ETV Bharat / entertainment

পৰিয়ালৰ বাবে কোটি কোটি টকাৰ সম্পত্তি এৰি থৈ গৈছে পংকজ উধাছে

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 6:43 PM IST

Pankaj Udhas Networth: আজি মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে পংকজ উধাছে । চাৰি মাহ পূৰ্বে ধৰা পৰিছিল কৰ্কট ৰোগ ৷ এই ৰোগৰ সৈতে যুঁজি অৱশেষত ইহলীলা ত্যাগ কৰে গজল সম্ৰাটগৰাকীয়ে ।

Gazal Singer Pankaj Udhas has left behind 25 crores of property
পৰিয়ালৰ বাবে এৰি থৈ গৈছে ইমান কোটি টকাৰ সম্পত্তি

চিটাৰা ডেস্ক, ২৬ ফেব্ৰুৱাৰী: কৰ্কট ৰোগৰ যুঁজত হাৰি গ’ল পংকজ উধাছ ৷ চিকিৎসা চলি থকা অৱস্থাত আজি মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে গজল সম্ৰাটগৰাকীয়ে । জানিব পৰা মতে চাৰি মাহ ধৰি তেওঁ অসুস্থ হৈ আছিল । গায়ক তথা সংগীতজ্ঞ অনুপ জালোতাই কয় যে পংকজ উধাছ পেনক্ৰিয়াটিক কেন্সাৰত আক্ৰান্ত আছিল ।

গজল গায়নৰ জগতখনত নিজৰ কণ্ঠৰ যাদু বিয়পাই দিয়া ব্যক্তিত্বই আজি এই পৃথিৱীৰ পৰা বিদায় লৈছে । কিন্তু যোৱাৰ সময়ত তেওঁ পৰিয়ালৰ বাবে এৰি থৈ গৈছে কোটি কোটি টকা মূল্যৰ সম্পত্তি ।

গজল সম্ৰাট পংকজ উধাছে লাইমলাইটৰ পৰা আঁতৰি আছিল যদিও ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীৰ সৈতে সংযোগ ৰাখিছিল । জীৱনত তেওঁ বহু খ্যাতি অৰ্জন কৰাৰ লগতে ধনো উপাৰ্জন কৰিছিল । ২০০৬ চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল তেওঁক । তেওঁৰ মুঠ ধন সম্পত্তিৰ কথা ক’ব গ’লে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পংকজ উধাছ আছিল ২৪ৰ পৰা ২৫ কোটি টকাৰ সম্পত্তিৰ মালিক ৷

কাইলৈ ​​মুম্বাইত অনুষ্ঠিত হ’ব শেষকৃত্য

আজি পুৱা ১১ বজাত মুম্বাইত ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে পংকজ উধাছে । বহুদিনৰে পৰা মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত ভৰ্তি হৈ আছিল তেওঁ ৷ অৱশ্যে চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় গজল সম্ৰাটগৰাকীৰ ৷ এতিয়া জানিব পৰা মতে কাইলৈ ​​মুম্বাইত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব ।

গজল সম্ৰাট পংকজ উধাছৰ মৃত্যুত শোক প্ৰকাশ কৰিছে চলচ্চিত্ৰ জগতৰ বহু লোকে । চলচ্চিত্ৰ উপস্থাপক মনোজ দেশায়ে পংকজ উধাছক স্মৰণ কৰি কয় যে তেওঁ আৰু পংকজ উধাছে একেখন কলেজতে পঢ়িছিল । পংকজ উধাছৰ বহু শ্ব’ৰ অংশও আছিল তেওঁ । এতিয়া উধাছৰ মৃত্যুত শোক প্ৰকাশ কৰি মনোজ দেশাই কয়, ‘‘পংকজ জীৰ দেহাৱসানৰ কথা শুনি বিশ্বাস কৰিব পৰা নাই । তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক । ভগৱানে তেওঁৰ পৰিয়ালক আশীৰ্বাদ কৰক ।’’

লগতে পঢ়ক: দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত শেষ নিশ্বাস ত্যাগ গজল সম্ৰাট পংকজ উধাছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.