ETV Bharat / entertainment

নৱাজুদ্দিন ছিদ্দিকীৰ বাবে আহি আছে ফাঁচীৰ শাস্তি - Nawazuddin as Upendra Nath Rajkhowa

author img

By ETV Bharat Entertainment Team

Published : Aug 5, 2024, 2:28 PM IST

Nawazuddin Siddiqui as Judge : বলীউডত নিৰ্মাণ হ'ব ন্যায়াধীশ উপেন্দ্ৰনাথ ৰাজখোৱাৰ জীৱন ভিত্তিক ছবি ৷ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এক লোমহৰ্ষক হত্যাকাণ্ডৰ সাক্ষী হ’ব পাৰিব দেশবাসী ৷

Nawazuddin Siddiqui to play controversial character of Assams judge Upendra Nath Rajkhowa in his biopic
নৱাজুদ্দিন ছিদ্দিকী (ETV Bharat Assam)

গুৱাহাটী, 5 আগষ্ট : 1970 চনত ধুবুৰীত সংঘটিত হৈছিল সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এটা হত্যাকাণ্ড ৷ সেই হত্যাকাণ্ডৰ আধাৰতে এতিয়া বলীউডত নিৰ্মাণ হ’ব এখন ছবি ৷ হত্যাকাণ্ডটো সংঘটিত কৰিছিল ন্যায়াধীশ উপেন্দ্ৰনাথ ৰাজখোৱাই ৷ ন্যায়াধীশ উপেন্দ্ৰনাথ ৰাজখোৱাৰ জীৱনভিত্তিক ছবি নিৰ্মাণৰ খবৰে এতিয়া ৰোমাঞ্চিত কৰি তুলিছে সকলোকে ।

1970 চনত সংঘটিত হোৱা এটা ঘটনা । যাৰ বাবে আমি উভতি যাব লাগিব আজিৰে পৰা 54 বছৰ পূৰ্বলৈ । অৰ্ধশতিকাৰ পূৰ্বে অসমত সংঘটিত হোৱা এই ঘটনাই আলোড়নৰ সৃষ্টি কৰিছিল সমগ্ৰ দেশতে । সেই ঘটনাটোৰ কাহিনী সেই সময়ৰ সংবাদপত্ৰসমূহত ধাৰাবাহিকভাৱে প্ৰকাশ পোৱাৰ লগতে দৈনিক ঘটনাটোৱে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল ।

54 বছৰ পূৰ্বে সংঘটিত হোৱা এই লোমহৰ্ষক ঘটনাটোৱে অসমবাসীৰ মনত গভীৰভাৱে ৰেখাপাত কৰিছিল আৰু বহু বছৰলৈ অব্যাহত আছিল ইয়াৰ প্ৰতিক্ৰিয়া । ঘটনাৰ কাহিনীভাগ যদি উল্লেখ কৰো তেন্তে আমি উভতি যাব লাগিব 1970 চনলৈ ।

1970 চনত তাহানিৰ অবিভক্ত গোৱালপাৰা জিলাৰ সদৰ ধুবুৰীৰ সেই সময়ৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আছিল উপেন্দ্ৰনাথ ৰাজখোৱা । সেই বছৰৰ 2 ফেব্ৰুৱাৰীত ৰাজখোৱাই কামৰ পৰা অৱসৰ গ্ৰহণ কৰে যদিও ন্যায়াধীশৰ আৱাসগৃহতে থাকিবলৈ লয় ৷ লগত তেওঁৰ পত্নী আৰু তিনিগৰাকী গাভৰু জীয়াৰীও আছিল ৷ কিন্তু হঠাতে এদিন কন্যাসহিত পৰিবাৰক নৃশংসভাৱে হত্যা কৰি নিজ চৰকাৰী বাসভৱনতে পুতি থৈ দিছিল ।

এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাচত ৰাজখোৱাক গ্ৰেপ্তাৰ কৰাৰ লগতে আদালতত হোৱা বিচাৰ প্ৰক্ৰিয়াৰ ভিত্তিত ন্যায়ধীশ ৰাজখোৱাক দোষী সাব্যস্ত কৰি ফাঁচীৰ হুকুম দিয়া হয় । এই চাঞ্চল্যকৰ ঘটনাটোৰ আধাৰত ইতিমধ্যে নিৰ্মাণ হৈছে ছবি, ধাৰাবাহিক, নাটক আদি । 1977 চনত ঘটনাটোৰ আধাৰত নিৰ্মাণ কৰা হৈছিল "পাপ আৰু প্ৰায়শ্চিত্ত" নামৰ অসমীয়া ছবি । আনোৱাৰ হুছেইন পৰিচালিত এই ছবিখনত অভিনয় কৰিছিল পবিত্ৰ বৰকটকী, তছদ্দুক ইউছুফ, নিবেদিতা শৰ্মা আদিয়ে ।

54 বছৰ আগৰ এই ঘটনাটো পুনৰ এবাৰ প্ৰাণ পাই উঠিবলৈ ওলাইছে । উক্ত ঘটনাটোৰ ওপৰত ভিত্তি কৰি এইবাৰ নিৰ্মাণ হ'বলৈ গৈ আছে এখন বলীউড ছবি । ছবিখনৰ মুখ্য চৰিত্ৰ অৰ্থাৎ ৰাজখোৱাৰ চৰিত্ৰত অভিনয় কৰিব প্ৰখ্যাত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীয়ে । ছবিখনৰ প্ৰযোজনা কৰিব নৱাজুদ্দিন ছিদ্দিকীৰ ভাতৃ ফৈজুদ্দিন ছিদ্দিকীয়ে । ছবি নিৰ্মাণ কৰিবলৈ ৰাজখোৱাৰ পৰিয়ালৰ তৰফৰ পৰা অনুমতি লোৱা হৈছে বুলিও জানিব পৰা গৈছে । ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই খবৰ ।

লগতে পঢ়ক : ৰাম গোপাল বাৰ্মাৰ ভাষাত পৌৰাণিক চলচ্চিত্ৰসমূহক 'বিপজ্জনক' - Ram Gopal Varma mythological films

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.