ETV Bharat / entertainment

শিখৰ পাহাৰিয়াৰ নতুন ফটো দেখি জাহ্নৱীৰ চকুত প্ৰেম বুকুত জুই - Shikhar Pahariya Instagram

author img

By ETV Bharat Features Team

Published : Aug 7, 2024, 5:22 PM IST

Janhvi kapoor-Shikhar Pahariya: শিখৰ পাহাৰিয়াৰ শেহতীয়া পোষ্টত জাহৱী কাপুৰৰ প্ৰতিক্ৰিয়াই আমোদ দিছে নেটিজেনক ৷ ভিনদেউ বুলি সম্বোধন কৰি অনুৰাগীয়ে জাহ্নৱীক সুধিলে এই প্ৰশ্ন-

Janhvi Kapoor Reacts on Shikhar Pahariya's latest post says do your work don't worry about the results
শিখৰ পাহাৰিয়া-জাহ্নৱী কাপুৰ (ANI/IANS)

চিটাৰা ডেস্ক, 7 আগষ্ট : বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰ আৰু তেওঁৰ কথিত প্ৰেমিক শিখৰ পাহাৰিয়া প্ৰায় প্ৰতিদিনেই বাতৰিৰ শিৰোনামত থাকে । আনকি যেতিয়া দুয়োজনৰ এজনে সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰে, অনুৰাগীসকলে আনজনৰ প্ৰতিক্ৰিয়া চাবলৈ আগ্ৰহী হৈ পৰে । শেহতীয়াকৈ, শিখৰে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছে, য’ত জাহ্নৱীয়ে তেওঁৰ মন্তব্য আগবঢ়াইছে । অনুৰাগীসকলে এতিয়া জাহ্নৱীৰ প্ৰতিক্ৰিয়া দেখি অভিনেত্ৰীগৰাকীক বিভিন্ন প্ৰশ্ন সুধিছে শিখৰ সন্দৰ্ভত ৷

শিখৰ পাহাৰিয়াই নতুন পোষ্ট

জাহ্নৱীৰ প্ৰেমিক বুলি চৰ্চাত থকা শিখৰ পাহাৰিয়াই তেওঁৰ ছ’চিয়েল মিডিয়াত এখন ছবি পোষ্ট কৰি য’ত তেওঁ বগা কুৰ্তা পিন্ধি আছে আৰু কেপশ্যনটো লিখিছে সংস্কৃতত ৷ তাত লিখা আছে, ‘কৰ্মণ্যেৱধিকাৰস্তে মা ফালেশু কদাচন । মা কৰ্মফলহেতুৰ্ভূৰ্মা তে সংগোস্তৱকৰ্মণি' । অৰ্থাৎ আপুনি মাত্ৰ নিজৰ কাম কৰিব লাগে আৰু ফলাফলৰ বাবে চিন্তা কৰিব নালাগে । কৰ্মৰ ফলাফলৰ বিষয়ে চিন্তা কৰাটো আপোনাৰ কেতিয়াও উদ্দেশ্য হ’ব নালাগে ৷

জাহ্নৱীৰ প্ৰতিক্ৰিয়া

শিখৰে এইটো পোষ্ট কৰাৰ লগে লগে, জাহ্নৱী কাপুৰে পোষ্টটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ ৰেড হাৰ্ট ইম’জী, জুই আৰু চকুত প্ৰেম ফুটি উঠা ইম’জীৰে জাহ্নৱীয়ে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে ৷ তাৰ পিচত আৰম্ভ হৈ যায় নেটিজেনৰ ধেমালি ৷ অনুৰাগীসকলে জাহ্নৱীৰ মন্তব্যৰ ওপৰত ধেমেলীয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । এজনে লিখে, 'শিখুৱে সংস্কৃতত লিখিছিল, সেইকাৰণে হাঁহি ওলাইছিল নেকি ?' এজনে লিখিছে, 'আপুনি নৱাবতকৈ কম নেকি' । আৰু এজন ব্যৱহাৰকাৰীয়ে লিখিছে, 'ভিনদেউ' । আনহাতে অন্য এজনে লিখিছে, 'আপুনি ৰাজনীতিলৈ গৈ আছে নেকি শিখৰ বাবু ?'

ৱৰ্ক ফ্ৰণ্টৰ ক্ষেত্ৰত শেহতীয়াকৈ মিষ্টাৰ এণ্ড মিচেছ মাহী আৰু উলঝত দেখা গৈছিল জাহ্নৱী কাপুৰক । তেওঁৰ আগন্তুক ছবিসমূহ হ’ল ছানী সংস্কাৰী কি তুলসী কুমাৰী য’ত তেওঁক বৰুণ ধৱনৰ সৈতে দেখিবলৈ পোৱা যাব । জুনিয়ৰ এন টি আৰৰ সৈতে দেৱৰাতো দেখিবলৈ পোৱা যাব তেওঁক ।

লগতে পঢ়ক : যিমান ৰোমাঞ্চকৰ হ’লেও 'পৰিস্থিতিমূলক' সম্পৰ্কক অপৈণত আখ্যা জাহ্নৱী কাপুৰৰ - Janhvi Kapoor relationship advice

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.