ETV Bharat / entertainment

পেৰিছ অলিম্পিক 2024 ত নীতা আম্বানীৰ নৃত্যই লাভ কৰিছে বিশেষ চৰ্চা - Nita Ambani Paris Olympics 2024

author img

By ETV Bharat Entertainment Team

Published : Jul 29, 2024, 5:24 PM IST

Updated : Jul 29, 2024, 7:45 PM IST

Nita Ambani Paris Olympics 2024: পুত্ৰৰ বিয়াৰ বাতৰিৰে চৰ্চাত থকা নীতা আম্বানীয়ে হেপাহ পলুৱাই নাচিলে পেৰিছ অলিম্পিক 2024 ত ৷ উক্ত অনুষ্ঠানৰ পৰা এতিয়া নীতা আম্বানীৰ নৃত্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ৷

Paris Olympics 2024 Nita Ambani danced Bhangra with the visitors, watch viral video
নীতা আম্বানী (ANI)

চিটাৰা ডেস্ক, 29 জুলাই : পেৰিছ অলিম্পিক 2024 ৰ পৰা নীতা আম্বানীৰ এটা বিশেষ ভিডিঅ' পোহৰলৈ আহিছে । এই ভিডিঅ’টোত নীতা আম্বানীক নৃত্য কৰা দেখা গৈছে । সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে তেওঁৰ এই ভিডিঅ'টো ।

মুকেশ আৰু নীতা আম্বানীয়ে পেৰিছ অলিম্পিক 2024 উপভোগ কৰিবলৈ গৈছে ৷ তাত এটা বিশেষ উদ্বোধনী অনুষ্ঠানত নীতা আম্বানীয়ে নিজৰ নৃত্যৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ আম্বানী দম্পতীৰ নৃত্যৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । এই ভাইৰেল ভিডিঅ'টোত মানুহে ৰস পাইছে নীতা আম্বানীৰ ভাংৰা দেখি । এই বিশেষ মুহূৰ্তটো কেমেৰাত বন্দী কৰা হৈছে ।

এগৰাকী কণ্টেণ্ট ক্ৰিয়েটৰে পেৰিছ অলিম্পিকৰ পৰা নীতা আম্বানীৰ এটা নতুন ভিডিঅ' ইনষ্টাগ্ৰাম হেণ্ডেলত পোষ্ট কৰিছে । নিমন্ত্ৰণৰ বাবে তেওঁক ধন্যবাদ জনোৱাৰ সময়ত তেওঁ শিৰোনামটোত লিখে, 'তেওঁ সঁচাকৈয়ে আমাক তেওঁৰ সৈতে নাচিবলৈ আমন্ত্ৰণ জনাইছিল । সঁচাকৈয়ে এগৰাকী মিঠা ব্যক্তি । এইটো পাৰ্ক ডি লা ভিলেটত ইণ্ডিয়া হাউচৰ এটা সুন্দৰ উদ্বোধনী অনুষ্ঠান আছিল । ৰিলায়েন্স ফাউণ্ডেশ্যন আৰু এন এম এচি ইণ্ডিয়াৰ আশ্চৰ্যজনক ছেটআপ । আমন্ত্ৰণৰ বাবে জিঅ' ফ্ৰান্সক ধন্যবাদ ।"

ভাইৰেল ভিডিঅ'টোত, নীতা আম্বানীক এখন ধুনীয়া গুলপীয়া ৰঙৰ শাৰীত দেখা গৈছে । তেওঁ অলিম্পিকলৈ অহা দৰ্শনাৰ্থীসকলৰ সৈতে ভাংৰা নৃত্য কৰে আৰু এই বিশেষ মুহূৰ্তটো উপভোগ কৰে । তেওঁক বিখ্যাত ট্ৰেক 'গল বন গয়ি' আৰু 'শ্ৰী গণেশা দেৱা'ত নৃত্য কৰা দেখা গৈছে ।

পেৰিছ অলিম্পিকৰ দৰ্শনীয় মুকলি অনুষ্ঠানৰ পিচত এটা কথাই সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰে আৰু সেয়া আছিল অলিম্পিকৰ প্ৰথমটো দেশীয় ঘৰ ইণ্ডিয়া হাউচ । এইবাৰ অলিম্পিকত ভাৰতৰ নিজা ঘৰ । বিচিচিআইৰ সম্পাদক জয় শ্বাহ আৰু আই অ’ চিৰ সদস্যসকলে ইণ্ডিয়া হাউচৰ মুকলি সভাত অংশগ্ৰহণ কৰে । এই ঘৰটো ৰিলায়েন্স ফাউণ্ডেশ্যনে নিৰ্মাণ কৰিছে ।

ৰিলায়েন্স ফাউণ্ডেশ্যনে ইয়াক পাৰ্ক অফ নেশ্যনছৰ পাৰ্ক ডি লা ভিলেটত নিৰ্মাণ কৰিছে । দৈনিক কাৰ্যসূচী, পেনেল আলোচনা, পদক উদযাপন, পাৰ্টী আদি অনুষ্ঠান এই ঘৰতে অনুষ্ঠিত হ’ব । 27 জুলাইৰ পৰা মুকলি হৈছে ইণ্ডিয়া হাউচৰ গেট আৰু 11 আগষ্টলৈকে পুৱা 11 বজাৰ পৰা নিশা 11 বজালৈ দৰ্শনাৰ্থীৰ বাবে খোলা থাকিব ইণ্ডিয়া হাউচ ।

লগতে পঢ়ক : পেৰিছ অলিম্পিকলৈ যোৱা ভাৰতীয় খেলুৱৈসকললৈ চেলেব্ৰিটীৰ সৰ্মথন - Celebrities Cheer on Athletes

Last Updated : Jul 29, 2024, 7:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.