ETV Bharat / entertainment

IFFM ৰ ৰাষ্ট্ৰদূত ৰাম চৰণে উত্তোলন কৰিলে ৰাষ্ট্ৰীয় পতাকা - Ram Charan Ambassador at IFFM

author img

By ETV Bharat Entertainment Team

Published : Aug 17, 2024, 6:22 PM IST

Melbourne Film Festival: মেলবৰ্ণ চলচ্চিত্ৰ মহোৎসৱ 2024 ত ৰাম চৰণে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে, যাৰ আভাস আই এফ এফ এমে নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰিছে ।

Melbourne Indian Film Festival: Megastar Ram Charan Hoisting Indian National Flag, superstar thanks to evenryone for the love
ৰাম চৰণ (ANI)

চিটাৰা ডেস্ক, 17 আগষ্ট : দক্ষিণৰ মেগাষ্টাৰ ৰাম চৰণে 15 সংখ্যক মেলবৰ্ণ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত নিজৰ উপস্থিতি নিশ্চিত কৰে য’ত তেওঁক ভাৰতীয় কলা আৰু সংস্কৃতিৰ ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত কৰা হয় । আটাইতকৈ গৌৰৱৰ মুহূৰ্তটো আছিল যেতিয়া চলচ্চিত্ৰ মহোৎসৱত ৰাম চৰণে পতাকা উত্তোলন কৰে । শেহতীয়াকৈ আই এফ এফ এমৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলে মেলবৰ্ণ ফিল্ম ফেষ্টিভেলৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত ৰাম চৰণে ভাৰতীয় পতাকা উত্তোলন কৰিছে । পতাকা উত্তোলনৰ অন্তত তাত উপস্থিত থকা সকলো নাগৰিকে ভাৰতীয় জাতীয় সংগীত জন গণ মন গাইছিল ।

ৰাম চৰণে উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা

ৰাম চৰণে মেলবৰ্ণ চলচ্চিত্ৰ মহোৎসৱত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । হাজাৰ হাজাৰ লোকে তেওঁৰ এক আভাস পাবলৈ উক্ত অনুষ্ঠানত উপস্থিত হয়, সকলোৱে সমস্বৰে ৰাষ্ট্ৰীয় গীত গাই পৰিৱেশটো মধুৰ কৰি তোলে । আই আই এফ এমে ইয়াৰ অফিচিয়েল ছ'চিয়েল মিডিয়া পেজত ৰাম চৰণৰ কেইখনমান ফটো পোষ্ট কৰি শিৰোনামত লিখে, "এইটো আইকনিক ফেড স্কোৱেৰত এক ঐতিহাসিক পুৱা আছিল যেতিয়া গ্লোবেল ষ্টাৰ ৰাম চৰণে কেৱল তেওঁক চাবলৈ সমবেত হোৱা হাজাৰ হাজাৰ লোকৰ মাজত ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল ।"

লগতে পঢ়ক : শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিব বুলি ভবাই নাছিল ঋষভ শ্বেট্টীয়ে - Rishab Shetty best actor Kantara

দক্ষিণৰ ছুপাৰষ্টাৰ ৰাম চৰণে মেলবৰ্ণ চলচ্চিত্ৰ মহোৎসৱত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি কয়, ‘আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ, ইয়াত উপস্থিত হোৱাটো এক সন্মানৰ কথা, মেলবৰ্ণ ইণ্ডিয়ান চলচ্চিত্ৰ মহোৎসৱ, কি এক আশ্চৰ্যকৰ সন্ধিয়া ।’ আপোনালোকক কওঁ যে পঞ্চদশ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ মেলবৰ্ণত ৰাম চৰণক ভাৰতীয় কলা-সংস্কৃতিৰ ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত কৰা হৈছে । গ্ল’বেল ষ্টাৰ ৰাম এনে কৃতিত্ব অৰ্জন কৰা প্ৰথমজন ভাৰতীয় অভিনেতা হিচাপে পৰিগণিত হৈছে । ৰাম চৰণৰ পূৰ্বৰ ছবি আছিল ৰাজামৌলিৰ আৰ আৰ আৰ যিয়ে বিশ্বব্যাপী বক্স অফিচত ভাল প্ৰদৰ্শন কৰিছিল আৰু 1000 কোটিৰো অধিক উপাৰ্জন কৰিছিল ।

মেলবৰ্ণ চলচ্চিত্ৰ মহোৎসৱত বিক্ৰান্ত মেছিৰ 12 ফেইলক শ্ৰেষ্ঠ ছবি আৰু কাৰ্তিক আৰিয়ানক চন্দু চেম্পিয়নৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা প্ৰদান কৰা হয় । বিক্ৰান্ত মেছিয়ে লাভ কৰে সমালোচকৰ পছন্দৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা । লগতে কিৰণ ৰাওৰ লাপতা লেডিজক শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ চয়চ বঁটাৰে সন্মানিত কৰা হয় । 15 আগষ্টৰ পৰা 25 আগষ্টলৈ চলিব মেলবৰ্ণৰ 15 সংখ্যক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ ।

লগতে পঢ়ক : IFFM ৰ ৰাষ্ট্ৰদূত হিচাপে ঘোষণা হ’ল অভিনেতা ৰাম চৰণৰ নাম - RAM CHARAN AT IIFM 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.