ETV Bharat / entertainment

বিয়াত সহমত নাই বুলি বাতৰি প্ৰচাৰ হোৱাৰ পাচত একেলগে দেখা গ’ল শত্ৰুঘ্ন সিন্হা-জাহীৰক - Sonakshi Zaheer Wedding

Sonakshi Zaheer Wedding: জীয়েকৰ বিয়া সন্দৰ্ভত অৱগতই নাছিল বাপেক ৷ কৈছিল আজিকালিৰ ল’ৰা-ছোৱালীয়ে অনুমতি নলয়, খবৰহে দিয়ে ৷ কিন্তু এতিয়া ঘূৰি-ফুৰিছে জীয়েকৰ প্ৰেমিকৰ লগতে ৷ বিয়াত সন্মতি প্ৰদান কৰিলে নেকি শত্ৰঘ্ন সিন্হাই ?

author img

By ETV Bharat Entertainment Team

Published : Jun 21, 2024, 12:41 PM IST

Sonakshi Sinha-Zaheer Iqbal Wedding: Shatrughan Sinha Spotted with Soon-to-Be Son-in-Law - Watch
শত্ৰুঘ্ন সিন্হা-জাহীৰ ((ANI image))

চিটাৰা ডেস্ক, 21 জুন : বিবাহ । 23 জুনত যুগ্ম জীৱনৰ পাতনি মেলিব সোনাক্ষী সিন্হা আৰু জাহীৰ ইকবালে ৷ সোনাক্ষীৰ পিতৃ অভিনেতা তথা ৰাজনীতিবিদ শত্ৰুঘ্ন সিনহাই তেওঁৰ সৈতে বিয়াৰ প্ৰস্তুতিৰ কথা আলোচনা নকৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰা বুলি বিভিন্ন বাতৰি প্ৰচাৰ হয় । পিছে এনে সকলো বাতৰিক নসাৎ কৰি বৃহস্পতিবাৰে সন্ধিয়া প্ৰথমবাৰৰ বাবে জাহীৰৰ সৈতে মিলিত হয় শত্ৰঘ্ন সিন্হা ৷ দুয়োজনে হাঁহি হাঁহি কমপ্লেক্সৰ বাহিৰত গোট খোৱা পাপাৰাজ্জীৰ বাবে প’জ দিয়ে ।

বৃহস্পতিবাৰে সন্ধিয়া এটা পাপাৰাজ্জোৰ একাউণ্টৰ দ্বাৰা পোষ্ট কৰা নতুন ইনষ্টাগ্ৰাম ভিডিঅ’ত সোনাক্ষীৰ বিয়াৰ আগতে শত্ৰুঘ্ন সিন্হাক জাহীৰৰ সৈতে প্ৰথমবাৰৰ বাবে একেলগে দেখা যায় । শত্ৰুঘ্ন আৰু জাহীৰে আলিংগন বিনিময় কৰি ফটোগ্ৰাফাৰৰ বাবে প’জ দিয়ে । শত্ৰুঘ্ন সিন্হাই হাঁহি হাঁহি তেওঁৰ আইকনিক সংলাপ ‘খামোশ !’ বুলি কৈ পাপাৰাজ্জীৰ আবেদনৰ প্ৰতি সঁহাৰি দিয়ে ৷

লগতে পঢ়ক : সোনাক্ষী-জাহীৰৰ বিবাহৰ নিমন্ত্ৰণী পত্ৰত কিউআৰ কোড ! - Sonakshi Zaheer Iqbal Wedding

জীয়েকৰ বিয়া: বাপেকে কৈছে- আজিকালিৰ ল’ৰা-ছোৱালীয়ে একো নোসোধে ! - Sonakshi Zaheer Iqbal Wedding

কন্যাৰ বিয়াখনলৈ সমর্থন জনাই আনন্দেৰে উপস্থিত অতিথিসকলৰ সৈতে হাত মিলাই থকা দেখা গ’ল শত্রুঘ্ন সিন্হাক ৷ জাহীৰেও নিজৰ হ’বলগীয়া শহুৰেকৰ সৈতে ফটোৰ বাবে পোজ দিয়া দেখা গ’ল আৰু দুয়োৰে মাজৰ কথা-বতৰা-হাঁহিয়ে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে বহু কথাই কৈ গ’ল । শত্ৰুঘ্ন সিন্হা আৰু জাহীৰৰ এনে আন্তৰিক সম্পৰ্কই সিন্হা নিজৰ কন্যাৰ বিয়াত উপস্থিত নাথাকিব বুলি উত্থাপিত হোৱা সকলো অভিযোগৰ অন্ত পেলায় । এটা মনোৰঞ্জন পৰ্টেলৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁ সোনাক্ষী আৰু জাহীৰৰ বিয়াত উপস্থিত থকাটো স্পষ্টকৈ নিশ্চিত কৰে ।

জীয়েকক লৈ আনন্দ আৰু প্ৰশংসা প্ৰকাশ কৰি পিতৃয়ে কয়, "মোক কওঁক, এয়া কাৰ জীৱন ? এয়া কেৱল মোৰ একমাত্ৰ ছোৱালী সোনাক্ষীৰ জীৱন, যাৰ বাবে মই সঁচাকৈয়ে গৌৰৱান্বিত আৰু যাৰ সৈতে মই সংলগ্ন । তাই মোক "তাইৰ শক্তিৰ স্তম্ভ" বুলি উল্লেখ কৰে । মই নিশ্চিতভাৱে বিয়াখনত উপস্থিত থাকিম । "মই কিয় নাথাকিম বা নকৰিম ?"

ইফালে বিয়াৰ পূৰ্বে প্ৰথমবাৰৰ বাবে দেখা গ’ল সোনাক্ষীক । ফটো তোলাৰ পৰা আঁতৰি থাকে তেওঁ ৷ 7 বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক থকা সোনাক্ষী আৰু জাহীৰে 23 জুনত মুম্বাইত বিবাহপাশত আবদ্ধ হ’ব ।

লগতে পঢ়ক : বিশেষ বেচেলৰেটৰ পৰা উভতি আহিল সোনাক্ষী-জাহীৰ - Sonakshi Zaheer Iqbal Wedding

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.