গুৱাহাটী : ভিন্ন ভাষাৰ বিভিন্নখন ছবিৰ হ'ব সমাগম গুৱাহাটীৰ জ্যোতি চিত্ৰবনত । উত্তৰ-পূব চলচ্চিত্ৰ আৰু ভিডিঅ' কলা-কুশলী সন্থাই দুদিনীয়া কাৰ্যসূচীৰে তৃতীয়বাৰৰ বাবে আয়োজন কৰিবলৈ ওলাইছে "নেফটা আন্তঃৰাষ্ট্ৰীয় চুটি ছবি আৰু তথ্যচিত্ৰ মহোৎসৱ"ৰ । ১৪ আৰু ১৫ ডিচেম্বৰত মহানগৰীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ'ব এই মহোৎসৱ ।
মহোৎসৱৰ উদ্যোক্তা মণ্ডলীয়ে জনোৱা অনুসৰি, এইবাৰৰ "নেফটা আন্তঃৰাষ্ট্ৰীয় চুটি ছবি আৰু তথ্যচিত্ৰ মহোৎসৱত প্ৰায় ৪০খন চুটি ছবি আৰু ১৩খন তথ্যচিত্ৰ প্ৰদর্শন কৰা হ'ব । পৰিৱেশ সংকট সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰশংসিত ভাৰতীয় তথ্যচিত্ৰ "আৰাবলীঃ দ্য লষ্ট মাউন্টেনছ"ৰ জৰিয়তে আৰম্ভ হ'ব তৃতীয় নেফটা চলচ্চিত্ৰ মহোৎসৰ । উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দৈনিক অসম কাকতৰ সম্পাদক হিতেশ ডেকা ।

ইফালে দুদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনটোত অসমীয়া চলচ্চিত্ৰ সংগীতৰ আধাৰত ‘‘এৰা বাটৰ সুৰ’’ শীর্ষক এক আলোচনা কার্যসূচীও অনুষ্ঠিত হ'ব । কণ্ঠশিল্পী মালবিকা বৰা, সুৰকাৰ আৰু সংগীত পৰিচালক ইবছন লাল বৰুৱা, অনিৰুদ্ধ বৰুৱা, অমৰনাথ হাজৰিকা, তনুজ নাথ আৰু দীপ ৰাজবংশীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানটি পৰিচালনা কৰিব চলচ্চিত্ৰ সমালোচক অপৰাজিতা পূজাৰীয়ে ৷

লগতে মহোৎসৱত অংশগ্ৰহণ কৰিব ইৰাণ, ফ্ৰান্স আৰু ভাৰতৰ বহুকেইগৰাকী বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতাই । আনহাতে ১৫ ডিচেম্বৰত ফৰাচী ছবি ‘‘ব্ৰিংক অৱ টিয়াছ’’ৰ জৰিয়তে এই মহোৎসৱৰ অন্ত পৰিব ।

সামৰণী অনুষ্ঠানত বিশিষ্ট অতিথিসকল আৰু জুৰী সদস্যসকলৰ উপস্থিতিত বিজয়ীসকলৰ মাজত পুৰস্কাৰ আৰু বঁটাসমূহ বিতৰণ কৰা হ'ব । শ্ৰেষ্ঠ ছবিখনে ট্ৰফীৰ লগতে ১ লাখ টকাৰ নগদ বঁটা লাভ কৰিব । ইয়াৰ উপৰিও বিভিন্ন শিতানৰ অন্তৰ্গত প্ৰদান কৰা হ'ব অন্যান্য বঁটাসমূহ । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়া ।