ETV Bharat / entertainment

বলীউড তাৰকা উভতিল দ্বিতীয় প্ৰি-ৱেডিঙৰ পৰা; এতিয়া বিয়াৰ বাবে সাজু হোৱাৰহে কথা - anant radhika wedding

author img

By ETV Bharat Entertainment Team

Published : Jun 3, 2024, 10:54 AM IST

Anant Radhika pre wedding : অন্ত পৰিল দুটাকৈ প্ৰি-ৱেডিঙৰ ৷ জুলাইত হ’বলৈ গৈ আছে বহু প্ৰতীক্ষিত বিয়াখন ৷ বিলাসী ক্ৰুজত প্ৰি-ৱেডিং পাৰ্টী কৰি বিদেশৰ পৰা উভতি আহিল বলীউড তাৰকাসকল ৷ চাওক ভিডিঅ’-

Watch: Ranbir Kapoor, Alia Bhatt, Raha return after Anant Ambani-Radhika Merchant's pre-wedding bash; Salman Khan Spotted at Mumbai Airport
বিদেশৰ পৰা উভতি আহিল বলীউড তাৰকা (etv bharat)

চিটাৰা ডেস্ক, 3 জুন : অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ দ্বিতীয়টো প্ৰি-ৱেডিং অনুষ্ঠানত অংশগ্ৰহণ কৰি কিছুসময় পূৰ্বে মুম্বাইত উপস্থিত হয় বলীউডৰ তাৰকাযুটি আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ ৷ লগতে কন্যা ৰাহা পৰিলক্ষিত হয় । এনিমেল তাৰকাগৰাকীয়ে ৰাহাক কোলাত লৈ থকা দেখা গৈছে, আনহাতে ৰাহাৰ লগত কথা-বতৰা পাতি থকা আলিয়াক উজ্জ্বল ৰূপত দেখা গৈছে ।

প্ৰি-ৱেডিঙৰ পৰা উভতি অহাৰ ভিডিঅ’ (ANI)

অনন্ত আৰু ৰাধিকাই বিবাহৰ পূৰ্বে ক্ৰুজ পাৰ্টীৰ আয়োজন কৰে যি ২৯ মে’ৰ পৰা আৰম্ভ হৈ ১ জুনত অন্ত পৰে । ২ জুনত ছলমান খানো মুম্বাইলৈ উভতি আহে ।

এই বছৰতে বিয়াত বহিব অনন্ত আৰু ৰাধিকা ৷ মাৰ্চ মাহত জামনগৰত প্ৰথমটো প্ৰি-ৱেডিং অনুষ্ঠান আয়োজন কৰাৰ পাচত এতিয়া আয়োজন কৰিছিল ক্ৰুজ পাৰ্টীৰ ৷ এই চাৰিদিনীয়া পাৰ্টীত অংশ লৈ উভতি আহিছে ছলমান খান ৷ টাইগাৰ ৩ ৰ অভিনেতাজনক মুম্বাইৰ ভিআইপি বিমানবন্দৰত তেওঁৰ দেহৰক্ষী আৰু নিৰাপত্তা বিষয়াৰ সৈতে ঘৰলৈ যাত্ৰা কৰা দেখা যায় ।

অভিনেতাজনে নীলা জিন্স আৰু বগা চাৰ্টৰ ওপৰত ধূসৰ ৰঙৰ হাফ জেকেট পিন্ধি এক অত্যাধুনিক চেহেৰা বজাই ৰখা দেখা গৈছে । বিমানবন্দৰত উপস্থিত হৈয়ে তেওঁ টুপী পিন্ধি নিজৰ বিলাসী গাড়ীৰ সন্মুখৰ চিটত খৰখেদাকৈ বহিবলৈ যায় ।

লগতে পঢ়ক : এখন বিশেষ বিয়া : দুটাকৈ প্ৰি-ৱেডিঙৰ অনুষ্ঠানৰ সৈতে ঘোষণা কৰিলে তাৰিখ - anant radhika wedding

ৰণবীৰ, আলিয়া আৰু খানৰ উপৰিও এম এছ ধোনী, ছাৰা আলী খান, ইব্ৰাহিম আলী খান, শ্বানায়া কাপুৰ, ৰণবীৰ সিং, অনন্যা পাণ্ডে আদিকে ধৰি আন অসংখ্য চেলেব্ৰিটীয়ে অনন্ত আৰু ৰাধিকাৰ দ্বিতীয় প্ৰি-বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰে বুলি জানিব পৰা গৈছে । এই ইভেণ্টত ইটালীৰ পৰা প্ৰায় আঠশ লোকে এখন বিলালী ক্ৰুজত উঠি ফ্ৰান্সলৈ যাত্ৰা কৰে ।

তেওঁলোকক আদৰিবলৈ আড়ম্বৰপূৰ্ণ ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিচত "ষ্টাৰী নাইট" উদযাপন কৰা হয় । পিছদিনা চেলেব্ৰিটীসকলে "এ ৰোমান হলিডে" উপভোগ কৰি ৰোমত ঘূৰি ফুৰি সন্ধিয়া টোগা পাৰ্টীত অংশ লয় । তেওঁলোক সকলোৱে ৩১ মে'ত আকাশ আৰু শ্লোকা আম্বানীৰ জীয়ৰী বেদাৰ প্ৰথম জন্মদিন উদযাপন কৰে । এইটো প্ৰি-ৱেডিং অনুষ্ঠানতে আম্বানী পৰিয়ালে অনন্ত আৰু ৰাধিকাই 12 জুলাই, 2024 ত বিবাহপাশত আৱদ্ধ হ'ব বুলি ঘোষণা কৰে ।

লগতে পঢ়ক : অনন্ত-ৰাধিকাৰ দ্বিতীয় প্ৰি-ৱেডিং: গুৰু ৰন্ধৱাৰ গীতত কঁকাল ভাঙিলে ৰণবীৰ-বীৰ পাহৰিয়াই - ANANT RADHIKA CRUISE PRE WEDDING

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.