চিটাৰা ডেস্ক, ৭ মাৰ্চ: বৰ্তমান ছবিগৃহত চলি আছে কিৰণ ৰাওৰ ছবি ‘লাপাতা লেডিজ’ । ছবিগৃহত চলি থকাৰ মাজতে এতিয়া ছবিখনৰ সন্দৰ্ভত এটা বিশেষ অফাৰ দিছে নিৰ্মাতাই ৷
মাত্ৰ ১০০ টকাত চাওক লাপাতা লেডিজ
চলচ্চিত্ৰ নিৰ্মাতা কিৰণ ৰাৱে নিজৰ অনুৰাগীক এক ডাঙৰ উপহাৰ দিছে । নাৰী দিৱস উপলক্ষে ছবিখনৰ টিকটৰ মূল্য হ্ৰাস কৰি ১০০ টকালৈ কৰি দিছে । হয়, মাত্ৰ ১০০ টকাত ‘নাৰী দিৱস’ত এই ছবিখন উপভোগ কৰিব পাৰিব ।
ছবিখনে আয় কৰিলে ব্যয় কৰা ধন
যদি আমি বক্স অফিচত ‘লাপাতা লেডিজ’ৰ উপাৰ্জনৰ কথা কওঁ, তেন্তে ৬ দিনৰ মুঠ সংগ্ৰহ এতিয়া ৫.৪৫ কোটি টকা হৈছেগৈ । ৫ কোটি টকাৰ বাজেটেৰে নিৰ্মিত এই ছবিখনে ব্যয় কৰা ধন আদায় কৰিছে ।
আমিৰ খানৰ প্ৰযোজনাত নিৰ্মিত এই ছবিখনে সমালোচকৰ লগতে বহু চলচ্চিত্ৰ তাৰকাৰ পৰাও ভাল সঁহাৰি লাভ কৰিছে । এনে পৰিস্থিতিত ছবিখনৰ উপাৰ্জন কিছু বৃদ্ধি পাইছে ৷ উল্লেখ্য যে, ছবিখনে IMDB ত 8.1 ৰেটিং পাইছে ।
উল্লেখ্য যে, কিৰণ ৰাওৰ পৰিচালনাত নিৰ্মিত এই ছবিখন এখন কমেডী-ড্ৰামা ছবি য’ত গ্ৰাম্য অঞ্চলৰ কাহিনী দেখুওৱা হৈছে । ছবিখনৰ কাষ্টিঙো আচৰিত ধৰণৰ আছিল । ৰবি কিষানৰ উপৰিও লাপাতা লেডিজত নিতংশী গোৱাল, প্ৰতিভা ৰন্ত, স্পৰ্শ শ্ৰীবাস্তৱ আৰু ছয়া কদমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।
কিৰণ আৰু আমিৰে নিজৰ ছবিখনৰ ব্যাপক প্ৰচাৰ কৰিছিল । ছবিখনৰ প্ৰচাৰৰ বাবে আমিৰ আৰু কিৰণৰ লগতে সমগ্ৰ তাৰকা অভিনেতাই দেশৰ বিভিন্ন চহৰলৈ গৈছিল । উল্লেখ্য যে, এই ছবিখনৰ পূৰ্বে কিৰণ ৰাৱে পৰিচালনা কৰিছিল ‘ধোবি ঘাট’, যিটো দৰ্শকে বহুত ভাল পাইছিল ।
লগতে পঢ়ক: অ’টিটিত মুক্তি পাব কেটৰিণা-বিজয়ৰ মেৰী খ্ৰীষ্টমাছ