ETV Bharat / entertainment

পখিলা খেদি ফুৰা বয়সত নিজৰ সপোনবোৰক খেদি ফুৰা সংযুক্তা কোন ?

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 5:33 PM IST

Junior Miss India Sanjukta Shyam: মডেলিঙৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত কেইবাটাও খিতাপ অৰ্জন কৰি গোলাঘাট জিলালৈ গোৰৱ কঢ়িয়াই আনিছে কণমানি সংযুক্তা শ্যামে ।

Golaghats Sanjukta Shyam won the title of Junior Miss India
জুনিয়ৰ মিছ ইণ্ডিয়া সংযুক্তা শ্যাম
জুনিয়ৰ মিছ ইণ্ডিয়া সংযুক্তা শ্যাম

গোলাঘাট, ২৩ ফেব্ৰুৱাৰী: এটি মৰমলগা কণমানি ৷ বয়স মাত্ৰ সাত বছৰ ৷ কিন্তু এই বয়সতে বহুতৰে আদৰ্শ হৈ পৰিছে কণমানিগৰাকী ৷ স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰীও Fan এই শিশু সুন্দৰীৰ ৷ কণমানিগৰাকীৰ নাম সংযুক্তা শ্যাম ৷ ঘৰ গোলাঘাটৰ সৰুপথাৰত ৷

যি সময়ত কণ কণ ল’ৰা-ছোৱালী ব্যস্ত হৈ থাকে, পুতলা খেলাত, মোবাইলত ভিডিঅ’ গেম খেলাত, তেনে সময়ত এইগৰাকী কণমানি ব্যস্ত নিজৰ সপোন পূৰণত ৷ অতি কম বয়সতে সংযুক্তা শ্যামে আজুৰি আনিছে কেইবাটাও সন্মান ৷ চাৰি বছৰ বয়সতে মডেলিং জগতত ভৰি দিয়া সংযুক্তাই বৰ্তমানলৈকে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত বহু খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ৷ শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত হৈ যোৱা জুনিয়ৰ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জুনিয়ৰ মিছ ইণ্ডিয়াৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে এই কণমানি সংযুক্তা ৷

গোলাঘাটৰ নিপন শ্যাম আৰু পাপৰি বুঢ়াগোহাঁই শৰ্মাৰ কনিষ্ঠ কন্যা তথা গুৰুকুল গ্ল’বেল একাডেমীৰ ছাত্ৰী সংযুক্তাই কেৱল জুনিয়ৰ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত বিজয়ী হোৱাই নহয়, লগতে Best beautiful smile আৰু Best Ramp walk ৰ খিতাপ অৰ্জন কৰিবলৈও সক্ষম হয় ।

মাত্ৰ ৪ বছৰ বয়সত মডেলিং জগতত ভৰি দিয়া সংযুক্তাই এতিয়ালৈকে বহু খিতাপ দখল কৰিবলৈ সক্ষম হৈছে, তাৰ ভিতৰত আছে Dibrugarh Divine 2022 winner and Best smile subtitle winner, North East India top Model winner 2022 and Best Ramp walk, Assam Next Top Model winner 2022 winner and Best Ramp walk subtitle winner, Grand Assam winner and Best Ramp walk subtitle winner, Junior Miss Golaghat 2023 winner, Little Miss Diva of Assam 2023 winner and Best Ramp walk, Grand Golaghat 2023 1st runner up and Best talent subtitle winner ইত্যাদি ৷

এই সন্মান লাভ কৰাৰ বাবে শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংযুক্তাৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা যায় ৷ ১৬ ফ্ৰেব্ৰুৱাৰীত সৰুপথাৰত গাঁও চলো অভিযানৰ অংশ হিচাপে 1 নং ৰজাপুখুৰী শ্যাম গাঁৱত নিশাৰ আলহী হৈ অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কোলাত তুলি ল’লে সংযুক্তাক ৷

আনকি ভ্ৰমণ শেষ হোৱাৰ পাচত মুখ্যমন্ত্ৰীয়ে সংযুক্তা শ্যামৰ সৈতে এখন উঠা ফটো শ্বেয়াৰ কৰিলে ছচিয়েল মিডিয়াত ৷ সংযুক্তাক প্ৰশংসা কৰি মুখ্যমন্ত্ৰীয়ে লিখা পোষ্ট,‘‘জুনিয়ৰ মিছ ইণ্ডিয়া ২০২৪ খিতাপেৰে সন্মানিত সৰুপথাৰৰ সংযুক্তা শ্যাম কণমানিগৰাকীক লগ পাই সুখী হ’লো ।’’

ইফালে সংযুক্তা শ্যাম এই সাফল্যত এতিয়া উৎফুল্লিত সমগ্ৰ পৰিয়ালবৰ্গৰ লগতে গাওঁবাসী ৷ পখিলা খেদি ফুৰা বয়সত নিজৰ সপোনবোৰক খেদি ফুৰা সংযুক্তাৰ জীৱনত যুক্ত হৈ পৰক আৰু বহু খ্যাতি আৰু উপলব্ধি ৷ পৰিয়াল তথা গোলাঘাটবাসীৰ লগতে অসমবাসী ৰাইজে তাকেই কামনা কৰে ৷

লগতে পঢ়ক: দুদিনীয়া কাৰ্যসূচীৰে আপনা আৰ্টিষ্টৰ উদ্যোগত এখনি বিশেষ প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.