ETV Bharat / entertainment

জীৱন্ত ৰাসে প্ৰাণৱন্ত কৰি তুলিলে নলবাৰী - RAAS FESTIVAL

কৃষ্ণ বন্দনাৰে মুখৰ হৈ পৰিছে নলবাৰীৰ পবিত্ৰ শ্ৰীশ্ৰী হৰিমন্দিৰ চৌহদ । ষষ্ঠ দিনা 'ৰাস মধুৰম' শীৰ্ষক জীৱন্ত ৰাস প্ৰদৰ্শন ।

Rasleela is screened on the sixth day of Nalbari Raas Mahotsav
জীৱন্ত ৰাসে প্ৰাণৱন্ত কৰি তুলিলে নলবাৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 21, 2024, 7:04 PM IST

নলবাৰী: ক্ৰমশঃ প্ৰাণচঞ্চল হৈ পৰিছে নলবাৰীৰ ৯১ সংখ্যক পবিত্ৰ শ্ৰীশ্ৰী হৰি মন্দিৰ ৰাস মহোৎসৱ । শৰতৰ চন্দ্ৰাৱলী নিশা কৃষ্ণ বন্দনাৰে মুখৰ হৈ পৰিছে উত্তৰ পূৱ ভাৰতৰ ধৰ্মীয় অনুষ্ঠান নলবাৰীৰ পবিত্ৰ শ্ৰীশ্ৰী হৰি মন্দিৰৰ চৌপাশ ।

ৰাস মহোৎসৱৰ ষষ্ঠ দিনা বুধবাৰে প্ৰাণৱন্ত হৈ উঠিল নলবাৰী ৰাস মহোৎসৱ । মৃন্ময় মূৰ্তিপ্ৰধান নলবাৰী ৰাসৰ লগত বিগত দুবছৰৰ দৰে এইবেলিও সংযোজন ঘটোৱা জীৱন্ত ৰাসে দিলে অনন্য মাত্ৰা ।

জীৱন্ত ৰাসে প্ৰাণৱন্ত কৰি তুলিলে নলবাৰী (ETV Bharat Assam)

নলবাৰীৰ স্থানীয় শিল্পীসকলৰ অভিনয়েৰে 'ৰাস মধুৰম' শীৰ্ষক এই জীৱন্ত ৰাস উপভোগ কৰিবলৈ লোকাৰণ্য হৈ পৰিল হৰি মন্দিৰ চৌহদ । মাজুলীৰ আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে শুভ উদ্বোধন কৰা এই জীৱন্ত ৰাস উপভোগ কৰিলে সাংসদ দিলীপ শইকীয়া আৰু বিজুলী কলিতা মেধিয়ে ।

উজনিৰ দৰে নামনিতো জীৱন্ত ৰাসৰ সমাহাৰ দেখি আপ্লুত আটাইকেইগৰাকী অতিথি । সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীও মৃন্ময় মূৰ্তিপ্ৰধান ৰাস মহোৎসৱখনিত মানুহৰ দ্বাৰা অভিনীত ৰাস উদ্বোধন কৰিবলৈ পাই যথেষ্ট সুখ ব্যক্ত কৰে সংবাদ মাধ্যমৰ আগত । মাজুলীৰ নিচিনাকৈ নলবাৰীতো একেই ভক্তৰ সমাগমৰ লগতে জীৱন্ত ৰাসৰ সমাহাৰক লৈ মাজুলীয়েই নলবাৰী আৰু নলবাৰীয়েই মাজুলী বুলি মন্তব্য কৰে সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে । এই মহা আয়োজনৰ বাবে ৰাস সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক ধন্যবাদ জনাই সত্ৰাধিকাৰগৰাকীয়ে ।

ইফালে সত্ৰাধিকাৰগৰাকীক কাষত পাই আনন্দিত হৈ পৰে নলবাৰীবাসী । জীৱন্ত ৰাস উপভোগ কৰি এক অনাবিল আনন্দ লাভ কৰে শ্ৰীশ্ৰী হৰি মন্দিৰ ৰাস মহোৎসৱস্থলীত উপস্থিত ৰাইজে ।

লগতে পঢ়ক: মোমায়েকৰ অট্টহাস্যয়ো কন্দুৱাব নোৱাৰিলে: কংসৰ ভাগিনৰ চৰিত্ৰত এটি চাৰিমহীয়া শিশু

অখিল গগৈৰ কথাক মিঞাই গুৰুত্ব দিয়ে: দিলীপ শইকীয়া

কি বিশেষত্ব লুকাই আছে অসমৰ ৰাসোৎসৱত ? কেনেকৈ হৈছিল ৰাসোৎসৱৰ আৰম্ভণি: চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.