ETV Bharat / entertainment

অভিনেত্ৰীৰ জীৱন কাহিনী সোমাল পাঠ্যক্ৰমত, ক্ষুব্ধ অভিভাৱক - tamannaah bhatia in textbook

Tamannaah Bhatia in textbook: সপ্তম শ্ৰেণীত পাঠ্যপুথিৰ এটা অধ্যায়ত পঢ়ুওৱা হৈছে এগৰাকী অভিনেত্ৰীৰ বিষয়ে ৷ খঙত একো নাই হৈ অভিভাৱকে দাখিল কৰিলে অভিযোগ ৷

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 4:31 PM IST

outrage at bengaluru school over textbook with a lesson on tamannaah bhatia
তামান্না ভাটিয়া (ETV Bharat)

চিটাৰা ডেস্ক, 28 জুন : ৰূপালী পৰ্দাৰ এগৰাকী মোহময়ী অভিনেত্ৰী, বিশ্বজুৰি যাৰ আছে অসংখ্য অনুৰাগী, সেইগৰাকী অভিনেত্ৰীয়ে এতিয়া ঠাই পালে স্কুলীয়া পাঠ্যক্ৰমত ৷ কিন্তু এই লৈ সৃষ্টি হৈছে বিতৰ্কৰ ৷ অসন্তুষ্টি প্ৰকাশ কৰিছে অভিভাৱকসকলে ৷ এই ঘটনা সংঘটিত হৈছে বেংগালুৰুত ৷

অভিনেত্ৰী তামান্না ভাটিয়াৰ এটা অধ্যায় পঢ়ুওৱা হৈছে বেংগালুৰুৰ এখন বিদ্যালয়ত । অভিভাৱকসকলে বিষয়টো গুৰুত্ব সহকাৰে লৈছে আৰু অভিযোগ দাখিল কৰিছে ৷ ভাৰতীয় চিনেমাৰ অন্যতম সুন্দৰ অভিনেত্ৰী তামান্না ভাটিয়া তেওঁৰ সাহসিকতাৰ বাবে বিখ্যাত । তামান্নাক লাষ্ট ষ্ট’ৰীজত অতি অন্তৰংগ দৃশ্যত দেখা গৈছিল । সেই তামান্নাই এতিয়া কিতাপ এখনৰ এটা অধ্যায়ৰ অংশ হৈ পৰা বাবে ক্ষোভিত হৈ পৰিছে অভিভাৱকসকল ৷

লগতে পঢ়ক : বিদেশতো দেশী গাৰ্ল প্ৰিয়ংকাই পাহৰা নাই ভাৰতীয় ঘৰুৱা উপায় : চাওক নহৰুক কিদৰে কৰিলে ব্যৱহাৰ - Priyanka Chopra

এই ঘটনাটো বেংগালুৰুৰ হেব্বালৰ সিন্ধি উচ্চ বিদ্যালয়ৰ, য'ত এই বিষয়ত পাঠদান চলি আছে ৷ ইয়াত অভিনেত্ৰীগৰাকীৰ বিষয়ে তথ্য দিয়া হৈছে । অধ্যয়ন কৰি থকা শিশুসকলৰ অভিভাৱকসকলৰ এই কাণ্ড দেখি খং উঠিছে । অভিভাৱকসকলে বিষয়টোক গুৰুত্ব দি বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, অভিভাৱকসকল এই বিষয়ে অৱগত আছিল আৰু প্ৰতিবাদ কৰিবলৈ বিদ্যালয়ত উপস্থিত হৈছিল ।

জানিব পৰা মতে, ভাটিয়াৰ বিষয়ে সপ্তম শ্ৰেণীত পঢ়ুওৱা হৈছে । সপ্তম শ্ৰেণীৰ কিতাপ এখনৰ এটা অধ্যায়ৰ নাম: বিভাজনৰ পিচৰ জীৱন: সিন্ধত প্ৰব্ৰজন, সম্প্ৰদায় আৰু সংঘাত । অধ্যায়টি ১৯৪৭ চনৰ পৰা ১৯৬২ চনলৈকে সময়ছোৱাৰ সৈতে জড়িত । এই অধ্যায়ত অভিনেত্ৰীগৰাকীৰ বিষয়ে তথ্য দিয়া হৈছে । ইয়াত অভিনেত্ৰীগৰাকীৰ জীৱনী ব্যাখ্যা কৰা হৈছে ।

অভিভাৱকসকলৰ ভাষ্য অনুসৰি শিশুসকলক অন্য সংস্কৃতিৰ প্ৰতি সজাগ কৰাত তেওঁলোকৰ কোনো আপত্তি নাই ৷ তেওঁলোকৰ আপত্তি অভিনেত্ৰীগৰাকীৰ বৰ্ণনাৰ ওপৰত, যিটো সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে উপযুক্ত নহয় । এই গোটেই বিষয়টোত এতিয়ালৈকে ভাটিয়াৰ কোনো প্ৰতিক্ৰিয়া অহা নাই ।

লগতে পঢ়ক : স্তন কেন্সাৰত আক্ৰান্ত এইগৰাকী জনপ্ৰিয় অভিনেত্ৰী, সামাজিক মাধ্যমযোগে নিজেই জনালে এই কথা - Hina Khan Breast Cancer

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.