ETV Bharat / entertainment

শ্বাহৰুখ খানৰ ডাই-হাৰ্ড অনুৰাগীসকলে মনত ৰাখক এইকেইটা তাৰিখ - SRK MOVIES TO RE RELEASE

দৰ্শকৰ মনত দকৈ সাঁচ বহুওৱা শ্বাহৰুখ খানৰ ৰোমান্টিক চলচ্চিত্ৰসমূহ এই মাহত পুনৰ ছবিগৃহত মুক্তি পাব । তালিকা চাই লওক-

Karan Arjun to Kal Ho Naa Ho, SRK's these Movies to re-release in theatre, check list
শ্বাহৰুখ খানৰ ৰোমান্টিক চলচ্চিত্ৰ (Photo : Film Posters)
author img

By ETV Bharat Entertainment Team

Published : Nov 13, 2024, 7:15 PM IST

হায়দৰাবাদ : বলীউডৰ বাদশ্বাহ বৰ্তমান তেওঁৰ আটাইতকৈ প্ৰতীক্ষিত ছবি ‘কিং’ ৰ বাবে চৰ্চাত আছে । জানিব পৰা মতে, শ্বাহৰুখ খানে কিং চলচ্চিত্ৰখনৰ কাম আৰম্ভ কৰিছে । তেওঁৰ 59 সংখ্যক জন্মদিনত শ্বাহৰুখে প্ৰকাশ কৰিছিল যে তেওঁ এই ছবিখনৰ বাবে তেওঁৰ দীঘল চুলিখিনি কাটি পেলাইছে । ইয়াৰ মাজতে আমি শ্বাহৰুখ খানৰ অনুৰাগীসকলৰ বাবে এটা ভাল খবৰ লৈ আহিছো । শ্বাহৰুখ খানে 2023 চনত বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল, কিন্তু 2024 চনত তেওঁৰ এখনো ছবি মুক্তি পোৱা নাই । কিন্তু শ্বাহৰুখ খানৰ ছুপাৰহিট ছবিসমূহ পুনৰ মুক্তি পাবলৈ গৈ আছে, কৰণ-অৰ্জুনৰ পৰা কল হো না হো লৈকে সকলো দৰ্শকে ছবিগৃহত উপভোগ কৰিব পাৰিব ।

কৰণ-অৰ্জুন

শ্বাহৰুখ খান আৰু ছলমান খান অভিনীত প্ৰতিশোধমূলক ছবি কৰণ-অৰ্জুন পুনৰ ছবিগৃহত মুক্তি লাভ কৰিব । আজি মুক্তি লাভ কৰিছে কৰণ-অৰ্জুনৰ ট্ৰেইলাৰ । শ্বাহৰুখ আৰু ছলমানেও ৰাকেশ ৰোশনৰ ছবিখনৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰিছে । অহা 22 নৱেম্বৰত পুনৰ মুক্তি পাব কৰণ-অৰ্জুন ।

কল হো না হো

শ্বাহৰুখ খান, ছৈফ আলী খান আৰু প্ৰীতি জিণ্টা অভিনীত ৰোমাণ্টিক ছবি কল হো না হো চলচ্চিত্ৰখনো পুনৰ মুক্তি পাব । কৰণ জোহৰে কল হো না হো প্ৰযোজনা কৰিছিল আৰু নিখিল আদৱানীয়ে ছবিখন পৰিচালনা কৰিছিল । এতিয়া 21 বছৰৰ পিছত, শ্বাহৰুখ খানৰ এই চলচ্চিত্ৰখন 15 নৱেম্বৰত পুনৰ মুক্তি দিয়া হ’ব ।

পৰদেশ

শ্বাহৰুখ খানৰ ছুপাৰহিট চলচ্চিত্ৰৰ তালিকাত অন্তৰ্ভুক্ত পৰদেশ কোনে পাহৰিব পাৰে । শ্বাহৰুখ আৰু মহিমা চৌধুৰী অভিনীত ছবি পৰদেশো পুনৰ মুক্তিৰ বাবে সাজু হৈছে । পৰদেশো 15 নৱেম্বৰত পুনৰ মুক্তি দিয়া হ’ব । ছবিখন সুভাষ ঘাইয়ে প্ৰযোজনা কৰিছিল । পৰদেশ 15 নৱেম্বৰত পিভিআৰ আইএনঅ’এক্সত মুক্তি পাব ।

বীৰ-জাৰা

শ্বাহৰুখ খান আৰু প্ৰীতি জিণ্টা অভিনীত সীমান্তৰ প্ৰেম-কাহিনী বীৰ-জাৰাই শেহতীয়াকৈ পুনৰ মুক্তি লাভ কৰিছে । বীৰ-জাৰাই ১২ নৱেম্বৰত ২০ বছৰ সম্পূৰ্ণ কৰে । সেই পৰিপ্ৰেক্ষিতত ছবিখন পুনৰ মুক্তি দিয়া হৈছে । যশ ৰাজৰ দ্বাৰা পৰিচালিত এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অমিতাভ বচ্চন আৰু হেমা মালিনীয়ে । চলচ্চিত্ৰখনৰ গান আৰু ইয়াৰ কাহিনী এতিয়াও দৰ্শকে পছন্দ কৰে ।

লগতে পঢ়ক : চিৰসেউজ হৈ পৰা ভাৰতীয়মূলৰ ছুপাৰহিৰো চৰিত্ৰসমূহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.