি অৰ্জন কৰা প্লে’বেক ছিংগাৰ চনু নিগমে আশা ভোছলেৰ ভৰি ধুৱাই দিছে ৷ তদুপৰি আশা ভোছলেৰ দুভৰি গোলাপৰ পানীৰে ধুৱাই চনুৱে যাঁচিলে চুমা ৷ কণ্ঠত সৰস্বতীয়ে বাস কৰা আশা ভোছলেৰ দুভৰি ধুৱাই, চুমা যাচি প্ৰখ্যাত সংগীতশিল্পী চনু নিগমে যেন অনুভৱ কৰিলে প্ৰশান্তি, যেন আশাৰ পৰা লাভ কৰিলে বিচাৰি থকা আশীৰ্বাদ ৷ চনু নিগমৰ এই ভাললগা দৃশ্যৰ ফটো-ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ফেচবুক, ইষ্টাগ্ৰাম, এক্স সকলোতে ৷

উল্লেখ্য যে শুকুৰবাৰে মুম্বাইৰ মাষ্টাৰ দীননাথ থিয়েটাৰত প্ৰখ্যাত গায়িকা আশা ভোছলেৰ সংগীত যাত্ৰাৰ প্ৰতি উৎসৰ্গিত গ্ৰন্থ তথা জীৱনী ‘স্বৰাস্বামী আশা’ উন্মোচন কৰা হয় ৷ গ্ৰন্থখন মোহন ভগৱতৰ দ্বাৰা প্ৰকাশ কৰা হয় ৷ এই উপলক্ষে অনুষ্ঠানত আশা ভোছলৰ লগতে উলপস্থিত থাকে হৃদয়নাথ মংগেশকাৰ, আশীষ শেলাৰৰ উপৰিও সুৰেশ ৱাডকাৰ, সুদেশ ভোছলে, চনু নিগম, হৰিশ ভীমণি, জেকী শ্ৰফ আদি ছবি আৰু সংগীত জগতত শিল্পীসকল ৷

অনুষ্ঠানত উপস্থিত থাকি আশা ভোছলেৰ কণিষ্ঠ ভাতৃ, বিখ্যাত সংগীত পৰিচালক পি.টি. হৃদয়নাথ মংগেশকাৰে এখন শাৰী উপহাৰ দিয়ে ৷ সেই মুহূৰ্তটোও আছিল আৱেগিক । হৃদয়নাথ মংগেশকাৰে কয় যে তেওঁক ডাঙৰ-দীঘল কৰাত আশাই বহু কষ্ট কৰিছিল ৷ হৃদয়নাথ মংগেশকাৰে ভগ্নী আশা ভোছলেৰ সৈতে থকা বহু মৰ্মস্পৰ্শী অভিজ্ঞতাৰ বিষয়েও কয় ৷ এই অনুষ্ঠানত উপস্থিত থাকি চনু নিগমে গোলাপৰ পানীৰে আশা ভোছলেৰ ভৰি ধুওৱা দৃশ্যটো সম্প্ৰতি ভাইৰেল হৈ পৰিছে ৷

লগতে পঢ়ক: কেৱল গীততেই নহয় পাকঘৰৰ কামতো পাকৈত আশা ভোছলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.