ETV Bharat / entertainment

পৱন কল্যাণৰ প্ৰাক্তন পত্নী আৰু দুই সন্তানক ট্ৰ’ল: খঙত টিঙিৰি তুলা ৰেণু দেশাই - Pawan Kalyan Renu Desai trolled

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 2:16 PM IST

Pawan Kalyan Renu Desai trolled : পৱন কল্যাণৰ প্ৰাক্তন পত্নী ৰেণু দেশাই আৰু দুই সন্তানক সামাজিক মাধ্যমত বেয়াকৈ ট্ৰ’ল কৰা হৈছে ৷ এই ট্ৰ’লৰ ফলত সঁচাকৈয়ে মানসিক স্থিতি সুস্থিৰ হৈ থকা নাই কাৰো ৷ এতিয়া এই ট্ৰ’লৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰেণুৱে কৈছে, ‘মনত ৰাখিব আপোনাৰো এটা পৰিয়াল আছে ।’

'Remember You Also Have a Family,' Says Pawan Kalyan's Ex-Wife Renu Desai to Trolls Attacking Her and Kids
পৱন কল্যাণৰ পৰিয়াল ((Renu Desai Instagram handle))

চিটাৰা ডেস্ক, 26 জুন : পৱন কল্যাণৰ প্ৰাক্তন পত্নী ৰেণু দেশাইক ছ'চিয়েল মিডিয়াত বিভিন্ন মিম হেণ্ডেলৰ দ্বাৰা ট্ৰ'ল কৰা হৈছে । সহ্যৰ সীমা পাৰ হৈ যোৱাত অৱশেষত দেশাইয়ে এটা দীঘলীয়া ইনষ্টাগ্ৰাম পোষ্টত এই ঘৃণাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

পৱন কল্যাণৰ প্ৰাক্তন পত্নী ৰেণু দেশাই আৰু তেওঁৰ সন্তান আদ্য আৰু আকিৰাক বিগত কিছুদিন ধৰি ট্ৰ’ল কৰি থকা হৈছে । এতিয়া ৰেণুৱে ইনষ্টাগ্ৰামৰ জৰিয়তে এই ঘৃণা বিয়পোৱা ছ’চিয়েল মিডিয়া পেজবোৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । পৱন কল্যাণৰ পত্নী আন্না লেঝনেভা আৰু সন্তান আদ্য আৰু আকিৰাৰ এখন ফটো ভাইৰেল হোৱাৰ পিচতে ৰেণুক লক্ষ্য কৰি লয় সমালোচনাকাৰীসকল ।

দৰাচলতে মিম পেজ চলোৱাসকলে ৰেণু দেশাইয়ে এখন ফটো ক্ৰপ কৰি পোষ্ট কৰিছিল বুলি অভিযোগ আনে ৷ ফটোখনত পৱন কল্যাণ তেওঁৰ পত্নী আন্না লেঝনেভা আৰু ৰেণুৰ সৈতে তেওঁৰ দুই সন্তান আছিল ৷ সেই কথাটোতে ট্ৰ’ল কৰাৰ বাবে ৰেণুৱে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে যে মানুহ কেনেকৈ ইমান সংবেদনহীন জীৱলৈ বিকশিত হ’ব পাৰিছে ?

লগতে পঢ়ক : বিশেষ দিনত প্ৰাক্তন পত্নীৰ শুভেচ্ছা: সন্তানো সাজু - Renu Desai wishes Pawan Kalyan

ৰেণুৰ পোষ্টটোত লিখা আছিল : আপোনালোক সকলো ভয়ংকৰ অসংবেদনশীল মানুহ, যিয়ে মিম বনাইছে আৰু কৌতুক কৰিছে যে মই এই ছবিখন কেনেকৈ ক্ৰপ কৰি পোষ্ট কৰিছো, অনুগ্ৰহ কৰি মনত ৰাখিব আপোনাৰো এটা পৰিয়াল আছে । আজি পুৱা মোৰ ছোৱালীজনীয়ে বহুত কান্দিলে যেতিয়া তাই ইনষ্টাগ্ৰাম এক্সপ্লোৰ পেজত এটা জঘন্য মিম পেজে তাইৰ মাকক ঠাট্টা কৰা দেখা পায় । চেলেব্ৰিটী আৰু ৰাজনীতিবিদৰ পৰিয়ালক উপহাস কৰা আপোনালোক সকলোৱে এবাৰ মনত ৰাখিব যে আপোনালোকৰ ঘৰতো মাক, ভনীয়েক আৰু ছোৱালী আছে ।"

তেওঁ লগতে আৰু কয়, "মোৰ ছোৱালীয়ে আজি যি কষ্ট অনুভৱ কৰিলে, তাইৰ চকুপানীয়ে আপোনালোকক কেনেকৈ বেয়া কৰ্ম দিব মনত ৰাখিব । মনত ৰাখিব যে পলিনা আৰু মাৰ্কো সংবেদনহীন মন্তব্য আৰু মিমৰ দ্বাৰা প্ৰভাৱিত হ’ব । আপোনালোক মিম পেজ চলোৱাসকল ভয়ংকৰ ভয়ংকৰ মানুহ আৰু আপোনালোকেও নিজৰ ওপৰত মাতৃৰ এই অভিশাপ কঢ়িয়াই লৈ ফুৰিব ।"

ভাইৰেল ছবিখনত অভিনেতা-ৰাজনীতিবিদ পৱনক এটা ক্লাছিক বগা কুৰ্তা-পাজামাত দেখা গৈছে । তেওঁৰ পত্নী আন্নাই এখন সুন্দৰ কপাহী শাৰী পিন্ধিছে । তেওঁৰ পুত্ৰ আকিৰাই পৰম্পৰাগত ৰঙা চাৰ্ট আৰু ভেষ্টি পিন্ধাৰ বিপৰীতে তেওঁৰ ছোৱালী আদ্যক বেঙুনীয়া কুৰ্তা পিন্ধা দেখা যায় ।

এই আৱেগিক পাৰিবাৰিক মুহূৰ্তটো ১২ জুনত চন্দ্ৰবাবু নাইডুৰ শপত গ্ৰহণৰ সময়ত কেমেৰাত বন্দী কৰা হৈছিল, য’ত কেইবাজনো উচ্চ পদস্থ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল । পৱন কল্যাণে নাইডুৰ মন্ত্ৰীসভাত উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা পৱনে ২০২৪ চনৰ অন্ধ্ৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত পিঠাপুৰম আসনৰ পৰা বিপুল ব্যৱধানত জয়লাভ কৰে ।

লগতে পঢ়ক : পত্নী আন্না লেঝনেভা-চিৰঞ্জীৱীৰ সন্মুখত পৱন কল্যাণৰ শপত গ্ৰহণ - Pawan Kalyan Oath Ceremony

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.