গোলাঘাট : গোলাঘাট পৌৰসভা কাৰ্যালয়ৰ সভাকক্ষত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লোক সংগীতৰ সাধক জোনালী শইকীয়াই স্বামী স্বৰ্গীয় আলোক শইকীয়াৰ পবিত্ৰ সোঁৱৰণত ‘যদুৰাই’ আৰু ‘‘গোপ কান্দে’’ শীৰ্ষক দুটি সুমধুৰ কামৰূপী লোকগীত উন্মোচন কৰে ৷ এটি গীতত তেওঁ কণ্ঠদান কৰাৰ বিপৰীতে আন এটা গীতত শিল্পী বিশ্বজিৎ কোঁৱৰে কণ্ঠ নিগৰায় ৷
পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক স্বাগতা বৰাই আঁতধৰা অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত আলোক শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ সাংবাদিক, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞাই ৷ বিশিষ্ট শিক্ষাবিদ ড৹ পুতুল চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত গীত দুটি শুভ উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি অভিৱৰ্তন গোস্বামীয়ে ।
![folk music practitioner jonali saikia dedicates two Kamrupi lokgeet to her Late husband](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-10-2024/golaghatkamruplokagit_27102024175319_2710f_1730031799_783.jpeg)
গীত উন্মোচন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি অভিৱৰ্তন গোস্বামীয়ে কয়, “জোনালী শইকীয়া আৰু বিশ্বজিৎ কোঁৱৰে কণ্ঠদান কৰা দুটা কামৰূপী লোকগীত উন্মোচন কৰাৰ সুবিধা প্ৰদান কৰাৰ ধন্যবাদ জ্ঞাপন কৰিছো । বিশেষকৈ জোনালী শইকীয়াই বাইদেউৱে বহু দিনৰ পৰা লোক সংগীতৰ চৰ্চা কৰি আহিছে, গতিকে মই আশা ৰাখিলো অসমৰ ৰাইজে এই গীত দুটা আদৰি ল’ব ।”
![folk music practitioner jonali saikias two kamrupi lokgeet unveiled in golaghat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-10-2024/golaghatkamruplokagit_27102024175319_2710f_1730031799_541.jpeg)
আনহাতে লোকগীতৰ সাধক জোনালী শইকীয়াই কয়, “মোৰ স্বামী আলোক শইকীয়াৰ ২০২১ চনৰ ৩০ অক্টোবৰত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল আৰু আজি তেখেতৰ মৃত্যু তিথিৰ দিনটোতে গীত দুটা উন্মোচন কৰিলো । মোৰ স্বামীৰ এটা আশা আছিল যে মই যাতে সংগীত ক্ষেত্ৰখনত আগবাঢ়ি যাওঁ । সকলো দিশতে সহায় কৰিছিল তেওঁ ৷ বিভিন্ন অনুষ্ঠাত গীত পৰিৱেশন কৰিবলৈ যাওঁতে তেখেতে সহায় কৰিছিল । তেখেতৰ স্মৃতি জীয়াই ৰাখিবলৈয়ে মই এই গীত দুটা পৰিৱেশন কৰিলো ।”
![folk music practitioner jonali saikias two kamrupi lokgeet unveiled in golaghat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-10-2024/golaghatkamruplokagit_27102024175319_2710f_1730031799_371.jpeg)
এই গীত উন্মোচনী অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ ড৹ তৰালী গগৈ, পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি ভোগেশ্বৰী চাংমাই, বিশিষ্ট কবি হেমা চৌধুৰী গগৈ, প্ৰাক্তন ছাত্ৰ নেতা, সমাজকৰ্মী পৱন শইকীয়া, বিশিষ্ট জনপ্ৰিয় সমাজকৰ্মী তনুজ কুমাৰ মহন্ত, মহেন ৰাজখোৱা, কবিন্দ্ৰ শইকীয়া, পৱন বৰুৱা, বিনয় ৰাজখোৱা, বিশিষ্ট চিত্ৰশিল্পী মনজিৎ ৰাজখোৱা আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ।
![folk music practitioner jonali saikias two kamrupi lokgeet unveiled in golaghat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-10-2024/golaghatkamruplokagit_27102024175319_2710f_1730031799_391.jpeg)
অনুষ্ঠানত শিল্পী ত্ৰিবেণী বৰাই গীত পৰিৱেশন কৰি জীপাল কৰি তোলে । গীত দুটিৰ কথা আৰু সুৰ ৰজনী শৰ্মাৰ । সংগীত পৰিচালনা ৰুন্তি প্ৰশান্তৰ । বাদ্য শিল্পী হিচাপে আছে ৰাজা বৰুৱা আৰু নৱজিৎ শইকীয়া । মেল'দী ডিজাইনত শব্দ সংমিশ্ৰণ নিলোৎপলৰ ।
লগতে পঢ়ক : ইত্যাদি মঞ্চৰ উদ্যোগত নাট্যসন্ধ্যাৰ আয়োজন