ETV Bharat / entertainment

ৰুদ্ৰখন হৈছে আমাৰ অসমীয়া থলুৱা চিনেমা: ৰূপক গগৈ - Assamese Film Rudra

New Assamese film RUDRA : 'শ্ৰী ৰঘুপতি'ৰ পাচত অসমীয়া চলচিত্ৰপ্ৰেমী অধীৰ আগ্ৰহৰে ৰৈ আছে চুপাৰষ্টাৰ ৰবি শৰ্মা অভিনীত বিগ বাজেটৰ ছবি 'ৰুদ্ৰ'লৈ । হায়দৰাবাদত শ্বুটিং সমাপ্ত কৰি অসমলৈ উভতি আহিছে টীম 'ৰুদ্ৰ' । চলিত বৰ্ষৰ শেষৰফালে ছবিগৃহলৈ অহাৰ সম্ভৱনা নতুন অসমীয়া ছবিখন ।

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 6:59 PM IST

Updated : Jul 10, 2024, 8:51 PM IST

Exclusive interview with upcoming Assamese film director Rupak Gogoi
অসমীয়া ছবি ৰুদ্ৰৰ পৰিচালক ৰূপক গগৈৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ (ETV Bharat Assam)

গুৱাহাটী,১০ জুলাই: ইতিমধ্যে অসমৰ ছবিগৃহত কেইবাখনো ছবিয়ে সফলভাৱে অতিক্ৰম কৰিছে কেইবাটাও সপ্তাহ । অসমৰ দৰ্শকে আঁকোৱালি লৈছে বহুকেইখন ছবি । ইয়াৰ মাজতে অসমীয়া চলচিত্ৰপ্ৰেমী অধীৰ আগ্ৰহৰে ৰৈ আছে এখন বিশেষ ছবিৰ মুক্তিলৈ । 'শ্ৰী ৰঘুপতি'ৰ অভূতপূৰ্ব সফলতাৰ প্ৰায় ডেৰটা বছৰৰ পাচত আকৌ এখন বিগ বাজেটৰ ছবিত অভিনয় কৰিছে চুপাৰষ্টাৰ ৰবি শৰ্মাই । ইতিমধ্যে প্ৰায় ৩০ শতাংশ কাম সম্পূৰ্ণ হোৱা ছবি 'ৰুদ্ৰ'ৰ বাবে আশাৰে বাট চাইছে অসমৰ ৰাইজে ।

চলিত বর্ষত মুক্তি পাবলগীয়া ছবিসমূহৰ ভিতৰত এখন বহু প্ৰত্যাশিত অসমীয়া ছবি হিচাপে বিবেচিত হৈছে 'ৰুদ্ৰ' । 'শ্ৰী ৰঘুপতি'তকৈ এইবাৰ 'ৰুদ্ৰ'ত ব্যতিক্ৰমী ৰূপত দেখা যাব জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাক । পূৰ্ণোদ্যোমে চলি আছে ছবিখনৰ কাম । বিশিষ্ট পৰিচালক প্ৰয়াত পুলক গগৈৰ পুত্ৰ ৰূপক গগৈৰ পৰিচালনাৰে আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ ৩০ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে । কিছুদিন পূৰ্বে হায়দৰাবাদত শ্বুটিং সমাপ্ত কৰি অসমলৈ উভতি আহিছে টীম 'ৰুদ্ৰ' ।

আহিবলগীয়া বহু প্ৰত্যাশিত ছবিখনৰ সন্দৰ্ভত ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ছবিখনৰ পৰিচালক ৰূপক গগৈ কয়, "ৰুদ্ৰ ছবিখনৰ কাহিনীটো অকণমান ব্যতিক্ৰমী । ৰাইজে ছবিখনত বহুত কিবা কিবি নতুনত্ব দেখিবলৈ পাব । ছবিখনৰ মুখ্য চৰিত্ৰত জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই অভিনয় কৰিছে । ছবিখনত ৰবি শৰ্মাক দুটা ৰূপত দেখিবলৈ পাব দৰ্শকে । "

এক্সনকে আদি কৰি মনোৰঞ্জনৰ সকলো সোৱাদ থকা ছবিখনৰ সন্দৰ্ভত পৰিচালকগৰাকীয়ে কয়," ছবিখনত অভিনয়ৰ বাবে অসমৰ ভিন্ন ঠাইত অডিশ্বন লোৱা হৈছিল । তাৰ পৰা বহুখিনিকে নিৰ্বাচন কৰা হৈছে । ছবিখনৰ বাবে ৩০ জন ডেকা লৰাক আমি এক্সনৰ প্ৰশিক্ষণ দি সাজু কৰাইছো । লগতে ছবিখনৰ এক্সন পৰিচালনা কৰিছে অসমৰে পৰিচালকে । "

উল্লেখযোগ্য যে শ্যাম প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হ'বলগীয়া এই ছবিখনৰ কাহিনী-পৰিচালনা ৰূপক গগৈৰ ৷ প্ৰযোজনা ৰাজেশ কুমাৰ ম’ৰৰ । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই । ৰবি শৰ্মাৰ বিপৰীতে অভিনয় কৰিছে নন্দিনী কাশ্যপে । লগতে ছবিখনত অভিনয় কৰিছে আদিল হুছেইন, জয় কাশ্যপ, অলক নাথ, ৰাজীৱ ক্ৰ', ৰাজীৱ দুৱৰী, নীলোৎপল বৰা, চেতনা দাস, প্ৰতিভা চৌধুৰী, হিমাংশু গগৈ, হিমাংশু প্ৰসাদ দাস, অর্শীতা আগৰৱাল, ৰাজীৱ গোস্বামী, অন্তৰা জিজি চৌধুৰী, নৱ মহন্ত, ভাৰ্গৱ কাকতি আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ সংগীত কৰিছে দিগন্ত ভাৰতী আৰু ইবশ্বন লাল বৰুৱাই ।

লগতে পঢ়ক: মাত্ৰ ৯৯ টকাত নৃত্যৰ প্ৰশিক্ষণ : এগৰাকী ব্যতিক্ৰমী ই-ৰিক্সা চালক - Dance training

অসমত কল্কি চলিছে কিন্তু কুকি চলাবলৈহে দৰ্শকক অনুনয়-বিনয় কৰিবলগা হৈছে ! - HINDI FEATURE FILM KOOKI

হায়দৰাবাদত এদিনৰ বাবে বন্ধ 'ৰুদ্ৰ'ৰ দৃশ্যগ্ৰহণ - New assamese film rudra

ৰুদ্ৰৰ নায়িকা হ'ব নন্দিনী কাশ্যপ - Assamese Film Rudra

Last Updated : Jul 10, 2024, 8:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.