ETV Bharat / entertainment

মুক্তি পালে জয় হনুমেনৰ দ্বিতীয়টো গীত ‘সাপ’ - Assamese movie Joy Hanu Man

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Himanshu Prasad Das Joy Hanu Man: “কেঁচু খান্দোতে ওলালে সাপ, সাপ দেখি নপলাও, উঘালিম বিষ দাঁত” মুক্তি পালে জয় হনুমেনৰ দ্বিতীয়টো গীত সাপ । গীতটিত কন্ঠদান কৰিছে মিনিমি আৰু সান্নিধ্য ভূঞাই ।

upcoming assamese movie joy hanu man's new song  xaap releases
18 অক্টোবৰত ছবিগৃহত (Movie Poster)

গুৱাহাটী, 23 ছেপ্টেম্বৰ : মাজত মাথোঁ কেইটামান দিন বাকী । অক্টোবৰ মাহত ছবিগৃহলৈ আহি আছে বহু প্ৰত্যাশিত নতুন অসমীয়া ছবি ‘জয় হনুমেন’ । “যেতিয়া আপুনি বুজি উঠে, এই বিপদৰ পৰা আপোনাক উদ্ধাৰ কৰিবলৈ আৰু কোনো নাহে, হয়তো তেতিয়াই সাৰ পাই উঠিব পাৰে, আপোনাৰ মাজত শুই থকা ছুপাৰ হিৰ’জন” এনে এক বাৰ্তা লৈ আগন্তুক মাহৰ 18 তাৰিখে ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি জয় হনুমেন ।

ছবিখনৰ নাম ঘোষণা হোৱাৰ পৰাই ছবিখনকলৈ চর্চা অব্যাহত আছে সামাজিক মাধ্যমত । শেহতীয়াকৈ মুক্তি লাভ কৰিছে আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ দ্বিতীয়টো গীত । মিনিমি আৰু সান্নিধ্য ভূঞাৰ কন্ঠত মুক্তি লাভ কৰিলে ছবিখনৰ দ্বিতীয়টো গীত ‘সাপ’ এ । এইখিনিতে উল্লেখ কৰিব লাগিব যে, সান্নিধ্য আৰু মিনিমি অসমীয়া সংগীত ক্ষেত্ৰখনৰ সৈতে সক্ৰিয়ভাৱে জড়িত, কিন্তু তেওঁলোক দুয়োগৰাকীৰেই সাংগীতিক যাত্ৰা ভিন্ন । এতিয়া এই দুয়োগৰাকীকেই একেলেগে শুনিবলৈ পোৱা যাব জয় হনুমেন ছবিখনৰ দ্বিতীয়টো গীত ‘সাপ’ ত ।

‘এনে হ'লে কেনে হয়’ শীৰ্ষক ৰোমাণ্টিক গীতটোৰ পিছত সাপ হৈছে জয় হনুমেনৰ দ্বিতীয়টো গীত । গীতটোৰ কথা মিনিমিৰ আৰু সুৰ কৰিছে মিনিমিৰ লগতে Basshole এ ৷ সংগীত ব্যৱস্থাপনাও Basshole ৰ । অতিৰিক্ত গীতৰ কথা সংযোগ কৰিছে শ্ৰীয়ানে, শব্দ সংমিশ্ৰণ কৰিছে পিংকু দাসে । ইফালে হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে আহিবলগীয়া ছবিখনত আপোনালোকে দেখিবলৈ পাব অসমীয়া অভিনয় জগতৰ কেইবাখনো চিনাকী মুখ । অভিনয়ত থাকিব সিদ্ধাৰ্থ বড়ো, অমৃতা গগৈ, জয় কাশ্যপ, অন্যান্য কাশ্যপ, গীতাৱলী ৰাজকুমাৰী, বিভূতি ভূষণ হাজাৰিকা, ভাস্কৰ তামুলী, ৰাজীৱ গোস্বামী, জ্যোতি নাৰায়ণ নাথ, অসীম কৃষ্ণ বৰুৱা, প্ৰণামি বৰা, নৱজ্যোতি নাথ, জিন্টু কুমাৰ কাশ্যপ আদিকে ধৰি কেবাগৰাকীও অভিনেতা-অভিনেত্ৰী । আনহাতে ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ হিমাংশু প্ৰসাদ দাস, শান্তনু ৰৌমূৰীয়া আৰু অধিৰাজ কাশ্যপৰ ।

লগতে পঢ়ক : প্ৰতি সপ্তাহতে চিনেমা মুক্তি পোৱাটো শুভ লক্ষণ নে ? কি কয় বুলু ফিল্মৰ স্ৰষ্টাই - Himanshu Prasad Das Joy Hanu man

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.