ডিব্ৰুগড়, ২৮ এপ্ৰিল: সদৌ ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত চৌকিডিংগী খেলপথাৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত হয় কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন । কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনক কেন্দ্ৰ কৰি উদুলি-মুদুলি হৈ পৰে চৌকিডিংগী খেলপথাৰ । এইবাৰ ৰঙালী বিহুৰ সন্মিলনত চাৰিগৰাকী বিশিষ্ট শিল্পী ক্রমে চৈয়দ ছাদুল্লা, ৰাজেন গোঁহাই, হীৰেন গোঁহাই আৰু প্ৰশান্ত বৰদলৈক 'ডিব্ৰু সন্মান বঁটা' প্ৰদান কৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই ।
অনুষ্ঠানৰ শেষৰ দিনা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন সামৰণি অনুষ্ঠানত অংগৰাগ পাপন মহন্তৰ সুৰৰ মায়াজালত মতলীয়া হ'ল হাজাৰ হাজাৰ অনুৰাগী । শনিবাৰৰ নিশাটো ডিব্ৰুগড় চহৰ হৈ পৰিল পাপনময় । শান্তিপূৰ্ণভাৱে হাজাৰ হাজাৰ অনুৰাগীয়ে অংগৰাগ পাপন মহন্তৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিলে পুৱতি নিশালৈকে । কিছু ভাল লগা কথাৰ মাজেৰে এটাৰ পাচত আন এটা জনপ্ৰিয় গীত গাই উপস্থিত অনুৰাগীসকলক মন্ত্ৰমুগ্ধ কৰিলে পাপনে ।
উল্লেখযোগ্য যে, সদৌ ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ উদ্যোগত চৌকিডিংগী খেলপথাৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সামৰণি দিনটোত অংগৰাগ পাপন মহন্তৰ সাংস্কৃতিক অনুষ্ঠানৰ পূৰ্বে অনুষ্ঠিত হৈছিল মুকলি সভা । এই মুকলি সভাত অসমৰ সংবাদ মাধ্যম আৰু সংবাদ পত্ৰৰ সম্পাদক, জ্যেষ্ঠ সাংবাদিকৰ উপস্থিতিৰ লগতে নেছ'ৰ বিষয়ববীয়াসহ অসমৰ জাতি জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।
লগতে এই কেন্দ্ৰীয় বিহু সন্মিলনত তৃতীয় দিনা জনপ্ৰিয় গীত গাই হাজাৰ হাজাৰ ৰাইজক পুৱতি নিশালৈকে নচুৱাইছিল জুবিন গাৰ্গে । মুঠৰ ওপৰত আছুৰ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত তৃতীয় দিনা ডিব্ৰুগড়ৰ ৰাইজ জুবিন গাৰ্গৰ মায়াবী কন্ঠত মতলীয়া হোৱা পাচত সামৰণি দিনটোত অংগৰাগ পাপন মহন্তৰ সুৰৰ মায়াজালত বন্দী হ'ল ডিব্ৰুগড়ত হাজাৰ হাজাৰ সংগীত অনুৰাগী ।
লগতে পঢ়ক: জুবিনৰ মায়াবী কন্ঠত মতলীয়া ডিব্ৰুগড়ৰ হাজাৰ হাজাৰ অনুৰাগী - Zubeen Garg Bihu Program