ETV Bharat / entertainment

ক’লা হৰিণা চিকাৰৰ গোচৰটো ঢাকিবলৈ ব্লেংক চেক দিছিল ছলমানে !

বিষ্ণৈ পৰিয়ালৰ এজন সদস্যই প্ৰকাশ কৰিছে যে ছলমান খানে এবাৰ ব্লেংক চেক দিছিল আৰু মনে বিচৰা অনুসৰি ধনৰ পৰিমাণ লিখিবলৈ কৈছিল ।

lawrence bishnoi family member ramesh bishnoi says salman khan offered blank cheque to bishnoi community for black buck case settlement
ছলমান খান (Photo : Etv Bharat)
author img

By ETV Bharat Entertainment Team

Published : Oct 25, 2024, 4:47 PM IST

হায়দৰাবাদ : শেহতীয়াকৈ লৰেন্স বিষ্ণৈ দলে কঁপাই তুলিছে বলীউড ৷ ছলমান খানলৈ আহিছে ভিন্ন ধৰণৰ ভাবুকি । বিষ্ণৈ সমাজত ছলমান খানৰ বিৰুদ্ধে বহুদিনীয়া ক্ষোভ আছে, কাৰণ ছলমানে ছবিৰ দৃশ্যগ্ৰহণৰ সময়ত ক’লা হৰিণা চিকাৰ কৰিছিল বুলি অভিযোগ আছে । বিষ্ণৈ সমাজত ক’লা হৰিণাক দেৱতাৰ দৰে উপাসনা কৰা হয় ।

এই ঘটনাটো 1998 চনৰ, যি আজিও চৰ্চাত । অৱশ্যে, ছলমান খান আৰু তেওঁৰ পৰিয়ালে স্পষ্টকৈ কৈছে যে অভিনেতাজনে ক’লা হৰিণা চিকাৰ কৰা নাই । এক শেহতীয়া প্ৰতিবেদন অনুসৰি, লৰেন্স বিষ্ণৈৰ সম্পৰ্কীয় এজন ব্যক্তিয়ে এক আচৰিত দাবী কৰিছে । লৰেন্স বিষ্ণৈৰ সম্পৰ্কীয় ভাতৃৰ মতে, ছলমান খানে ক’লা হৰিণা চিকাৰৰ বিষয়টো ঢাকিবলৈ উকা চেক দিছিল ।

ছলমানে এখন ব্লেংক চেক লৈ আহিছিল: ৰমেশ বিষ্ণৈ

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এক সাক্ষাৎকাৰত লৰেন্স বিষ্ণৈৰ সম্পৰ্কীয় ভাতৃ ৰমেশ বিষ্ণৈয়ে দাবী কৰিছে যে যেতিয়া ছলমান খানৰ বিৰুদ্ধে ক’লা হৰিণা চিকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল, তেতিয়া অভিনেতাজনে ক্ষতিপূৰণ দিয়াৰ কথা কৈছিল । বাতৰি অনুসৰি, ৰমেশে দাবী কৰিছে যে এই গোচৰটোৰ সময়ত ছলমান খানে বিষ্ণৈ সম্প্ৰদায়লৈ ব্লেংক চেক আনিছিল আৰু তেওঁলোকক তেওঁলোকে বিচৰা ধৰণে ধনৰ পৰিমাণ লিখিবলৈ কৈছিল ৷ ৰমেশে যুক্তি দিছিল যে বিষ্ণৈ সমাজ ধনৰ পক্ষত নহয়, পৰম শ্ৰদ্ধাৰ হৰিণাৰ পক্ষতহে আছিল ।

সমগ্ৰ বিষ্ণৈ সমাজ ক্ৰোধিত আছিল: ৰমেশ বিষ্ণৈ

বাতৰি অনুসৰি, ক’লা হৰিণাৰ গোচৰ সন্দৰ্ভত ছলমানৰ পিতৃ চেলিম খানে দাবী কৰিছে যে লৰেন্স বিষ্ণৈয়ে কেৱল পইচাৰ বাবে ছলমান খানক হাৰাশাস্তি কৰি আছে ৷ কিন্তু ৰমেশে কয় যে এই বিষয়টো ধনৰ নহয়, আদৰ্শৰহে ৷ ৰমেশে আৰু কয় যে লৰেন্সৰ 100 একৰতকৈয়ো অধিক মাটি আছিল আৰু তেওঁ সেই সময়ত ইমান ধনী আছিল যে তেওঁ কাৰো পৰা ধন ল’বলগীয়া অৱস্থা নাছিল ।

লগতে পঢ়ক : আৰক্ষীৰ জালত ছলমানক মৃত্যুৰ ভাবুকি দিয়া ব্যক্তিজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.