চিটাৰা ডেস্ক, 9 জুলাই : শত্ৰুঘ্ন সিন্হা আৰু পুনম সিন্হাই আজি ৯ জুলাইত বিবাহ বাৰ্ষিকী উদযাপন কৰিছে ৷ পুত্ৰ লৱই তেওঁলোকৰ বিবাহ বাৰ্ষিকীত এক আৱেগিক টোকাৰে শুভেচ্ছা জনাইছে ৷
শেহতীয়াকৈ সোণাক্ষীৰ বিয়াত নিজৰ অনুপস্থিতিৰ বিষয়ে স্পষ্ট কৰাৰ পিচত লৱ সিন্হাৰ এই পোষ্টটোৱে সকলোকে আৱেগিক কৰি তুলিছে ৷ অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা শত্ৰুঘ্ন সিন্হাই আজিৰ দিনটোতে পুনমৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । আজি ৯ জুলাইত বিবাহৰ ৪৪ বছৰ সম্পূৰ্ণ কৰিলে তেওঁলোকে । বিবাহৰ ৪৪ সংখ্যক বাৰ্ষিকীত, তেওঁৰ পুত্ৰ লৱই এক বিশেষ ধৰণে শুভকামনা জনাইছে । তেওঁলোকৰ সৈতে অতিবাহিত কৰা প্ৰতিটো মুহূৰ্তৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে ৷
লৱই তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম ষ্ট’ৰীত তেওঁৰ পিতৃ-মাতৃৰ এখন ফটো শ্বেয়াৰ কৰিছে । তেওঁ এই ধুনীয়া ছবিখন এটা সুন্দৰ বাৰ্তাৰ সৈতে সংলগ্ন কৰিছে । তেওঁ শিৰোনামত লিখিছে, 'মোৰ আশ্চৰ্যজনক পিতৃ-মাতৃলৈ বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা । আমি আপোনাৰ সন্তান হিচাপে জন্মলাভ কৰি সৌভাগ্য অনুভৱ কৰিছো । আপোনালোকৰ সৈতে অতিবাহিত কৰা প্ৰতিটো মুহূৰ্তৰ বাবে আমি কৃতজ্ঞ ৷' লৱৰ এই পোষ্টটো শত্ৰুঘ্ন সিন্হাই তেওঁৰ ইনষ্টাগ্ৰামত পুনৰ পোষ্ট কৰিছে ।
লৱ সিন্হা এজন ভাৰতীয় অভিনেতা আৰু লগতে এজন ৰাজনীতিক । তেওঁ হিন্দী ছবি 'সাদিয়া'ত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল । ইয়াৰ উপৰিও, তেওঁ 2018 চনত জে পি দত্তৰ ছবি 'পল্টন' তো অভিনয় কৰিছিল ।
শত্ৰুঘ্ন সিন্হা আৰু পুনম সিন্হাৰ প্ৰেমকাহিনী
শত্ৰুঘ্ন সিন্হা আৰু পুনম সিন্হা ৰেল যাত্ৰাৰ সময়ত লগ হৈছিল । শত্ৰুঘ্ন সিন্হাই পুনমক ৰেলত দেখিয়ে তেওঁৰ প্ৰেমত পৰিছিল । পুনমে কিবা কাৰণত তেতিয়া কান্দি আছিল । তাৰ পিচত শত্ৰুঘ্ন সিন্হাই তেওঁক সান্ত্বনা দিবলৈ চেষ্টা কৰিছিল যদিও পুনমে তেওঁক কোনো গুৰুত্ব দিয়া নাছিল । কিন্তু, পিচত এই চিনাকিৰে তেওঁলোক বন্ধু হৈ পৰিছিল । ইয়াৰ পিচত তেওঁলোক দুয়োজনে প্ৰায় 5 বছৰ ধৰি ইজনে সিজনক ডেট কৰিছিল । ডেট কৰাৰ পিচত দুয়ো ১৯৮০ চনৰ ৯ জুলাইত বিবাহপাশত আৱদ্ধ হয় ।