ETV Bharat / entertainment

মুফাছা দ্য লায়ন কিঙৰ তেলুগু সংস্কৰণৰ বাবে কণ্ঠস্বৰ প্ৰদান কৰিব মহেশ বাবুৱে - MAHESH BABU MUFASA VOICEOVER

author img

By ETV Bharat Entertainment Team

Published : Aug 21, 2024, 6:20 PM IST

Mahesh Babu voice over for Mufasa: ‘মুফাছা: দ্য লায়ন কিং’ ৰ নিৰ্মাতাসকলে ছবিখনৰ ভইচ অভাৰৰ কাম কৰি আছে । ইংৰাজী আৰু হিন্দী ট্ৰেইলাৰ মুকলি কৰাৰ পিছত তেওঁলোকে তেলুগু সংস্কৰণৰ ট্ৰেইলাৰ প্ৰস্তুত কৰি আছে । খবৰ অনুসৰি দক্ষিণৰ ছুপাৰষ্টাৰ মহেশ বাবুৱে ‘মুফাছা: দ্য লায়ন কিং’ ৰ তেলুগু সংস্কৰণত মুফাছাৰ বাবে ভইচ অভাৰ দিব ।

Mahesh Babu to give voice over for Mufasa The Lion King in Telugu version, trailer to be released on THIS day
কণ্ঠস্বৰ প্ৰদান কৰিব মহেশ বাবুয়ে (@DisneyStudiosIN Twitter)

চিটাৰা ডেস্ক, 21 আগষ্ট : ডিজনীৰ আগন্তুক ছবি ‘মুফাছা: দ্য লায়ন কিং’ ৰ দলত যোগদান কৰিছে দক্ষিণৰ ছুপাৰষ্টাৰ মহেশ বাবুৱে । ছবিখনৰ হিন্দী সংস্কৰণত বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে মুফাছাৰ কণ্ঠস্বৰ দিয়াৰ বিপৰীতে মহেশ বাবুক তেলুগু সংস্কৰণত মুফাছাৰ কণ্ঠ প্ৰদানৰ বাবে নিৰ্বাচিত কৰা হৈছে । এই খবৰ নিশ্চিত কৰিছে ডিজনী ইণ্ডিয়াই । ইয়াৰ উপৰিও ‘মুফাছা: দ্য লায়ন কিং’ ৰ তেলুগু সংস্কৰণৰ বিষয়েও এটা আপডেট দিয়া হৈছে ।

21 আগষ্ট বুধবাৰে ৱাল্ট ডিজনী ষ্টুডিঅ’ ইণ্ডিয়াই নিজৰ অফিচিয়েল এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত ‘মুফাছা: দ্য লায়ন কিং’ ৰ তেলুগু সংস্কৰণৰ বিষয়ে এটা আপডেট শ্বেয়াৰ কৰে । মেকাৰসকলে মুফাছাৰ পোষ্টাৰখন তেলুগু সংস্কৰণত পোষ্ট কৰিছে । মহেশ বাবুৰ ফটোৰ সৈতে এই কথা সংযোজন কৰিছে নিৰ্মাতাই ।

পোষ্টাৰখন শ্বেয়াৰ কৰাৰ সময়ত নিৰ্মাতাসকলে কেপশ্যনত লিখিছে, ‘জংগল লাইফৰ সৰ্বোচ্চ ৰজাক জীৱন্ত কৰি তোলা । তেলুগু ভাষাত মুফাছাৰ কণ্ঠ হিচাপে ছুপাৰষ্টাৰ মহেশ বাবুক উপস্থাপন কৰিবলৈ উৎসাহিত । সোমবাৰে মুক্তি পাবলগীয়া ‘মুফাছা: দ্য লায়ন কিং’ৰ তেলুগু ট্ৰেইলাৰ চাওক । বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানে ছবিখনৰ হিন্দী সংস্কৰণৰ বাবে মুফাছাৰ কণ্ঠ প্ৰদান কৰাৰ বিপৰীতে আৰিয়ান খানে চিম্বাৰ কণ্ঠ আৰু আব্ৰাম খানে যুৱ মুফাছাৰ কণ্ঠ প্ৰদান কৰিব ।

'মুফাছা'ৰ তেলুগু ট্ৰেইলাৰ কেতিয়া মুক্তি পাব?

বাণিজ্য বিশ্লেষক তৰণ আদৰ্শে 'মুফাছা: দ্য লায়ন কিং' ৰ তেলুগু সংস্কৰণৰ ট্ৰেইলাৰ মুকলি হোৱাৰ কথা প্ৰকাশ কৰিছে । তৰণৰ মতে, মুফাছা: দ্য লায়ন কিঙৰ তেলুগু ট্ৰেইলাৰ 2024 চনৰ 26 আগষ্টত পুৱা 11.07 বজাত মুকলি কৰা হ'ব । চলচ্চিত্ৰখন 2024 চনৰ 20 ডিচেম্বৰত ইংৰাজী, হিন্দী, তামিল আৰু তেলুগু চাৰিটা ভাষাত খ্ৰীষ্টমাছৰ সময়ত ছবিগৃহত উপলব্ধ হ’ব ।

লগতে পঢ়ক : মুক্তি পালে অপৰাধ-ৰহস্য-থ্ৰিলাৰেৰে পৰিপূৰ্ণ 'দ্য বাকিংহাম মাৰ্ডাৰ্ছ'ৰ টিজাৰ - The Buckingham Murders Teaser

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.