ETV Bharat / entertainment

আজি বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিৎ সিঙৰ জন্মদিন - Arijit Singh Birthday

author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 5:36 PM IST

Arijit Singh Birthday: সুমধুৰ কণ্ঠৰে সকলোৰে হৃদয় জয় কৰা গায়ক অৰিজিৎ সিঙৰ আজি জন্মদিন ৷ এৰাতিৰ ভিতৰতেই এটা বিশেষ গীতে জনপ্ৰিয় কৰি তোলা এইগৰাকী কণ্ঠশিল্পীৰ জীৱনৰ কিছু আমোদজনক ঘটনাৰ বিষয়ে জানো আহক...

Arijit Singh Birthday
আজি বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিৎ সিঙৰ জন্মদিন

চিটাৰা ডেস্ক, 25 এপ্ৰিল : 'কিং অৱ ছ’লফুল ভইচ' অৰিজিত সিঙৰ কোনো অন্য চিনাকিৰ প্ৰয়োজন নাই ৷ আজি অৰ্থাৎ 25 এপ্ৰিলত কিংবদন্তি গায়কগৰাকীয়ে তেওঁৰ জীৱনৰ 37 টা বসন্ত গৰকে ৷ গায়কজনে তেওঁৰ সুমধুৰ কণ্ঠেৰে লাখ লাখ লোকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে । আজিৰ এই বিশেষ দিনটোত সমগ্ৰ বিশ্বতে তেওঁৰ অনুৰাগীসকলে জন্মদিন উদযাপন কৰিছে ।

তেওঁৰ এই সংগীতৰ যাত্ৰা বহুতো আকৰ্ষণীয় আছিল ৷ প্ৰতিষ্ঠিত হোৱাৰ বাবে সংগ্ৰাম কৰা কালৰ পৰা বলীউডত এগৰাকী নেপথ্য কণ্ঠশিল্পী হিচাপে সফলতা লাভ কৰালৈকে অৰিজিতৰ যাত্ৰা যথেষ্ট আকৰ্ষণীয় আছিল ৷ তেওঁৰ গীতৰ এই যাত্ৰাৰ কিছু মুহূৰ্তৰ বিষয়ে জানো আহক-

অৰিজিৎ সিঙৰ জন্ম 1987 চনৰ 25 এপ্ৰিলত পশ্চিম বংগৰ মুৰ্শিদাবাদৰ জিয়াগঞ্জত হৈছিল । তেওঁৰ পিতৃ কক্কৰ সিং শিখ ধৰ্মৰ আছিল আৰু মাতৃ অদিতি সিং এগৰাকী বঙালী হিন্দু আছিল।

  • " class="align-text-top noRightClick twitterSection" data="">

ৰিয়েলিটি শ্ব'ৰ পৰা বাহিৰ হৈছিল অৰিজিৎ

এগৰাকী গায়ক হোৱাৰ সপোন দেখি অৰিজিতে 2005 চনত এটা ৰিয়েলিটি শ্ব' 'ফেম গুৰুকুল'ত অংশগ্ৰহণ কৰিছিল । তেওঁৰ যাদুকৰী কণ্ঠই অনুষ্ঠানটোৰ বিচাৰকসকলৰ হৃদয় জয় কৰিছিল । কিন্তু ৰাইজৰ পৰা কম ভোট লাভৰ বাবে, তেওঁ অনুষ্ঠানৰ পৰা বাহিৰ হ'ব লগা হৈছিল ।

এই অনুষ্ঠানটোৰ সময়ত অৰিজিৎ সিঙৰ সৈতে এক ঘটনাও ঘটিছিল । অনুষ্ঠানটোত, অৰিজিতে আন প্ৰতিযোগীসকলৰ সৈতে এগৰাকী প্ৰতিযোগীক ভোট আউট কৰি দিছিল ৷ অনুষ্ঠানটোৰ মুৰব্বী ইলা অৰুণে এই কথা ভাল পোৱা নাছিল । তেওঁ অৰিজিত সিঙক তেওঁৰ প্ৰিয় প্ৰতিযোগীৰ তালিকাৰ পৰা আঁতৰাই পঠিয়াইছিল । গায়কজনে তেওঁক বহুত বুজাবলৈ চেষ্টা কৰিছিল । দুয়োৰে মাজত বহুবাৰ এই সন্দৰ্ভত কথোপকথন হৈছিল ৷ সেই সময়ছোৱাত ইলাই অৰিজিতক সুৰ নথকা কণ্ঠশিল্পী বুলি কৈছিল ৷ ইলাই অৰিজিতক কৈছিল,"মোৰ বেয়া লগাৰ অধিকাৰ নাই নেকি ? তোমাৰ কণ্ঠটোহে সুৰীয়া, কিন্তু তুমি তোমাৰ ব্যক্তিগত জীৱনত বেসুৰীয়া ৷ মোৰ এইবোৰ একেবাৰে সহ্য নহয় ৷" এনেদৰে জ্যেষ্ঠ এগৰাকীৰ কথা শুনি অৰিজিৎ সিং শোকত ভাগি পৰিছিল ৷ লগতে তেওঁ কৈছিল যে, তেওঁ ইলাক যথেষ্ট সন্মান কৰে ৷

আশিকী-2 ৰ পৰা স্বীকৃতি লাভ কৰিছিল অৰিজিতে :

এক সাক্ষাৎকাৰত অৰিজিতে তেওঁৰ জীৱনৰ টাৰ্ণিং পইণ্টৰ বিষয়ে উল্লেখ কৰি কৈছিল যে, তেওঁ হঠাৎ এগৰাকী সাধাৰণ গায়কৰ পৰা তাৰকালৈ পৰিৱৰ্তিত হৈছিল ৷ সাক্ষাৎকাৰটোত, গায়কগৰাকীয়ে কৈছিল যে 2010 চনত যেতিয়া তেওঁ গান গাবলৈ বহুকেইটা ষ্টুডিঅ'ত অডিশ্যন দি আছিল, তেতিয়া তেওঁলৈ গায়ক প্ৰীতমৰ পৰা এটা ফোন কল আহিছিল । অৰিজিত সিঙে প্ৰীতমৰ অধীনত সহায়ক হিচাপে কাম কৰিছিল । প্ৰীতমেও তেওঁক বহুত প্ৰশংসা কৰিছিল।

সেই সময়তেই তেওঁ আশিকী-২ চলচ্চিত্ৰত কণ্ঠদান কৰাৰ সুযোগ লাভ কৰিছিল । এই ছবিখনে তেওঁক নিশাটোৰ ভিতৰতে তাৰকালৈ পৰিৱৰ্তিত কৰিছিল । ইয়াৰ পিচত, তেওঁ প্ৰথমবাৰৰ বাবে আশিকী-2 ৰ গানৰ বাবে এটা লাইভ কনচাৰ্ট কৰিছিল । তাৰ পিচতে তেওঁৰ দ্বিতীয় গান 'কবিৰা' (ইয়ে জৱানী হে দিৱানী)ৰ সম্পাদনাৰ কাম চলি আছিল । এই গীতটি অৰিজিৎ সিঙৰ খুবেই প্ৰিয় ৷

বঁটা:

অৰিজিত সিঙে তেওঁৰ এই সংগীতৰ যাত্ৰাকালত সুমধুৰ কণ্ঠৰ বাবে বহুতো পুৰস্কাৰ লাভ কৰিছে । তেওঁক 5 টা মিৰ্চি মিউজিক এৱাৰ্ড, 7 টা ফিল্মফেয়াৰ বঁটা, 5 টা জী চিনে বঁটা, 5 টা আইফা বঁটা, 4 টা স্ক্ৰীণ এৱাৰ্ড আৰু 1 টা ষ্টাৰডাষ্ট বঁটাৰে সন্মানিত কৰা হৈছে । তেওঁ একেৰাহে 5 বছৰৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল (2016 ৰ পৰা 2020)।

লগতে পঢ়ক: গুৱাহাটীত সংগীত পৰিৱেশন কৰিবলৈ আহি অৰিজিৎ হ’ল দিশহাৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.