চিটাৰা ডেস্ক, ১১ মাৰ্চ : অস্কাৰ বঁটা এক অতি সন্মানীয় বঁটা । এই আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠান যেতিয়াই অনুষ্ঠিত হয়, তেতিয়াই কিবা নহয়, কিবা এটা এনে অদ্ভুত ঘটনা সংঘটিত হয় যাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰে । বহুবাৰ অস্কাৰৰ মঞ্চত এনে কিছুমান অদ্ভুত ঘটনা ঘটিছে, যিবোৰৰ বিষয়ে বিশ্বজুৰি চৰ্চা হৈছিল, সেয়া চৰ সোধোৱা কাণ্ডই হওক বা আন যিকোনো কাণ্ডই হওক ।
ইফালে আজি ঘোষণা কৰা অস্কাৰ ২০২৪ ৷ কিন্তু এইবাৰো বঁটা বিতৰণীৰ সময়ত একেধৰণৰ ঘটনা সংঘটিত হয় । আচলতে বঁটা প্ৰদান অনুষ্ঠানৰ সময়ত এটা অদ্ভুত ঘটনা সংঘটিত হয়, মল্লযুঁজাৰু তথা হলিউডৰ অভিনেতা জন চিনাই শ্ৰেষ্ঠ সাজ-পোছাকৰ বঁটা দিবলৈ উলংগ হৈ মঞ্চত উপস্থিত হৈছিল । এই অনুষ্ঠানৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ আছিল এয়াই ।
উলংগ হৈ মঞ্চত উপস্থিত হয় জন চিনা
ভাইৰেল হোৱা অনুষ্ঠানটোৰ এটা ভিডিঅ’ত জিমি কিমেলে জন চিনাক শ্ৰেষ্ঠ সাজ-পোছাকৰ শাখাত বঁটা প্ৰদান কৰিবলৈ মঞ্চত আমন্ত্ৰণ জনাইছিল আৰু লগতে উলংগ হৈ মঞ্চত উপস্থিত হ’ব বুলিও ইংগিত দিছিল । অৱশ্যে কাপোৰ পৰিধান নকৰাকৈ মঞ্চত আহিবলৈ দ্বিধাবোধ কৰিছিল চিনাই । কিন্তু ইয়াৰ পিচত অস্কাৰ ২০২৪ৰ আঁত ধৰোতা কিমেলে বুজাই দিয়াৰ পিচত তেওঁ মঞ্চলৈ আহে ।
ইয়াৰ পিচত চিনাই অস্কাৰ ২০২৪ৰ শ্ৰেষ্ঠ সাজ-পোছাকৰ বিজয়ীৰ নাম ঘোষণা কৰে, লগতে নিজকে কিবা কাগজৰে ঢাকিবলৈ চেষ্টা কৰে । ইফালে উলংগ জন চিনাক দেখি উপস্থিত সকলোৱে হাঁহিবলৈ ধৰে । ইয়াৰ পিচত চিনাই সামান্য দ্বিধাবোধৰ সন্মুখীন হয় ।
চিনাই কয়, ‘‘আউটফিট, সেইবোৰ অতি গুৰুত্বপূৰ্ণ ।’’ ইয়াৰ পিচত এখন পৰ্দাৰে জন চিনাক মেৰিয়াই দিয়া হয় । এতিয়া জন চিনাৰ এই ভিডিঅ’টো ইণ্টাৰনেটত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ।
উল্লেখ্য যে, 'Poor Things'-এ শ্ৰেষ্ঠ সাজ-পোছাক ডিজাইনৰ অস্কাৰ লাভ কৰিছে ।
লগতে পঢ়ক: অস্কাৰ ২০২৪ : ঝাৰখণ্ডৰ কৃষকৰ কাহিনীৰে 'টু কিল এ টাইগাৰ' ৯৬ সংখ্যক একাডেমী বঁটাৰ বাবে মনোনীত