ETV Bharat / entertainment

ইহ সংসাৰৰ পৰা বিদায় মাগিলে বিশিষ্ট সন্তুৰবাদক পংকজ শৰ্মাই - SANTOOR PLAYER PANKAJ SHARMA

কাহানিও উভতি নহা বাটেৰে গুচি গ’ল সন্তুৰবাদক, বিশিষ্ট সংগীতশিল্পী পংকজ শৰ্মা । শোকাহত হৈ পৰিছে শিল্পীগৰাকীৰ গুণমুগ্ধ ।

Pankaj Sharma
পংকজ শৰ্মা আৰু নাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 12, 2024, 4:49 PM IST

নলবাৰী : ৰাজ্যৰ সংগীতাকাশৰ পৰা খহি পৰিল এটি তৰা । উকা হৈ ৰ’ল সাংস্কৃতিক জগতখন । সন্তুৰবাদক তথা বিশিষ্ট সংগীতশিল্পী পংকজ শৰ্মা আৰু নাই । "তোমাৰ মিঠা এই চাৱনিকে...’’ ধৰি ডেৰশতাধিক আধুনিক গীতৰ গীতিকাৰ তথা সুৰকাৰ পংকজ শৰ্মাই বিগত ২০২৩ বৰ্ষৰ পৰা বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ আছিল ৷

পৰিয়ালৰ লোকে বিভিন্ন আৰ্থিক সংকটৰ মাজেৰে পংকজ শৰ্মাৰ চিকিৎসা কৰি আছিল ৷ ইয়াৰ মাজতে চলিত বৰ্ষৰ আগষ্টত তেওঁ‌ হেপাটাইটিছৰ লগতে জণ্ডিছ ৰোগত আক্ৰান্ত হৈ লিভাৰৰ সমস্যাত ভোগে । ইয়াৰ পাছৰে পৰা তেওঁৰ স্বাস্থ্যৰ অৱস্থা আৰু অধিক শোচনীয় হৈ পৰে । বিগত ছয়দিন পূৰ্বে বিশিষ্ট শিল্পীগৰাকীক পত্নীয়ে জি এম চি এইচ(ছুপাৰস্পেচিয়েলিটি)ত ভৰ্তি কৰোৱাই যদিও মঙলবাৰে পুৱতি নিশা তিনি বজাত তেওঁৰ দেহাৱসান ঘটে ।

পংকজ শৰ্মা আৰু নাই (ETV Bharat Assam)

১৯৬৯ চনৰ ১ অক্টোবৰত বৰভাগৰ বৰকুলহাটীত জন্মগ্ৰহণ কৰা পংকজ শৰ্মা শৈশৱৰ পৰাই সংগীতৰ প্ৰতি আকৰ্ষিত হৈছিল । স্থানীয় বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছৰে পৰা সংগীতকে মূলমন্ত্ৰ হিচাপে লৈ আৰম্ভ কৰে সাংগীতিক জীৱন । দেশৰ প্ৰখ্যাত সন্তুৰবাদক পণ্ডিত শিৱ কুমাৰ শৰ্মাৰ তত্বাৱধানত সন্তুৰ বাদনৰ প্ৰশিক্ষণ লৈ ১৯৯২ চনৰ পৰা আৰম্ভ কৰে সন্তুৰ বাদনেৰে সাংগীতিক যাত্ৰা ।

লগতে পঢ়ক : স্তব্ধ হৈ ৰ’ল এটি সাহসী কণ্ঠ : পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান - Birubala Rabha Passes Away

সুদীৰ্ঘ সময় গুৱাহাটী মহানগৰীতে সংগীতৰ সাধনা কৰি সন্তুৰবাদক হিচাপে ৰাজ্যুজুৰি খ্যাতি অৰ্জন কৰা পংকজ শৰ্মাই অনাতাঁৰ কেন্দ্ৰ গুৱাহাটীৰ এজন নিয়মীয়া ভজন শিল্পীও আছিল । ইয়াৰোপৰি তেওঁ ডেৰ শতাধিক আধুনিক গীত ৰচনা কৰাৰ লগতে বহু গীতৰ সুৰো কৰিছিল । সন্তুৰ বাদনেৰে পৰিয়াল পোহপাল দিয়া শিল্পীগৰাকীয়ে মহানগৰীৰ ভাৰাঘৰতে কটাইছিল জীৱন ।

পুত্ৰ আৰু পত্নীৰ সৈতে তেওঁ মঠঘৰীয়াৰ এটা ভাৰাঘৰতে থাকি জীৱন সংগ্ৰাম চলাই নিছিল ৷ শিল্পীগৰাকীয়ে শেহতীয়াকৈ নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীক সন্তুৰবাদনৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে ভাৰাঘৰৰ সমীপতে স্থাপন কৰি লৈছিল "সন্তুৰ একাডেমী" নামৰ এখন শিক্ষানুষ্ঠান । পিছে সাংস্কৃতিক জগত চহকী কৰি থৈ যোৱা শিল্পীগৰাকীয়ে ৰোগাক্ৰান্ত হৈ থকাৰ সময়ত চৰকাৰ তথা সাংস্কৃতিক বিভাগৰ ফালৰ পৰা বিশেষ কোনো আৰ্থিক সাহায্য লাভ নকৰিলে বুলি উল্লেখ কৰে তেওঁৰ পত্নীয়ে ।

‘সন্তুৰ’কে জীৱনৰ সাৰথি হিচাপে লৈ জীৱন কটোৱা শিল্পীগৰাকীৰ নশ্বৰ দেহ বুধবাৰে দুপৰীয়াৰ ভাগত বৰকুলহাটীস্থ নিজা গৃহত লৈ অনাৰ পিছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় । সন্তুৰবাদক পংকজ শৰ্মাৰ অন্তিম যাত্ৰাত তেওঁৰ বাসগৃহত উপস্থিত হৈ ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ,বৰভাগ প্ৰেছ ক্লাৱ,বৰকুলহাটী গাঁও উন্নয়ন সমিতিকে ধৰি বিভিন্ন দল-সংগঠনৰ সদস্যই শেষশ্ৰদ্ধা জ্ঞাপন কৰে ।

লগতে পঢ়ক : ঈশ্বৰৰ দেশলৈ গ’লগৈ বিস্ময় পাতৰ জনপ্ৰিয় চৰিত্ৰ চেণ্টু দা

লগতে পঢ়ক : এক অজান দেশলৈ গুচি গ’ল বিস্ময় যুগৰ স্ৰষ্টা শশী ফুকন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.