ETV Bharat / entertainment

প্ৰথমবাৰৰ বাবে বিবাহ বিচ্ছেদক ​​লৈ মুখ খুলিলে ইমৰাণ খানে

author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 1:53 PM IST

Imran Khan On Divorce: ২০১৯ চনত বিচ্ছেদ হৈছিল ইমৰাণ খান আৰু অৱন্তিকা মালিকৰ । এতিয়া ইমৰাণে প্ৰথমবাৰৰ বাবে বিবাহ বিচ্ছেদক ​​লৈ নিজৰ মৌনতা ভংগ কৰিছে ।

For the first time actor Imran Khan breaks silence on divorce
বিবাহ বিচ্ছেদক ​​লৈ মুখ খুলিলে ইমৰাণ খানে

চিটাৰা ডেস্ক, ৭ মাৰ্চ: জানে তু য়া জানে না ছবিৰে বলীউডত আত্মপ্ৰকাশ কৰা ইমৰাণ খানে এতিয়া বহুদিনৰ মূৰত পুনৰ অভিনয় জগতলৈ ঘূৰি আহিবলৈ সাজু হৈছে । কিন্তু ইমৰাণে পেছাদাৰী জীৱনতকৈ ব্যক্তিগত জীৱনৰ বাবেহে অধিক বাতৰিৰ শিৰোনামত থাকে । ইমৰাণে অৱন্তিকা মালিকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । কিন্তু এতিয়া এই দম্পতীৰ মাজত বিচ্ছেদ ঘটিছে । অৱশ্যে দুয়োগৰাকীয়ে আজিলৈকে বিবাহ বিচ্ছেদৰ খবৰক লৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল ৷ এতিয়া ইমৰাণে শেহতীয়াকৈ বিবাহ বিচ্ছেদৰ খবৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লেখা ৱাশ্বিংটনৰ লগত ডেট কৰাৰ কথাও কয় ।

ইমৰাণ খানৰ প্ৰেমিকা লেখাক নেটিজেনে হোম ব্ৰেকাৰ বুলি আখ্যা দিছে । যাৰ ওপৰত এতিয়া ইমৰাণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ এটা সাক্ষাৎকাৰত কৈছে যে লকডাউনৰ সময়ত লেখাৰ প্ৰেমত পৰিছিল, সেয়াও তেওঁলোকৰ বিবাহ বিচ্ছেদৰ কেইবামাহৰ পিচত ।

বিবাহ বিচ্ছেদৰ খবৰ নিশ্চিত হ’ল

ইমৰাণ খান আৰু অৱন্তিকাৰ বিচ্ছেদৰ প্ৰথম খবৰ আহিছিল ২০১৯ চনত । সেই সময়ত দম্পতীয়ে এই বিষয়ে কথা পতা নাছিল । এতিয়া ইমৰাণে এটা সাক্ষাৎকাৰত নিশ্চিত কৰিছে যে তেওঁলোকৰ বিচ্ছেদৰ খবৰটো সঁচা আছিল । এটা সাক্ষাৎকাৰত ইমৰাণে কয়, ‘‘লেখা ৱাশ্বিংটনৰ সৈতে মোৰ সম্পৰ্কক লৈ অহা খবৰটো সঁচা । ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত মোৰ বিবাহ বিচ্ছেদ হৈছিল ।’’

ইমৰাণে লগতে ক’লে, ‘‘লকডাউনৰ সময়ত লেখা আৰু মই ওচৰ চাপি আহিলোঁ ৷ অৱন্তিকাৰ পৰা বিচ্ছেদ হোৱাৰ ডেৰ বছৰ পিচত মই লেখাৰ সৈতে সম্পৰ্কত আহিছিলো ৷’’

উল্লেখ্য যে, ইমৰাণ আৰু লেখাক যোৱা বছৰ বহু ইভেণ্টত একেলগে দেখা গৈছিল । আমিৰ খানৰ কন্যা আইৰাৰ বিয়ালৈও ইমৰাণ খানৰ লগত গৈছিল লেখা ৷ ইমৰাণ আৰু লেখাৰ ফটোও ভাইৰেল হৈ পৰিছিল ।

লগতে পঢ়ক: আল্লু অৰ্জুনৰ পুষ্পা-২ত দেখা যাব বলীউডৰ এইগৰাকী ছুপাৰষ্টাৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.