ETV Bharat / entertainment

মনোৰঞ্জনৰ খোৰাক দিবলৈ শীঘ্ৰেই আহি আছে স্বৰ্গৰথ - Swargarath Trailer Out

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 4:17 PM IST

Updated : Jun 2, 2024, 5:25 PM IST

Swargarath Trailer Out: শনিবাৰে মুক্তি পালে ছবিখনৰ বহু প্ৰত্যাশিত অসমীয়া ছবি স্বৰ্গৰথৰ অফিচিয়েল ট্ৰেইলাৰ । আগন্তুক ৭ জুনত ৰাজ্যৰ প্ৰায়কেইটা ছবিগৃহতে মুক্তি লাভ কৰিব নতুন অসমীয়া ছবিখনে ।

new-assamese-movie-swargarath-trailer-out
মনোৰঞ্জনৰ খোৰাক দিবলৈ শীঘ্ৰেই আহি আছে স্বৰ্গৰথ (YOUTUBE)

গুৱাহাটী, 2 জুন: বহু প্ৰত্যাশিত নতুন অসমীয়া ছবি "স্বৰ্গৰথ"ক লৈ দৰ্শকৰ মাজত আগ্ৰহ যথেষ্ট বৃদ্ধি পাইছে ৷ মুক্তিৰ পূৰ্বেই ইতিমধ্যে ছবিখনে মনবন্ধু নামৰ গীতটোৰ জৰিয়তে দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

মুক্তিৰ পূৰ্বেই ইতিমধ্যে ছবিখনে সমাজিক মাধ্যমত খলকনি সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ শীৰ্ষ গীতটোৰ লগতে ছবিখনৰ অফিচিয়েল টিজাৰ মুক্তিৰ পিচত শনিবাৰে মুক্তি দিয়া হয় ছবিখনৰ অফিচিয়েল ট্ৰেইলাৰ ৷ ট্ৰেইলাৰটো মুক্তিৰ পিচতে এতিয়া সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে ৷ "স্বৰ্গ" যাত্ৰা আৰু পৃথিৱীত থকাসকলৰ সৰগ সুখ লাভৰ অপাৰ ইচ্ছা তথা টকাৰ লালসাত কৰা কিছু অনৈতিক কাৰ্যকলাপ আৰু তাৰ পিছত চলি যোৱা জীৱন সংগ্ৰামৰ হাস্যৰসিক কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন ৷

এ এম টেলিভিছন প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ প্ৰযোজনা কৰিছে ড৹ সঞ্জীৱ নাৰায়ণ আৰু অক্ষতা নাৰায়ণে ৷ আনহাতে "স্বৰ্গৰথ"ৰ পৰিচালনাৰ দায়িত্বত আছে ৰাজেশ ভূঞা ৷ ছবিখনত অভিনয় কৰিছে অভিনেতা সিদ্ধাৰ্থ শৰ্মা, কেনী দেউৰী বসুমতাৰী, কমল লোচন, ৰিণ্টু বৰা, বনী দেউৰী, উদ্ভৱন শইকীয়া, ৰিমঝিম ডেকা, পঞ্চী পাটোৱাৰী, এলিছ শ্বেইখ, মাধুৰীমা চৌধুৰী, আকিড জামান আৰু পংকজ মহন্ত আদিকে ধৰি বহুকেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে ৷ ইফালে, "স্বৰ্গৰথ" ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য ৰাজেশ ভূঞাৰ লগতে শান্তনু ৰৌমূৰীয়াৰ ৷ সহ পৰিচালক হিচাপে আছে মনোজ শইকীয়া ৷ ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে প্ৰদীপ দৈমাৰীয়ে ৷ সম্পাদনা প্ৰতীম খাউণ্ডৰ ৷

আনহাতে, ছবিখনৰ শীৰ্ষগীতটিত কন্ঠদান কৰিছে অৰূপ জ্যোতি বৰুৱাই লগতে গীতটিত নাগাৰা নাম আৰু "পে পে পে" ৰ জৰিয়তে ভাইৰেল হোৱা কৰিশ্মা নাথকো ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ৷

ছবিখনৰ পৰিচালক তথা প্ৰযোজকে জনোৱা অনুসৰি ছবিখনৰ পৰিকল্পনা বিগত ১০ বছৰৰ৷ ১০ বছৰৰ বহু জল্পনা-কল্পনাৰ অন্তত অহা ৭ জুনত এতিয়া ৰাইজৰ মাজলৈ আহি আছে ছবিখন ৷ ৰাজ্য প্ৰতিটো ছবি গৃহতে মুক্তি পাবলগীয়া এই নতুন অসমীয়া ছবিখনক ৰাইজে আদৰি ল'ব বুলি আশাবাদী ছবিখনৰ পৰিচালক তথা কলাকুশলীসকল ৷

লগতে পঢ়ক: স্বৰ্গৰথ চাবলৈ স্বৰ্গলৈ নালাগে যাব: কাষৰে চিনেমা হলটোলৈকে যাব - New assamese film swargarath

Last Updated : Jun 2, 2024, 5:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.