ETV Bharat / entertainment

বিশেষ দিনত প্ৰাক্তন পত্নীৰ শুভেচ্ছা: সন্তানো সাজু - Renu Desai wishes Pawan Kalyan

author img

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 2:12 PM IST

Renu Desai wishes Pawan Kalyan: অভিনেতা-ৰাজনীতিবিদ পৱন কল্যাণে পিঠাপুৰম বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পিচত শপত গ্ৰহণ কৰে । তেওঁৰ প্ৰাক্তন পত্নী ৰেণু দেশাইয়ে ছ’চিয়েল মিডিয়াত তেওঁলোকৰ সন্তানে অনুষ্ঠানত উপস্থিত থাকিবলৈ সাজু হোৱাৰ ভিডিঅ’ শ্বেয়াৰ কৰি অন্ধ্ৰ প্ৰদেশ আৰু সমাজক লাভান্বিত কৰাৰ প্ৰচেষ্টাত কল্যাণক শুভেচ্ছা জনাইছে ।

Renu Desai wishes Pawan Kalyan
প্ৰাক্তন পত্নী ৰেণু দেশাইৰ শুভেচ্ছা বাৰ্তা (ETV Bharat)

চিটাৰা ডেস্ক, 12 জুন : শেহতীয়াকৈ পিঠাপুৰম বিধানসভা নিৰ্বাচনত জয়ী হোৱা অভিনেতা-ৰাজনীতিবিদ পৱন কল্যাণে ১২ জুনত অন্ধ্ৰপ্ৰদেশৰ অমৰাৱতীত বিশিষ্ট ৰাজ্যিক তথা ৰাষ্ট্ৰীয় নেতা, বন্ধু আৰু পৰিয়ালৰ সদস্যৰ উপস্থিতিত শপত গ্ৰহণ কৰে ।

এই বিশেষ দিনটোত তেওঁৰ প্ৰাক্তন পত্নী, অভিনেত্ৰী-পৰিচালক ৰেণু দেশাইয়ে ছ'চিয়েল মিডিয়াত তেওঁলোকৰ সন্তান আকিৰা আৰু আদ্যই সাজ-পোছাক পৰিধান কৰি অনুষ্ঠানটোত উপস্থিত থাকিবলৈ সাজু হোৱা এটা ভিডিঅ' পোষ্ট কৰে ।

ৰেণু দেশাইয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা হৃদয়স্পৰ্শী ভিডিঅ’ শ্বেয়াৰ কৰে, য’ত এফালে মাকে ভিডিঅ’ কলত তেওঁলোকৰ সন্তানক পিতৃৰ বিশেষ দিনটোৰ বাবে সাজু হৈ থকা দেখি আপ্লুত হৈ পৰিছে ৷ তেওঁ প্ৰাক্তন স্বামী পৱন কল্যাণক তেওঁৰ জীৱনৰ বিশেষ দিনটোত শুভেচ্ছা জ্ঞাপন কৰি অন্ধ্ৰপ্ৰদেশ আৰু ইয়াৰ জনসাধাৰণৰ বাবে ইতিবাচক পৰিৱৰ্তন আনিব বুলি আশা প্ৰকাশ কৰে ।

ৰেণুৱে কেপশ্যনত লিখে, "আৰু এনেদৰেই মোৰ কিউটিয়ে ভিডিঅ' কলৰ জৰিয়তে তেওঁলোকৰ নানাৰ বিশেষ দিনটোৰ বাবে সাজু হয় । পৱন কল্যাণক ৰাজ্য আৰু সমাজৰ বাবে ভাল কাম কৰাৰ বাবে থকা ইচ্ছাৰ প্ৰতি বহুত শুভেচ্ছা জনাইছো ।"

ভিডিঅ'টোত ভাতৃ-ভগ্নী দুয়োকে পিতৃৰ বিশেষ দিনটোৰ বাবে সাজু হোৱা দেখা যায় ৷ আকিৰাই পাঞ্চেৰ সৈতে ৰঙা কুৰ্তা পিন্ধে, আনহাতে আদ্যই এটা সৰল সুন্দৰ বেঙুনীয়া চুৰিদাৰ পৰিধান কৰে । দুয়োৰে মুখত গৌৰৱবোধ জিলিকি উঠিছিল ।

এয়া প্ৰথমবাৰৰ বাবে নহয় যে, ৰেণু দেশাইয়ে তেওঁৰ সন্তান আৰু বিশিষ্ট ৰাজনৈতিক ব্যক্তিসকলৰ সৈতে জড়িত বিশেষ মুহূৰ্ত শ্বেয়াৰ কৰিছে । কেইদিনমান আগতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আকিৰাৰ এখন ফটো পোষ্ট কৰিছিল । এগৰাকী গৌৰৱান্বিত মাতৃ হিচাপে ৰেণু দেশাইয়ে তেওঁৰ পুত্ৰই প্ৰধানমন্ত্ৰীক লগ পোৱা দেখি আনন্দিত হৈছিল ৷ তেওঁ বিজেপি আৰু মোদীৰ প্ৰশংসাও কৰে ৷

লগতে পঢ়ক : পত্নী আন্না লেঝনেভা-চিৰঞ্জীৱীৰ সন্মুখত পৱন কল্যাণৰ শপত গ্ৰহণ - Pawan Kalyan Oath Ceremony

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.