ETV Bharat / entertainment

ধৰ্ষণৰ গোচৰ ৰুজু হোৱা কৰিঅ'গ্ৰাফাৰ জানী মাষ্টাৰক গ্ৰেপ্তাৰ - JANI MASTER SEXUAL HARASSMENT

author img

By ETV Bharat Assamese Team

Published : 12 hours ago

Updated : 10 hours ago

Choreographer Jani Master : ৰঙা ঘৰত সোমাল কৰিঅ'গ্ৰাফাৰ জানী মাষ্টাৰ ৷ এগৰাকী 21 বছৰীয়া মহিলা কৰিঅ’গ্ৰাফাৰে কৰা যৌন নিৰ্যাতনৰ অভিযোগৰ পিছত গোৱাত গ্ৰেপ্তাৰ কৰা হয় তেওঁক ।

National award-winning choreographer Jani Master arrested for 'raping' assistant
কৰিঅ'গ্ৰাফাৰ জানী মাষ্টাৰ (ETV Bharat)

চিটাৰা ডেস্ক, 19 ছেপ্টেম্বৰ : এগৰাকী কনিষ্ঠ মহিলা কৰিঅ’গ্ৰাফাৰে যৌন নিৰ্যাতনৰ অভিযোগ তুলিছিল কৰিঅ'গ্ৰাফাৰ জানী মাষ্টাৰৰ বিৰুদ্ধে ৷ তেওঁৰ বিৰুদ্ধে জামিনবিহীন গোচৰ ৰুজু হোৱাৰ পিছতে আৰক্ষীৰ এটা দলে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে তেওঁক ৷ খবৰ অনুসৰি ৰাষ্ট্ৰীয় বঁটা বিজয়ী নৃত্য পৰিচালকক গ্ৰেপ্তাৰ কৰিবলৈ অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰলৈ আৰু লাডাখলৈ আৰক্ষীৰ দল প্ৰেৰণ কৰা হৈছিল । বুধবাৰে পলমকৈ তেওঁ বাসগৃহৰ পৰা নিৰুদ্দেশ হোৱা আৰু তেওঁৰ ফোনটো নোপোৱাৰ পিছত আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে এই অভিযান আৰম্ভ কৰিছিল ৷

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই এক সংবাদ সংস্থাক জনোৱা মতে, জানী মাষ্টাৰ, যাৰ প্ৰকৃত নাম শ্বাইক জানী বাছা, গোৱাত তেওঁক চাইবেৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে য'ত তেওঁক স্থানীয় আদালতত হাজিৰ কৰোৱা হ'ব । আদালতৰ পৰা ট্ৰেঞ্জিট ৱাৰেণ্ট লাভ কৰাৰ পিছত তেওঁক হায়দৰাবাদলৈ অনা হ'ব ।

বৰ্তমান 21 বছৰীয়া ভুক্তভোগী মহিলাগৰাকীয়ে 2019 চনত তেওঁক প্ৰথমবাৰৰ বাবে ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন কৰে । তেওঁ আৰক্ষীক জনাইছে যে তেওঁ তেওঁক একাধিকবাৰ যৌন নিৰ্যাতন চলাইছিল । আৰক্ষীয়ে প্ৰথমে তেওঁৰ বিৰুদ্ধে ধৰ্ষণ, অপৰাধমূলক ভাবুকি আৰু আক্ৰমণৰ গোচৰ ৰুজু কৰে । অভিযোগকাৰীয়ে অভিযোগ কৰা মতে জানী মাষ্টৰে নাবালক অৱস্থাৰ পৰাই যৌন নিৰ্যাতন চলাইছিল, সেয়েহে আৰক্ষীয়ে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা (পি অ’ চি এছ অ’) আইনখনৰ প্ৰাসংগিক ধাৰাও সংযোজন কৰে । জানী মাষ্টৰৰ ভাবুকিৰ বাবে প্ৰথমে মনে মনে থকা বুলি মন্তব্য কৰে অভিযোগকাৰীয়ে ।

বুধবাৰে সন্ধিয়া নিজৰ বাসগৃহৰ পৰা নিৰুদ্দেশ হোৱাৰ পিছতে আৰক্ষীয়ে ৰাষ্ট্ৰীয় বঁটা বিজয়ী কৰিঅ’গ্ৰাফাৰজনক বিচাৰি আছিল ৷ তেওঁক ফোনটো পোৱা হোৱা নাছিল । তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ অন্ধ্ৰ প্ৰদেশ আৰু লাডাখৰ নেল্লোৰলৈ আৰক্ষীৰ দল পঠিৱাও হৈছিল, য’ত তেওঁ ছবিৰ শ্বুটিঙৰ কাম কৰি আছে বুলি অনুমান কৰা হৈছিল । যোৱা 15 ছেপ্টেম্বৰত জানী মাষ্টৰৰ বিৰুদ্ধে শূন্য ফাৰ্ষ্ট ইনফৰ্মেশ্যন ৰিপৰ্ট (এফ আই আৰ) দাখিল কৰাৰ পিছতে তদন্ত আৰম্ভ হয় আৰু পিছত অধিক তদন্তৰ বাবে নৰসিংহী থানালৈ বদলি কৰা হয় ৷

আৰক্ষীয়ে ভুক্তভোগীৰ বিবৃতি লিপিবদ্ধ কৰিছে আৰু ভৰোছা কেন্দ্ৰৰ বিষয়াসকলৰ সহায়ত প্ৰমাণ সংগ্ৰহ কৰি চিকিৎসা পৰীক্ষা চলাইছে । অনুসন্ধানকাৰীসকলে ভৰোছা কেন্দ্ৰৰ বিষয়াসকলৰ তত্বাৱধানত তেওঁৰ পৰা সকলো বিৱৰণ সংগ্ৰহ কৰিছে । অভিযোগকাৰীয়ে আৰক্ষীক কৈছিল যে তেওঁ 2017 চনত কৰিঅ’গ্ৰাফাৰৰ সংস্পৰ্শলৈ আহিছিল আৰু 2019 চনত তেওঁৰ সহায়ক হৈছিল ।

লগতে পঢ়ক : কৰিঅ'গ্ৰাফাৰ জানী মাষ্টাৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ ৰুজু - Jani Master Sexual harassment

Last Updated : 10 hours ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.