ETV Bharat / entertainment

পূজাৰ পাছতে আহি আছে 'সুন্দৰপুৰ কেঅ'ছ' - Assamese film Sundarpur Chaos

author img

By ETV Bharat Entertainment Team

Published : Sep 26, 2024, 4:31 PM IST

Assamese film Sundarpur Chaos: অপেক্ষাৰ অন্ত পেলাই ঘোষণা হ'ল আহিবলগীয়া নতুন অসমীয়া ছবি সুন্দৰপুৰ কেঅ'ছৰ মুক্তিৰ দিন । অহা ২৫ অক্টোবৰত ছবিগৃহত মুক্তিলাভ কৰিব নতুন অসমীয়া ছবিখনে । ছবিখনৰ সন্দৰ্ভত পৰিচালকগৰাকীয়ে ক'লে বহু কথা ।

New Assamese film 'Sundarpur Chaos' to be released in theaters after Durga Puja
আহি আছে 'সুন্দৰপুৰ কেঅ'ছ' (ETV Bharat Assam)

গুৱাহাটী,২৬ ছেপ্টেম্বৰ: এটি হৃদয়স্পৰ্শী কাহিনীৰে অহা ২৫ অক্টোবৰত ছবিগৃহলৈ আহি আছে এখন নতুন অসমীয়া ছবি 'সুন্দৰপুৰ কেঅ'ছ' । অসমৰ এক জলন্ত সমস্যা সত্ৰৰ মাটি বেদখলক মূল বিষয় হিচাপে লৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন । আৰ চি প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ পৰিচালনা ঝুলন কৃষ্ণ মহন্তৰ । ই টিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত ছবিখনৰ পৰিচালক ঝুলন কৃষ্ণ মহন্তই ছবিখনৰ সন্দৰ্ভত জনাই বহু কথা ।

'সুন্দৰপুৰ কেঅ'ছ' সন্দৰ্ভত পৰিচালকৰ মন্তব্য:

ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি পৰিচালক ঝুলন কৃষ্ণ মহন্তই কয়,"অহা ২৫ অক্টোবৰত ৰাইজৰ মাজলৈ আহি আছে 'সুন্দৰপুৰ কেঅ'ছ' । অসমৰ ৰাইজে এখন খুব সুন্দৰ অসমীয়া ছবি পাব । ছবিখনৰ কাহিনীটো খুব প্ৰাসংগিক । আমাৰ সত্ৰ আমাৰ জাতিৰ পৰিচয়, কিন্তু তাত এতিয়া কি হৈ আছে ? আমি বহু সময়ত সত্ৰক লৈ বিভিন্ন খবৰ শুনিবলৈ পাওঁ । ছবিখন এজন সাধাৰণ ল'ৰাৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে । চৰিত্ৰটোৰ নাম কিংকৰ । যিয়ে সত্ৰৰ পৰা ওলাই আহি বাহিৰৰ জগতখনৰ লগত বিভিন্ন সংগ্ৰাম কৰিবলগীয়া হয় ।"

তেওঁ কয়,"লগতে সত্ৰত থাকি ডাঙৰ হোৱা যুৱকজনৰ এগৰাকী সাধাৰণ জনজাতীয় যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে । বৰ্তমান সময়ত সকলো সলনি হৈছে যদিও প্ৰেম বা বিবাহৰ ক্ষেত্ৰত উচ্চবংশৰ লৰা এজনে নিম্ন বংশৰ ছোৱালী এজনীক বিয়া পাতিব নোৱাৰে আদি নিয়ম বা যিবোৰ কথা সেইবোৰ এতিয়াও আছে । ছবিখনতো তেনেকুৱা ধৰণৰ কিছু কথা উপস্থাপন কৰা হৈছে ।"

ছবিখনৰ গীত সন্দৰ্ভত পৰিচালকগৰাকীৰ মন্তব্য:

ছবিখনৰ তিনিটা গীতৰ ভিতৰত এটা গীতত কণ্ঠদান কৰিছ বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী শ্বানে । যিটো আমাৰ বাবে এটা গৌৰৱৰ বিষয় । লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষাৰ মৰ্দনৰ অন্তৰ্ভুক্ত দুটি ঘোষা আৰু কেইটিমান পদেৰে সৃষ্টি কৰা এটি প্ৰসংগত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই । লগতে আন এটি গীতত গায়ত্ৰী হাজৰিকাই । ইফালে , আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে নেশ্বনেল স্কুল অৱ ড্ৰামা, দিল্লীৰ স্নাতক তথা সু-নৃত্যশিল্পী পাৰ্থপ্ৰতীম হাজৰিকাই ।"

লগতে অভিনয় কৰিছে অৰুণ নাথ, জ্বলী লস্কৰ, ৰাজীৱ গোস্বামী, শিল্পী দত্ত, গাৰ্গী দত্ত আৰু আন বহুশিল্পীয়ে । ছবিখনৰ কাহিনী, সম্পাদনা আৰু পৰিচালনা ঝুলন কৃষ্ণ মহন্তৰ । আনহাতে চিত্রগ্রহণ চন্দ্ৰ কুমাৰ দাসৰ, ছবিখনৰ সংগীত পৰিচালনা সৌৰভ মহন্তৰ, ডি আই ধনজিত দাসৰ, সাজসজ্জা ৰাণী দত্ত বৰুৱা আৰু গৰিমা শইকীয়া গাৰ্গৰ আৰু শব্দ সংমিশ্রণ ৰাষ্ট্রীয় বঁটাপ্রাপক শব্দযন্ত্রী দেৱজিত গায়নৰ ।

লগতে পঢ়ক: আহিবলগীয়া চিনেমা সুন্দৰপুৰ কেঅ'ছৰ গীত মুকলি অনুষ্ঠান - JHULAN KRISHNA MAHANTA MOVIES

নতুন অসমীয়া ছবি "সুন্দৰপুৰ কেঅ’ছ" ৰ পৰিচালকে ক’লে এডজাষ্ট কৰাৰ কথা... - assamese film Sundarpur Chaos

বলীউডৰ জনপ্ৰিয় গায়ক শ্বানৰ কণ্ঠত প্ৰাণ পাব সুন্দৰপুৰ কেঅ'ছ'ই - new assamese film sundarpur chaos

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.