ETV Bharat / entertainment

কিয় ছলমানৰ বাসগৃহৰ বাহিৰত কৰা হৈছিল গুলীচালনা: আৰক্ষীয়ে কৰিলে প্ৰকাশ - Salman Khan House Firing Incident - SALMAN KHAN HOUSE FIRING INCIDENT

SALMAN KHAN HOUSE FIRING INCIDENT : বলীউড অভিনেতা ছলমান খানৰ বান্দ্ৰাৰ বাসগৃহৰ বাহিৰত গুলীচালনাৰ ঘটনাৰ ক্ষিপ্ৰগতিত তদন্ত অব্যাহত আছে ৷ শেহতীয়াকৈ মুম্বাই অপৰাধ শাখাই জানিবলৈ দিয়ে জেৰাত প্ৰকাশ কৰা অনুসৰি "ছলমান খানক ভয় খুৱাবলৈহে গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল, তেওঁক হত্যা কৰাৰ অভিপ্ৰায়েৰে নহয় ৷

SALMAN KHAN HOUSE FIRING INCIDENT
শ্বুটাৰদ্বয়ে অভিনেতাগৰাকীক ভয় খুৱাবলৈহে গুলীচালনা কৰিছিল, হত্যা কৰিবলৈ নহয়
author img

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 11:24 AM IST

চিটাৰা ডেস্ক, 18 এপ্ৰিল : বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনা কৰা ঘটনা সন্দৰ্ভত ধৃত অভিযুক্তদ্বয়ক জেৰা অব্যাহত ৰাখিছে মুম্বাই অপৰাধ শাখাই ৷ মুম্বাই অপৰাধ শাখাৰ বিষয়াসকলে বুধবাৰে কয় যে, গুলীচালনাৰ কৰা অভিযুক্তদ্বয়ৰ উদ্দেশ্য আছিল, কেৱল ছলমান খানক ভয় খুওৱাহে, তেওঁ হত্যা কৰাৰ কোনো পৰিকল্পনা নাছিল ৷

এই ঘটনাৰ পূৰ্বে অভিযুক্ত দুটাই পানভেলত থকা ছলমান খানৰ ফাৰ্মহাউছত ৰেকি কৰিছিল ৷ মুম্বাই অপৰাধ শাখাৰ এজন বিষয়াই কয়, "এই ঘটনাৰ সন্দৰ্ভত হাৰিয়ানা আৰু অন্যান্য ৰাজ্যৰ প্ৰায় ৭ জন লোকক সোধা-পোছাৰ বাবে মাতি অনা হৈছে । ঘটনা সন্দৰ্ভত অনুসন্ধান চলি আছে ।"

ইফালে, সূত্ৰই নিশ্চিত কৰিছে যে মুম্বাই অপৰাধ শাখাই অভিনেতাজনৰ বান্দ্ৰাৰ বাসগৃহৰ বাহিৰত গুলীচালনাৰ গোচৰৰ সাক্ষী হিচাপে ছলমান খানৰ মন্তব্য লিপিবদ্ধ কৰিব । এই ঘটনাটোৰ পিচত মুম্বাই আৰক্ষীৰ বিষয়াসকল ছলমান খানৰ ঘৰত উপস্থিত হোৱাৰ লগে লগে অভিনেতাজনে তেওঁৰ পৰিয়ালৰ সুৰক্ষা সম্পৰ্কে ক্ষোভ আৰু উদ্বেগ প্ৰকাশ কৰে বুলি জানিব পৰা গৈছে ৷ অভিনেতাগৰাকীয়ে মুম্বাই আৰক্ষীৰ নিৰাপত্তাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰি কয় যে, তেওঁলোকৰ বাসগৃহৰ বাহিৰত কটকটীয়া নিৰাপত্তাৰক্ষী নিযুক্তি থকাৰ স্বত্বেও এনে ঘটনা সংঘটিত হৈছে ।

উল্লেখ্য় যে, আৰক্ষীৰ পুংখানুপুংখ অনুসন্ধানৰ পিচত এই ঘটনাৰ লগত জড়িত দুজন লোকক আটক কৰিছিল মুম্বাই অপৰাধ শাখাই ৷ ভুজ আৰক্ষীয়ে দুই অভিযুক্ত শ্বুটাৰক আটক কৰি মুম্বাই আৰক্ষীক গতাই দিয়ে । দুয়ো শ্বুটাৰ ক্ৰমে বিকি গুপ্তা আৰু সাগৰ পাল ৷ দুয়োৰে ঘৰ বিহাৰত ৷ ইতিমধ্যে দুয়োকে ২৫ এপ্ৰিললৈকে মুম্বাই আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক: ছলমান খানৰ ঘৰত গুলীচালনা : কেনেকৈ, ক’ৰ পৰা পলায়ন কৰিছিল শ্বুটাৰদ্বয়ে? - Salman Khan House Firing Incident

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.