ETV Bharat / entertainment

শ্বাহৰুখৰ নতুন লুকে মনত পেলাই দিলে পুৰণা ‘ডন’লৈ - Shah Rukh Khan Airport Video

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2024, 12:20 PM IST

লেডাৰৰ জেকেট আৰু ডেনিম পিন্ধি মুম্বাই বিমানবন্দৰত দেখা দিয়ে শ্বাহৰুখ খানে ৷ অনুৰাগীসকলে পুৰণা ডন লুকলৈ মনত পেলাই শ্বাহৰুখৰ নতুন ৰূপৰ প্ৰশংসা কৰিছে ৷ চাওক ভিডিঅ’টো-

shah rukh khan spotted at mumbai airport sports a leather jacket and denim fans hail og don watch
শ্বাহৰুখ খান (Photo : ANI)

চিটাৰা ডেস্ক, 18 ছেপ্টেম্বৰ : ‘ডন আহি গ’ল’- শ্বাহৰুখক দেখি অনুৰাগীৰ মুখৰ পৰা ওলাল এই তিনিটা শব্দ ৷ মুম্বাই বিমানবন্দৰত শ্বাহৰুখৰ শেহতীয়া ভিডিঅ’ই মুহিছে অনুৰাগীক ৷

মুম্বাই বিমানবন্দৰত শ্বাহৰুখ (ANI VIDEO)

মুম্বাই বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে শ্বাহৰুখ খানে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । অভিনেতাগৰাকীক তেওঁৰ পুৰণি ক্যুল লুকত দেখা গৈছে আৰু অনুৰাগীৰ তেওঁক দেখাৰ লগে লগে ‘ডন’লৈ মনত পৰিছে ।

গোপন ভ্ৰমণৰ পৰা মুম্বাইত উপস্থিত হৈছে বলীউডৰ পাঠান শ্বাহৰুখ খান । শ্বাহৰুখ খানক তেওঁৰ মেনেজাৰ পূজা দাদলানী আৰু দেহৰক্ষীৰ সৈতে মুম্বাই বিমানবন্দৰত দেখা গৈছে । শ্বাহৰুখ খানক এয়াৰপ’ৰ্টত চফল ডেকাৰ লুকত দেখা গ’ল । বিমানবন্দৰৰ পৰা শ্বাহৰুখৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত । শ্বাহৰুখৰ লুকক যথেষ্ট প্ৰশংসা কৰিছে শ্বাহৰুখৰ অনুৰাগীয়ে । শ্বাহৰুখে চুলি চুটিকৈ কটাৰ পিছত আকৌ এবাৰ অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে ।

বিমানবন্দৰত শ্বাহৰুখ খান

শ্বাহৰুখ খানে মুগা ৰঙৰ লেডাৰৰ জেকেট পিন্ধি থকা দেখা গৈছে । জেকেটৰ তলত, তেওঁ এটা ক'লা টি-চাৰ্ট আৰু ডেনিম জিনচ পিন্ধি আছে । গাঢ় ৰঙৰ ছানগ্লাচো পিন্ধি থাকে তেওঁ ৷ শ্বাহৰুখ খান বিমানবন্দৰৰ পৰা ওলাই আহে আৰু পাপাৰাজাজীৰ বাবে কোনো প’জ নিদিয়াকৈ তেওঁৰ গাড়ীৰ ফালে আগবাঢ়ি যায় ।

উৎফুল্লিত হৈ পৰে অনুৰাগী

এতিয়া শ্বাহৰুখ খানৰ অনুৰাগীয়ে এই ভিডিঅ'টোত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে । এজন অনুৰাগীয়ে লিখিছে, ‘দ্য অ’জি ডন, আপোনাক দেখিলেই সুখী অনুভৱ কৰো, কিং শ্বাহৰুখ খান, মই আপোনাক সদায় ভাল পাওঁ, আপুনি মোৰ গোটেই জীৱন । আন এজন অনুৰাগীয়ে লিখিছে, ‘এইজন হৈছে ডন । বলীউডৰ ৰজাৰ ৰাজকীয় প্ৰৱেশ ।’

শ্বাহৰুখ খানে আইফা বঁটা 2024 আঁত ধৰিব

শ্বাহৰুখ খানে তেওঁৰ বন্ধু কৰণ জোহৰৰ সৈতে অহা 27 ৰ পৰা 29 ছেপ্টেম্বৰলৈ আই আই এফ এ এৱাৰ্ডছ 2024 আঁত ধৰিব । আবুধাবিৰ ইয়েছ আইলেণ্ডত আয়োজন কৰা হ’ব আই আই এফ এ বঁটা ।

লগতে পঢ়ক : IIFA ৰ মঞ্চত শ্বাহৰুখ-কৰণৰ ভৰি স্পৰ্শ কৰিলে ৰাণা দগ্গুবাটিয়ে - Rana Daggubati touches SRK feet

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.