ETV Bharat / entertainment

৫ দিনতে ভংগ কৰিলে ৰেকৰ্ড; বাহুবলীকো চেৰ পেলাব নেকি কল্কি 2898 AD য়ে - Kalki 2898 AD Box Office Collection

author img

By ETV Bharat Entertainment Team

Published : Jul 2, 2024, 11:35 AM IST

Kalki 2898 AD Box Office Collection Day 5 : নাগ অশ্বিনৰ নতুন ছবি ‘কল্কি 2898 AD’ এ সমগ্ৰ বিশ্বৰ চিনেমাগৃহত এক ধুমুহাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । ছবিখন মুক্তি পোৱা আজি ৫ দিন অতিক্ৰম কৰিলে । আহকচোন জানো ছবিখনে এতিয়ালৈকে কিমান উপাৰ্জন কৰিবলৈ সক্ষম হ’ল-

Kalki 2898 AD Box Office Collection Day 5 Prabhas Deepika Padukone Amitabh Bachchan starrer crossed the 600 crore mark
৫ দিনতে ভংগ কৰিলে ৰেকৰ্ড; বাহুবলীকো চেৰ পেলাব নেকি কল্কি 2898 ADয়ে (INSTAGRAM)

চিটাৰা ডেস্ক, ২ জুলাই: বক্স অফিচত এতিয়া মাথোঁ এটাই নাম আৰু সেয়া হৈছে কল্কি ৷ ৬০০ কোটিৰ দৰে এটা বিগ বাজেটত নিৰ্মাণ কৰা কল্কি 2898 AD য়ে বক্স অফিচত নিজৰ যাদু দেখুৱাবলৈ সক্ষম হৈছে ৷

প্ৰভাস, অমিতাভ বচ্চন আৰু দীপিকা পাডুকনৰ এই ছবিখন বক্স অফিচত সফলতাৰ জখলা বগাবলৈ বৰ্তমান সক্ষম হৈছে । জনাই দিও যে সোমবাৰে (১ জুলাই) এই ছবিখনে অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে । প্ৰাথমিক হিচাপ অনুসৰি কল্কি 2898 AD য়ে মাত্ৰ পাঁচ দিনতে শ্বাহৰুখ খানৰ জৱান আৰু ৰণবীৰ কাপুৰৰ এনিমেলৰ অভিলেখ ভংগ কৰিছে ।

সংবাদ মাধ্যমৰ বাতৰিৰ প্ৰাৰম্ভিক হিচাপ অনুসৰি ‘কল্কি 2898 AD’ সমগ্ৰ বিশ্বতে ৬০০ কোটিৰো অধিক উপাৰ্জন কৰিছে । ছবিখনে মুক্তিৰ ৫ তাৰিখে বিশ্বব্যাপী বক্স অফিচত ৮৪ কোটি টকাৰ ওপৰত উপাৰ্জন কৰে । ভাৰতত এই ছবিখনে মাত্ৰ পাঁচ দিনতে ৩৪৩ কোটি টকা উপাৰ্জন কৰিছে ।

মিডিয়া ট্ৰেকাৰ ছেকনিল্কৰ মতে, সোমবাৰে ভাৰতৰ সকলো ভাষাতে কল্কি 2898 AD এ ৩৪.৬ কোটি টকাৰ ওপৰত উপাৰ্জন কৰে । আনহাতে ইয়াৰ বহিঃৰাজ্যত সংগ্ৰহ প্ৰায় ৪৫-৫০ কোটি টকা আছিল, যাৰ ফলত ইয়াৰ মুঠ সংগ্ৰহ এতিয়া ৬৩৫ কোটি টকাতকৈও অধিক হৈছে ।

ইয়াৰ পূৰ্বে কল্কি 2898 AD ৰ নিৰ্মাতাসকলে জনাইছিল যে ছবিখনে প্ৰথম সপ্তাহৰ শেষৰ ফালে বিশ্বজুৰি ৫৫০ কোটি টকা উপাৰ্জন কৰিছে । কল্কি 2898 AD এ ভাৰতত মুকলিৰ দিনৰ পৰা ১৯১ কোটি টকাৰ এক বৃহৎ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেলুগু আৰু হিন্দী সংস্কৰণে আন ভাষাৰ তুলনাত ভাল উপাৰ্জন কৰিছে । ২৭ জুনত ছবিগৃহত মুক্তি পোৱাৰ পিচৰে পৰা কল্পবিজ্ঞান-কল্পকাহিনীৰ ওপৰত নিৰ্মিত এইখন ছবিয়ে ধাৰাবাহিকভাৱে অভিলেখ ভংগ কৰি আহিছে ।

তৃতীয় বৃহত্তম অ’পেনাৰ হিচাপে পৰিগণিত হ’ল ‘কল্কি 2898 AD’

ভাৰতীয় চিনেমাৰ তৃতীয় বৃহত্তম অ’পেনাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে ‘কল্কি 2898 AD’এ । প্ৰথম দিনাই বহিঃৰাজ্যৰ বক্স অফিচত ১৯১ কোটি টকা উপাৰ্জন কৰিছিল কল্কিয়ে । কিন্তু আপোনালোকক জনাই দিও যে এতিয়াও ‘আৰ আৰ আৰ’ বক্স অফিচত সৰ্বাধিক সংগ্ৰহ কৰা ভাৰতীয় ছবি (২২৩ কোটি টকা) হৈয়ে আছে, তাৰ পিচতে আছে বাহুবলী ২ যিয়ে প্ৰথম দিনাই ২১৭ কোটি টকা সংগ্ৰহ কৰিছিল ।

২৭ জুনত চিনেমাগৃহত মুক্তি পোৱা কল্কি ছবিখনত প্ৰভাস, দীপিকা পাডুকন, অমিতাভ বচ্চন আৰু কমল হাছানে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে সহযোগী চৰিত্ৰত অভিনয় কৰিছে শোভানা, পশুপতি, শাস্বত চেটাৰ্জী, আন্না বেন, দিশা পাটানী আৰু ব্ৰহ্মানন্দমে । খবৰ অনুসৰি ৬০০ কোটি টকাৰ বিপুল বাজেটেৰে বৈজয়ন্তী মুভিছে স্থান দখল কৰিছে ।

আৰু ইয়াৰ লগে লগে কল্কিৰ এই সফলতাৰ পিচত প্ৰভাস পুনৰবাৰ ভাৰতীয় চিনেমা জগতৰ অভিনেতাৰ তালিকাত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ বাহুবলীৰ পিচত দৰ্শকৰ বিপুল সমাদৰ লাভ কৰা প্ৰভাসে আদিপুৰুষৰ বাবে বহু ট্ৰল’ৰ সন্মুখীন হ’বলগীয়া হৈছিল তৎস্বত্বেও প্ৰভাসে প্ৰমাণ কৰিলে যে বিফল হ’লেও সফলতাৰ জখলা বগাব পাৰি ৷

লগতে পঢ়ক: এইবাৰ ৰজনীকান্তৰ মুখতো কল্কি 2898 ADৰ গুণগান : ক’লে- এতিয়া মাথো দ্বিতীয় খণ্ডৰ বাবে অপেক্ষা... - Kalki 2898 AD

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.