ETV Bharat / entertainment

আকৌ সলনি হ’ল ‘পুষ্পা ২’ ৰ মুক্তিৰ তাৰিখ

দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুন অভিনীত আটাইতকৈ প্ৰতীক্ষিত ছবি ‘পুষ্পা ২’ সম্পূৰ্ণ হৈ উঠিছে, কিন্তু পুনৰ তাৰিখ সলনি হ’ল মুক্তিৰ ।

Pushpa 2 gets new release date Allu Arjun's Film to rule on 5 December 2024
পুষ্পা ২ (Photo : Movie Poster)
author img

By ETV Bharat Entertainment Team

Published : 3 hours ago

হায়দৰাবাদ : ২০২৪ বৰ্ষৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘পুষ্পা ২ দ্য ৰুল’ৰ বাবে অপেক্ষা কৰি থকা অনুৰাগীসকললৈ আহিল এটা নতুন খবৰ । ‘পুষ্পা ২’ ৰ মুক্তিৰ তাৰিখ পুনৰ সলনি হ’ল ৷ অৱশ্যে পিছুৱাই দিয়াৰ সলনি তাৰিখ আগহে বাঢ়িল ছবিখনৰ ৷ পূৰ্বে ২০২৪ চনৰ ৬ ডিচেম্বৰত মুক্তি পাবলগীয়া ‘পুষ্পা ২’ ছবিখন এতিয়া ৬ ডিচেম্বৰৰ পূৰ্বেই মুক্তি পাবলৈ ওলাইছে । আজি হায়দৰাবাদত ‘পুষ্পা ২’ ৰ নিৰ্মাতাসকলে এক গ্ৰেণ্ড নেশ্যনেল সংবাদমেলত ‘পুষ্পা ২’ৰ নতুন মুক্তিৰ তাৰিখ ঘোষণা কৰে । জানি লওক আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দান্না অভিনীত ছবি ‘পুষ্পা ২’ কেতিয়া মুক্তি পাব ।

কেতিয়া মুক্তি পাব পুষ্পা ২ ?

আজিৰ সংবাদমেলতেই ‘পুষ্পা ২’ ৰ নিৰ্মাতা মৈত্ৰী মুভিজ মেকাৰে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম আৰু এক্স হেণ্ডেলত ‘পুষ্পা ২’ ৰ নতুন মুক্তিৰ তাৰিখ ঘোষণা কৰিছে । ‘পুষ্পা ২’ ৰ নতুন মুক্তিৰ তাৰিখ ঘোষণা কৰাৰ লগে লগে আল্লু অৰ্জুনৰ অনুৰাগীসকলৰ মুখত হাঁহি বিৰিঙি পৰিছে । ‘পুষ্পা ২’ আগতে ২০২৪ চনৰ ৬ ডিচেম্বৰত মুক্তি পাবলগীয়া আছিল আৰু এতিয়া ‘পুষ্পা ২’ তাৰ এদিন আগতে অৰ্থাৎ ৫ ডিচেম্বৰত মুক্তি পাবলৈ ওলাইছে ।

‘পুষ্পা ২’ ৰ নিৰ্মাতাসকলে আল্লু অৰ্জুনৰ অনুৰাগীসকলক এই ভাল খবৰটো দি লিখিছে, “এতিয়া উদযাপন এদিন আগতে আৰম্ভ হ’ব, বক্স অফিচ এদিন আগতে বিস্ফোৰণ হ’ব, ৰেকৰ্ডটো এদিন আগতে নিৰ্মাণ কৰা হ’ব, পুষ্পাৰাজে এদিন আগতে শাসন কৰিবলৈ আহি আছে, আটাইতকৈ ডাঙৰ ভাৰতীয় ছবি পুষ্পা ২ এতিয়া ৫ ডিচেম্বৰত বিশ্বজুৰি মুক্তি পাব ।”

পুষ্পা ২ ৰ শ্বুটিং

পুষ্পা ২ ৰ পৰিচালক সুকুমাৰে অলপতে এনিমেলখ্যাত অভিনেতা সৌৰভ সচদেৱ, ফাহাদ ফাচিল আৰু ব্ৰহ্মাৰ সৈতে পুষ্পা ২ চলচ্চিত্ৰখনৰ এটা অনুসূচী সম্পূৰ্ণ কৰিছে । এই অনুসূচীৰ পৰা নিশ্চিত কৰা হয় যে এনিমেলখ্যাত অভিনেতা সৌৰভ সচদেৱে নিশ্চিতভাৱে পুষ্পা ২ চলচ্চিত্ৰত প্ৰৱেশ কৰিছে । আনহাতে নৱেম্বৰৰ ভিতৰত পুষ্পা 2 ৰ বাকী থকা শ্বুটিং সমাপ্ত কৰাৰ পৰিকল্পনা কৰিছে নিৰ্মাতাই ।

ডিচেম্বৰৰ 6 তাৰিখে বিকী কৌশল আৰু ৰশ্মিকা মান্দন্না অভিনীত ছবি চাভাই মুক্তি পাব । পুষ্পাৰ তাৰিখ সলনিৰ পিছতে এতিয়া বক্স অফিচত আটাইতকৈ চৰ্চিত পুষ্পা 2 আৰু চাভাৰ সংঘাতৰ অন্ত পৰিছে ।

লগতে পঢ়ক : ‘পুষ্পা ২’ ৰ নিৰ্মাতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ ভাবুকি - Pushpa 2 the Rule New Release Date

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.