ETV Bharat / entertainment

ৰাৱনৰ চৰিত্ৰত অভিনয় নকৰে KGF তাৰকা যশে - Ramayana

author img

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 1:07 PM IST

KGF FAME YASH : KGF তাৰকা যশে ছবিখনত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিবলৈ অস্বীকাৰ কৰিছে। ৰামায়ণ বোলছবিখনত অভিনেতাজনে কি চৰিত্ৰত অভিনয় কৰিব জানক ।

Ramayana
ৰাৱনৰ চৰিত্ৰত অভিনয় নকৰে KGF তাৰকা য়শে

চিটাৰা ডেস্ক, 10 এপ্ৰিল : অচিৰেই আহি আছে ৰামায়ণ ৷ ৰণবীৰ কাপুৰ আৰু সাই পল্লৱী অভিনীত পৌৰাণিক আখ্যানৰ ওপৰত আধাৰিত ছবি 'ৰামায়ণ'ৰ দৃশ্যগ্ৰহণ শেহতীয়াকৈ আৰম্ভ হৈছে । 'ৰামায়ণ' বোলছবিখন দীৰ্ঘদিন ধৰি চৰ্চাত আছে ৷

শেহতীয়াকৈ, চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ কিছু ছবি আৰু অযোধ্যাৰ ছেটৰ ছবিও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷ এই ফটোসমূহ দেখাৰ পিচতে অনুৰাগীসকলৰ মাজত ছবিখনৰ বাবে উদ্বেগ বৃদ্ধি হৈছে ৷

ইয়াৰ মাজতেই ৰামায়ণ ছবিখনত কেজিএফ তাৰকা যশে ৰাৱনৰ চৰিত্ৰত অভিনয় কৰিবলৈ অস্বীকাৰ কৰা বুলি খবৰ লাভ কৰা হৈছে ৷ তেওঁ এগৰাকী প্ৰযোজক হিচাপে ছবিখনৰ সৈতে জড়িত বুলিহে জানিব পৰা গৈছে ৷

আনহাতে খবৰ ওলাইছিল যে যশে ছবিখনত ৰাৱনৰ চৰিত্ৰৰ বাবে ৮০ কোটি টকা লৈছে । কিন্তু এতিয়া কোৱা হৈছে যে অভিনেতাজন এজন প্ৰযোজক হিচাপে ছবিখনৰ অংশ হ'ব । অৱশ্যে, অভিনেতা আৰু নিৰ্মাতাসকলৰ পৰা এই বাতৰিটোৰ বিষয়ে কোনো নিশ্চিতি পোৱা হোৱা নাই ।

এই বাতৰিটো যশৰ অনুৰাগীসকলক আচৰিত কৰি তুলিছে ৷ কিয়নো অভিনেতা যশে ৰাৱনৰ চৰিত্ৰত অভিনয় কৰিব বুলি এক দীঘলীয়া আলোচনা চলি আছিল ৷ কিন্তু এতিয়া এই বাতৰিয়ে পৰিস্থিতি সম্পূৰ্ণৰূপে সলনি কৰি দিছে ৷ পৰৱৰ্তী সময়ত ৰামায়ণৰ নিৰ্মাতাসকলে এই খবৰৰ প্ৰতি কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া সময়তহে হ’ব লক্ষণীয় ৷

ছবিখনৰ প্ৰথম অংশটো ২০২৫ চনৰ দ্বিতীয়াৰ্ধত মুক্তি পাব আৰু ছবিখনৰ প্ৰথম ভাগত ৰাৱনৰ কোনো আভাস নাথাকিব । চলচ্চিত্ৰখনৰ প্ৰথম অংশ আৰু দ্বিতীয় অংশত ৰামৰ বিবাহ আৰু নিৰ্বাসন আৰু তৃতীয় অংশত আৰু ৰাৱণৰ সৈতে যুদ্ধ দেখা যাব ৷

লগতে পঢ়ক: মুক্তিৰ তাৰিখ পিছুৱালে বড়ে মিয়া ছোটে মিয়াৰ - Bade Miyan Chote Miyan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.