ETV Bharat / entertainment

এন-কনভেনশ্যন চেণ্টাৰৰ ‘বেআইনী’ ধ্বংস সন্দৰ্ভত নাগাৰ্জুনৰ প্ৰতিক্ৰিয়া - Nagarjuna Responds To Demolition - NAGARJUNA RESPONDS TO DEMOLITION

Nagarjuna Akkineni N-Convention Centre : প্ৰবীণ অভিনেতা নাগাৰ্জুন আক্কিনেনীয়ে হায়দৰাবাদত তেওঁৰ এন-কনভেনশ্যন চেণ্টাৰ ধ্বংসৰ সমালোচনা কৰি দাবী কৰে যে আদালতৰ স্থগিতাদেশ তখা স্বত্বেও ভুল তথ্যৰ ওপৰত ভিত্তি কৰি এই কাৰ্য কৰা হয় ।

Nagarjuna Responds To 'Unlawful' Demolition Of His N-Convention Centre In Hyderabad
নাগাৰ্জুন (IANS photo)
author img

By ETV Bharat Entertainment Team

Published : Aug 24, 2024, 6:07 PM IST

চিটাৰা ডেস্ক, 24 আগষ্ট : প্ৰবীণ তেলুগু অভিনেতা নাগাৰ্জুন আক্কিনেনীয়ে শেহতীয়াকৈ হায়দৰাবাদৰ মাধাপুৰ অঞ্চলত অৱস্থিত তেওঁৰ সম্পত্তি, এন-কনভেনশ্যন চেণ্টাৰ ধ্বংস কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এইটো অভিযোগ কৰা হৈছে যে সম্পত্তিটো বেদখল কৰা ভূমিত নিৰ্মাণ কৰা হৈছিল । হায়দৰাবাদ দুৰ্যোগ সঁহাৰি আৰু সম্পদ নিৰীক্ষণ আৰু সুৰক্ষা (এইচ.ৱাই.ডি.আৰ.এ.) নামেৰে জনাজাত এটা নতুনকৈ স্থাপিত ৰাজ্য চৰকাৰৰ সংস্থাৰ দ্বাৰা এই ধ্বংসকাৰ্য সম্পাদন কৰা হয় ।

শনিবাৰে এক্সত নাগাৰ্জুনে এটা টোকা শ্বেয়াৰ কৰে য’ত তেওঁ দৃঢ়তাৰে কয় যে আদালতৰ পৰা বৰ্তমানৰ স্থগিতাদেশৰ আদেশ থকাৰ পিচতো এন-কনভেনশ্যন চেণ্টাৰটো ধ্বংস কৰা হৈছে । তেওঁৰ বিবৃতিত তেওঁ নিজৰ দুখ প্ৰকাশ কৰি কয়, "বৰ্তমানৰ স্থগিতাদেশ আৰু আদালতৰ গোচৰৰ বিপৰীতে এন কনভেনশ্যন অবৈধ পদ্ধতিৰে ভাঙি পেলোৱাৰ ফলত যন্ত্ৰণাত ভুগিছো । মই এই বিবৃতি জাৰি কৰি কিছুমান তথ্য ৰেকৰ্ডত ৰখাটো উপযুক্ত বুলি ভাবিলোঁ । মোৰ সুনাম ৰক্ষা কৰিবলৈ আৰু আমি আইন উলংঘা কৰি কোনো কাম কৰা নাই বুলি ইংগিত দিবলৈ এই বিবৃতিটো জাৰী কৰাটো উপযুক্ত বুলি ভাবিলো । এই ভূমি পট্টা ভূমি, আৰু টেংকৰ পৰিকল্পনাৰ এক ইঞ্চিও বেদখল কৰা হোৱা নাই ।"

তেওঁ তেওঁৰ টুইটত গুৰুত্ব আৰোপ কৰি কয়, "আজি স্পষ্টভাৱে, ভুল তথ্যৰ ওপৰত ভিত্তি কৰি ভুলভাৱে ধ্বংস কৰা হয় চেণ্টাৰ । আজি ৰাতিপুৱা ধ্বংস কৰাৰ আগতে কোনো জাননী জাৰি কৰা হোৱা নাছিল । এজন আইন পালনকাৰী নাগৰিক হিচাপে, যদি আদালতে যিটো বিষয় আগতে বিচাৰাধীন হৈ আছে, মোৰ বিৰুদ্ধে সিদ্ধান্ত ল'লেহেঁতেন, মই নিজেই ধ্বংসকাৰ্য সংঘটিত কৰিলোহেঁতেন ।"

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত 2024 চনৰ 12 জুলাইত তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে হায়দৰাবাদ দুৰ্যোগ সঁহাৰি আৰু সম্পত্তি নিৰীক্ষণ আৰু সুৰক্ষা (HYDRA) প্ৰৱৰ্তন কৰে । ইয়াৰ উদ্দেশ্য হৈছে প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা তদাৰক কৰা, চৰকাৰী সম্পত্তি সুৰক্ষিত কৰা, হ্ৰদ আৰু পুখুৰীত বেদখল ৰোধ কৰা, অবৈধ নিৰ্মাণ কাৰ্য্য নিৰ্মূল কৰা ।

লগতে পঢ়ক : বিজয়-শ্বাহৰুখক পিছ পেলাই শীৰ্ষস্থানত কোন ? - Most Popular Star in Ormax Report

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.