ETV Bharat / entertainment

সংবিধানখনত যথেষ্ট সুৰুঙা আছে, সলনি কৰিব লাগে সংবিধানখন : জুবিন গাৰ্গ - Zubeen Garg

author img

By ETV Bharat Entertainment Team

Published : Aug 26, 2024, 9:08 PM IST

Zubeen Garg statements : ধৰ্ষণকাৰীক আটাইতকৈ ডাঙৰ শাস্তি প্ৰদানৰ আহ্বান জুবিন গাৰ্গৰ ৷ শিল্পীগৰাকীয়ে কয় যে আমাৰ সংবিধানখনত যথেষ্ট সুৰুঙা আছে ৷ সেইবোৰ চাব লাগে, সকলোৱে কেৱল ৰাজনীতি কৰে ৷ আমাৰ মানুহবোৰ সহজেই প্ৰৰোচিত হয় ৷

Zubeen Garg statements
শেহতীয়া কেবাটাও বিষয়ত জুবিন গাৰ্গৰ মন্তব্য (ETV Bharat Assam)

গুৱাহাটী, ২৬ আগষ্ট : চলিত বৰ্ষত মুক্তি পাবলগীয়া বহু প্ৰত্যাশিত ছবিসমূহৰ ভিতৰত এখন হৈছে ‘চিকাৰ’ ৷ ছবিখনৰ নাম ঘোষণাৰ পিচৰে পৰা অধীৰ আগ্ৰহেৰে বাট চাই আছে দৰ্শক ৷ ছবিখনৰ মুখ্যচৰিত্ৰত দৰ্শকে দেখিলৈ পাব শিল্পী জুবিন গাৰ্গক ৷ কাঞ্চনজংঘা, মিছন চাইনা, ডক্তৰ বেজবৰুৱাৰ আদিৰ দৰে কেবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰাৰ পিচত এবাৰ ‘চিকাৰ’ত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সাজু হৈছে জুবিন ৷ সোমাবাৰে মুক্তি পায় ‘চিকাৰ’ৰ টীজাৰ আৰু জুবিন গাৰ্গৰ কণ্ঠৰ ছবিখনৰ এটি গীত ‘সাতোৰঙী’ ৷

‘চিকাৰ’ৰ টীজাৰ আৰু গান মুকলি অনুষ্ঠানত উপস্থিত থাকি জুবিন গাৰ্গে কয়, ‘‘চিকাৰ ছবিখনত মোৰ চৰিত্ৰটোৰ নাম শংকৰ ৷ দ্বিতীয়বাৰৰ বাবে মই বাগানীয়া চৰিত্ৰত অভিনয় কৰিছো ৷ পূৰ্বেও মই এখন ছবিত বাগানীয়া চৰিত্ৰত অভিনয় কৰিছিলো ৷ অসমৰ লগতে লণ্ডনত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে৷ ছবিখন দৰ্শকে ভালপাব বুলি আশা কৰিছো ৷ ছবিখনৰ দুটা গীত আছে ৷ এটা আজি মুক্তি দিয়া হ'ল ৷ আনটো গানৰ কাম চলি আছে ৷ অতি সোনকালে সেইটো মুক্তি দিয়া হ'ব ৷’’

  • ‘চিকাৰ’ত জুবিনৰ চৰিত্ৰটোত প্ৰত্যাহ্বান আছে নেকি ?

এই সন্দৰ্ভত জুবিন গাৰ্গে কয়, ‘‘মই সদায় বেলেগ বেলেগ চৰিত্ৰ কৰি ভালপাওঁ ৷ এইখনো বেলেগ ৷ নতুন নতুন অভিনেতা-অভিনেত্ৰীৰ লগত অভিনয় কৰিবলৈ সুযোগ পাইছো ৷ চাহ বাগানৰ কাহিনী এটা৷ সকলো আহক, চিকাৰ চাওক ৷ জুবিন গাৰ্গেনো লণ্ডনত কি চিকাৰ কৰিছে ২০ ছেপ্টেম্বৰত দৰ্শকে গম পাব ৷’’

  • ‘ৰৈ ৰৈ বিনালে’ৰ সন্দৰ্ভত জুবিন গাৰ্গৰ মন্তব্য :

জুবিন গাৰ্গৰ নিজৰ পৰিচালনাৰে আহিবলগীয়া ছবি ‘ৰৈ ৰৈ বিনালে’ৰ সন্দৰ্ভত কয়, ‘‘ৰৈ ৰৈ বিনালেৰ বৰ্তমান স্ক্ৰীপ্টৰ কাম চলি আছে ৷ ডিচেম্বৰ মানত ছবিখনৰ শ্বুটিঙৰ কাম আৰম্ভ কৰা হ’ব ৷ মই ঠাণ্ডাৰ দিনত শ্বুটিং কৰি ভালপাওঁ, গৰমৰ দিনত অকণমান অসুবিধা হয় ৷ সেইখন কেৱল গানৰ ওপৰত নিৰ্মাণ কৰা ছবি হ’ব ৷ অসমত তেনেকুৱা ছবি প্ৰথম নিৰ্মাণ হ’ব ৷ ছবিখনত নীলা আকাশ, আচুৰ্য বৰপাত্ৰই অভিনয় কৰিব ৷’’

  • ধিংকাণ্ডৰ সন্দৰ্ভত জুবিনৰ প্ৰতিক্ৰিয়া :

ধিঙৰ ধৰ্ষণকাণ্ডৰ সন্দৰ্ভত শিল্পীগৰাকীয়ে কয়, ‘‘মই কলকাতালৈ শ্বুটিং কৰিবলৈ গৈছিলো ৷ তাতো একেই ঘটনা, ঘূৰি আহিছো একেই একেই ঘটনা ৷ এইবোৰত আচলতে আটাইতকৈ ডাঙৰ যি শাস্তি সেইটো দিব লাগে৷ এইক্ষেত্ৰত সকলো সচেতন হ'ব লাগিব ৷’’

  • USTM ৰ ডিগ্ৰী সন্দৰ্ভত জুবিনৰ প্ৰতিক্ৰিয়া :

ইউ এছ টি এমে সন্মানীয় ডক্টৰেট অব্ ডি লিট প্ৰদানৰ সন্দৰ্ভত শিল্পী জুবিন গাৰ্গে কয়, ‘‘এইটো এটা সন্মান ৷ বহুতকে এই সন্মান দিয়ে৷ আচলতে মোক দুবছৰমান আগৰ পৰা তেওঁলোকে কৈ আছিল ৷ বহু বিশ্ববিদ্যালয়ে এই সন্মান দিয়ে ৷ মোৰ এটা কথাই ভাল লাগিছে, মই হায়াৰ ছেকেণ্ডাৰী পাছ, তাৰ পিচতো যে মোক ডক্টৰেট দিছে সেইকাৰণে মই সুখী ৷’’

শিল্পীগৰাকীয়ে লগতে বানপানী প্ৰসংগত কয়, ‘‘বানপানী সকলোতে হয়৷ বানপানী মেঘালয় বুলি কথা নাই, ৩০ বছৰ ধৰি বানপানী দেখি আছো ৷ মই মেঘালয়, অৰুণাচল বেলেগ বুলি নাভাবো ৷ মই সকলোকে একে বুলি ভাবোঁ৷ সেইবোৰ ৰাজনৈতিক, প্ৰশাসনিক আৰু বৈজ্ঞানিক কথা ৷’’

  • ৰুক্মিণী গাঁৱত গছ কটাৰ প্ৰসংগত জুবিনৰ মন্তব্য :

ফ্লাই অ’ভাৰ নিৰ্মাণৰ বাবে গছ কটাৰ প্ৰসংগত জুবিন গাৰ্গে কয়, ‘‘ফ্লাই অ’ভাৰ লাগে নে গছ লাগে ? চৰকাৰে যিমান গছ কাটিছে, তাতকৈ বেছি গছ মই ৰুইছো ৷’’

  • স্মাৰ্ট মিটাৰৰ প্ৰসংগত জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া :

স্মাৰ্ট মিটাৰে ৰাজ্যবাসীক জলাকলা খুওৱাৰ প্ৰসংগত জুবিন গাৰ্গে কয়, ‘‘স্মাৰ্ট মিটাৰ মোৰ ঘৰতো দিছে ৷ কিন্তু মই এতিয়া মিটাৰ গুচাই দিয়াৰ কথা ভাবিছোঁ ৷ মিটাৰ গুচাই ষ্টুডিঅ’, ঘৰ সকলোতে ছ’লাৰ ছিষ্টেম কৰি দিম৷ সূৰ্যটো আছেতো ৷’’

  • সংবিধান সলনিৰ পোষকতা জুবিন গাৰ্গৰ :

জুবিন গাৰ্গে কয়, ‘‘মিঞা খেদাক লৈয়ে 30 বছৰ ধৰি আন্দোলন হৈ আছে ৷ মানুহ মৰি শেষ হ’ল ৷ খেদিব পাৰিছে জানো আজিলৈকে ? আচল কথা হ’ল আমাৰ সংবিধানখন সলনি কৰিব লাগে, ভুল আছে তাত ৷ সংবিধানখনত কিমান সুৰুঙা আছে সেইবোৰ কোনেও নাচায় ৷ সকলো মানুহে ৰাজনীতি কৰে ৷ আমাৰ মানুহবিলাক সোনকালে প্ৰৰোচিত হৈ যায়, কাৰণ আমি বহুল সাধাৰণ ৷’’

লগতে পঢ়ক : USTM এ ডি লিট সন্মান ঘোষণাৰ পাছতে মাতৃক লৈ সামাজিক মাধ্যমত আবেগিক পোষ্ট জুবিন গাৰ্গৰ

মুক্তি পালে বহু প্ৰত্যাশিত অসমীয়া ছবি চিকাৰৰ টিজাৰ

ধৰ্ষণকাৰীক বাঘৰ সন্মুখত এৰি দি কংকালবোৰ পুলিচক গতাই দিব লাগে: ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.