ETV Bharat / entertainment

টিভিৰ পৰা বক্স অফিচত নিজৰ স্থিতি দৃঢ় কৰালৈকে মৃণালৰ যাত্ৰা সঁচাই প্ৰশংসনীয় - Mrunal Thakur Birthday

author img

By ETV Bharat Entertainment Team

Published : Aug 1, 2024, 12:38 PM IST

Updated : Aug 1, 2024, 5:23 PM IST

Mrunal Thakur birthday : মৃণাল ঠাকুৰৰ জন্মদিনৰ বিশেষ : টিভিৰ পৰা বক্স অফিচত ৰাজত্ব কৰালৈকে, তেওঁৰ প্ৰেৰণাদায়ক যাত্ৰালৈ উভতি চাওঁ আহক-

Mrunal Thakur Birthday Special: From TV Roles to Ruling Bollywood and Tollywood- a Look Back at Her Inspiring Journey
মৃণাল ঠাকুৰ (ANI/ETV Bharat Assam)

চিটাৰা ডেস্ক, 1 আগষ্ট : মৃণাল ঠাকুৰৰ আজি জন্মদিন ৷ বিশেষ দিনটো তেওঁৰ ঈৰ্ষণীয় সাফল্য আৰু আহিবলগীয়া উজ্জ্বল ভৱিষ্যতক প্ৰশংসা কৰাৰ এক সুন্দৰ সুযোগ ৷ দূৰদৰ্শনৰ পৰা বলীউডৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হোৱালৈ তেওঁৰ যাত্ৰা হৈছে আবেগ, নিষ্ঠা আৰু প্ৰতিভাৰ এক উল্লেখযোগ্য কাহিনী ।

টেলিভিছন জগতৰ পৰা ৰূপালী পৰ্দাত ভিন্ন চৰিত্ৰৰে মৃণালে বহু অনুৰাগী গোটালে ৷ এতিয়া মৃণাল বলীউডৰ এগৰাকী বিশিষ্ট চলচ্চিত্ৰ তাৰকা বুলি ক’লেও ভুল কোৱা নহ’ব ৷ বহুমুখী অভিনয় আৰু অনস্বীকাৰ্য মনোমোহাতাৰে দৰ্শকক খুব ভালকৈ মোহিত কৰিব জানে তেওঁ । তেওঁৰ কেৰিয়াৰ তেওঁৰ কঠোৰ পৰিশ্ৰম, প্ৰতিভা আৰু স্থিতিস্থাপকতাৰ প্ৰমাণ ৷ বিভিন্ন ভাষাৰ তাৰকাসকলৰ ভিতৰত অন্যতম প্ৰশংসিত এগৰাকী তাৰকা মৃণাল ঠাকুৰ ।

টিভি জগতত আত্মপ্ৰকাশ

মনোৰঞ্জন উদ্যোগত ঠাকুৰৰ প্ৰৱেশ দূৰদৰ্শনৰ জৰিয়তে আৰম্ভ হৈছিল ৷ জনপ্ৰিয় ধাৰাবাহিক কুমকুম ভাগ্যত তেওঁৰ চৰিত্ৰটোৰ বাবে গুৰুত্বপূৰ্ণ স্বীকৃতি লাভ কৰিছিল । হিট ড্ৰামাখনৰ বুলবুলৰ চৰিত্ৰই মৃণালৰ অভিনয় দক্ষতা প্ৰদৰ্শন কৰিছিল । এই সফলতাই তেওঁৰ জীৱনৰ মাপকাঠি বুলি ক’ব পাৰি যিয়ে তেওঁক চলচ্চিত্ৰ জগতৰ ৰাস্তা দেখুৱাইছিল ।

মৃণাল ঠাকুৰৰ বিগ স্ক্ৰীণলৈ অভিষেক

ডাঙৰ পৰ্দাত তেওঁ ভূমূকি মাৰে 2018 চনৰ ছবি লাভ ছোনিয়াৰ জৰিয়তে । মানৱ সৰবৰাহৰ ওপৰত নিৰ্মিত নাটকখনত মৃণালৰ অভিনয়ে প্ৰশংসা লাভ কৰে । তেওঁৰ অভিনয় দক্ষতাক সমালোচক আৰু দৰ্শকে প্ৰশংসা কৰে ৷ ইমান প্ৰত্যাহ্বানমূলক ভূমিকা এটাক সুচাৰুৰূপে চম্ভালিব পৰাৰ বাবে তেওঁ প্ৰশংসা লাভ কৰিছিল । এই আত্মপ্ৰকাশে তেওঁক এগৰাকী প্ৰকৃত তাৰকা হিচাপে প্ৰতিষ্ঠা কৰাই নহয়, চলচ্চিত্ৰ জগতত অধিক উল্লেখযোগ্য সুযোগৰ দুৱাৰো মুকলি কৰি দিলে ।

পৰৱৰ্তী উল্লেখযোগ্য ছবি

এই সফলতাৰ পিচত মৃণাল ঠাকুৰে ছুপাৰ 30 (2019) ছবিত অভিনয় কৰিছিল, য’ত তেওঁ হৃত্বিক ৰোশনৰ বিপৰীতে সুপ্ৰিয়া শুক্লাৰ চৰিত্ৰটো ৰূপায়ন কৰিছিল । গণিতজ্ঞ আনন্দ কুমাৰৰ জীৱনৰ আধাৰত নিৰ্মিত ছবিখনে ব্যৱসায়িকভাৱে সফলতা লাভ কৰাৰ লগতে মৃণালক উদীয়মান তাৰকা হিচাপে মৰ্যাদা দিয়াইছিল ।

জন আব্ৰাহাম অভিনীত বাস্তৱ জীৱনৰ ঘটনাৰ পৰা অনুপ্ৰাণিত এখন চলচ্চিত্ৰ বাটলা হাউচ (2019)ত তেওঁৰ চৰিত্ৰৰ দ্বাৰা মৃনালৰ আকৰ্ষণীয় কেৰিয়াৰে গতি লাভ কৰে । এগৰাকী দৃঢ় প্ৰতিজ্ঞ সাংবাদিক হিচাপে তেওঁৰ ভূমিকাই তেওঁৰ অভিনয়শৈলীক এক অন্য মাত্ৰা প্ৰদান কৰে ৷ তেওঁৰ বহুমুখী প্ৰতিভা আৰু গভীৰতা প্ৰদৰ্শন হয় চৰিত্ৰটোৰে ।

2020 চনত অভিনেত্ৰীগৰাকীয়ে ধমাকা ছবিখনৰ জৰিয়তে ডিজিটেল জগতত প্ৰৱেশ কৰে । এই হাই-ষ্টেক থ্ৰিলাৰখনত তেওঁৰ অভিনয়ে সমাদৰ লাভ কৰে ৷ অভিনেত্ৰীগৰাকীৰ কেৰিয়াৰ কেৱল হিন্দী ছবিৰ সংকলনেই নহয় কিয়নো অতি সোনকালেই তেওঁ তেলুগু চিনেমাত আগ্ৰাসন কৰে ।

দক্ষিণ উদ্যোগত মৃণাল ঠাকুৰৰ আগ্ৰাসন

সমালোচকৰ প্ৰশংসিত ছবি সীতা ৰমম, য’ত দুলকৰ ছলমানৰ বিপৰীতে আৰু সহ-অভিনেত্ৰী ৰশ্মিকা মান্দান্না সৈতে ঠাকুৰে টলীউডত যথেষ্ট সমাদৰ লাভ কৰে । তাৰ পিচত হাই নান্নাৰ সৈতে সফলতাৰ সোৱাদ লয় । ছবিখনে বক্স অফিচত সফলতা লাভ কৰে আৰু মুখ্য অভিনেতা নানীৰ সৈতে তেওঁৰ যুটিয়ে সকলোৰে হৃদয় জিনে । বিজয় দেৱেৰাকোণ্ডাৰ সৈতে দ্য ফেমিলি ষ্টাৰ ছবিতো মৃণালে অভিনয় কৰে ।

আগলৈ চালে শ্ব’বিজত মৃণালৰ ভৱিষ্যত অবিশ্বাস্যভাৱে আশাব্যঞ্জক যেন লাগে । শীৰ্ষ পৰিচালক আৰু অভিনেতাৰ সৈতে সহযোগিতাকে ধৰি কেইবাটাও ৰোমাঞ্চকৰ প্ৰকল্প তেওঁৰ হাতত আছে ৷

লগতে পঢ়ক : জন্মদিনৰ দিনটোত কিয়াৰা আদৱানীক চাওক ‘জাবিলাম্মা’ ৰূপত - Kiara Advani birthday

Last Updated : Aug 1, 2024, 5:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.