ETV Bharat / entertainment

ছবিগৃহত সগৌৰৱে চলি আছে লোকেল কুংফু 3 - Local kungfu 3

author img

By ETV Bharat Entertainment Team

Published : Sep 7, 2024, 10:29 AM IST

Local kungfu 3 : মুক্তি পালে নতুন অসমীয়া ছবি ‘‘লোকেল কুংফু 3’’ । সমৰকলা আৰু হাস্যৰসধৰ্মী বিষয়ক লৈ নিৰ্মাণ কৰা এই ছবিখন ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় কেইটা ছবিগৃহতে মুক্তি লাভ কৰিছে ।

local kungfu 3 is running successfully in theaters
লোকেল কুংফু 3ৰ পোষ্টাৰ (Local Kung Fu Team)

গুৱাহাটী, 7 ছেপ্টেম্বৰ : শিক্ষক দিৱস অৰ্থাৎ 5 ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰিলে নতুন অসমীয়া ছবি ‘‘লোকেল কুংফু 3’’ এ । অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও ছবিগৃহত মুক্তি লাভ কৰা ছবিখনকলৈ এতিয়া দেখা গৈছে দৰ্শকৰ বিপুল সঁহাৰি । সমৰকলা আৰু হাস্যৰসধৰ্মী এই ছবিখনৰ পৰিচালনা কৰিছে পৰিচালক তথা অভিনেতা কেনি দেউৰী বসুমতাৰীয়ে ।

লোকেল কুংফু 1 আৰু লোকেল কুংফু 2 ৰ ধাৰাবাহিক সফলতাৰ পিছত বৃহস্পতিবাৰে মুক্তি লাভ কৰিলে ‘‘লোকেল কুংফু 3’’ এ । ছবিখন সন্দৰ্ভত ছবিখনৰ পৰিচালক কেনি বসুমতাৰীয়ে ইটিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত জনালে ছবিখন সন্দৰ্ভত কিছুকথা ।

  • দৰ্শকৰ সঁহাৰি কেনেধৰণৰ ?

এই সন্দৰ্ভত কেনি বসুমতাৰীয়ে কয়, ‘‘আমি ছবিখন মুক্তিৰ পাচত কেইবাটাও ছবিগৃহলৈ গৈছিলো সকলোতে দৰ্শকৰ যথেষ্ট ভাল সঁহাৰি পাইছো । দৰ্শকে ছবিখন চাই হাঁহি আছে, সেই হাঁহিটো আমাৰ বাবে আশীৰ্বাদ । দৰ্শকক যিমান পাৰো আমি মনোৰঞ্জন দিবলৈ চেষ্টা কৰিছো । এইবাৰ ছবিখন আমি অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও ছবিগৃহত মুক্তি দিছো । সকলোতে দৰ্শকৰ ভাল সঁহাৰিয়ে লাভ কৰিছো ।’’

লগতে পঢ়ক : লোকেল কুংফুৰ সংলাপ লিখা চি-চাৰ্ট পিন্ধি চাবলৈ যাব পাৰিব লোকেল কুংফু 3 - Local Kung Fu merchandise

উল্লেখ্য যে, সদ্যমুক্তি প্ৰাপ্ত ‘‘লোকেল কুংফু 3’’ৰ জৰিয়তে দৰ্শক মাজলৈ উভতি আহি আছে লোকেল কুংফু 1 ৰ জনপ্ৰিয় চৰিত্ৰসমূহ । এটা মাত্ৰ DSLR কেমেৰা আৰু পৰিয়াল, ভাতৃ তথা বন্ধুবৰ্গৰ সৈতে লগ হৈ নিৰ্মাণ কৰা কেনি বসুমতাৰীৰ প্ৰথম ছবি ‘‘লোকেল কুংফু 1’’ টীম এতিয়া ডাঙৰ হৈছে । ‘‘লোকেল কুংফু 3’’ত পুৰণি চৰিত্ৰসমূহৰ লগতে এইবাৰ চাৰ্লিৰ প্ৰেয়সীৰ চৰিত্ৰত ৰিম্পী দাস, দুলু তানসেনৰ বিগ বছৰ চৰিত্ৰত ৰোহন দাস, ছবিখনৰ নতুন খলনায়কৰ ৰূপত জাভেদ আখটাৰ আৰু ৰুবুল বড়োৱে অভিনয় কৰিছে ।

লোকেল কুংফু 2 ত মুখ্য খলনায়কৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত এতিয়া লোকেল কুংফু 3 ত এগৰাকী আদৰ্শ শিক্ষকৰ চৰিত্ৰত অভিনয় কৰিছে বিভূতি ভূষণ হাজৰিকাই । ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য কেনি দেউৰী বসুমতাৰীৰ । 2013 চনত আৰু 2017 চনত মুক্তি লাভ কৰা লোকেল কুংফু 1 আৰু 2 ৰ পিছত এইবাৰ লোকেল কুংফু 3 কো সমানে মৰম দিব বুলি আশাবাদী নিৰ্মাতাৰ লগতে ছবিখনৰ লগত জড়িত সকলো ।

লগতে পঢ়ক : শিক্ষক দিৱসৰ দিনাই কিয় মুক্তি দিবলৈ লোৱা হৈছে লোকেল কুংফু 3 ? - LOCAL KUNG FU 3

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.