ETV Bharat / entertainment

নিছা আৰু পেছা সমান্তৰালকৈ চলাই নিয়া মানুহজনে ক’লে- শিপাক কেতিয়াও পাহৰিব নাপায় - All about Dr Hitesh Baruah

author img

By ETV Bharat Entertainment Team

Published : Aug 8, 2024, 6:02 PM IST

Updated : Aug 8, 2024, 6:08 PM IST

Dr Hitesh Baruah interview: ইণ্টাৰ্নশ্বিপৰ পইচাৰে তেওঁ উলিয়াইছিল তেওঁৰ প্ৰথম এলবাম ৷ সৰুৰে পৰা সংগীতৰ প্ৰতি প্ৰেম থকা মানুহজনে মনত কিন্তু ভাবি লৈছিল পেছা হিচাপে অন্য কিবা কৰাৰ কথা ৷ আৰু এতিয়া তেওঁ পেছাত এগৰাকী চিকিৎসক আৰু নিছাৰ বাবে জড়িত হৈ আছে সংগীতৰ সৈতে ৷ ঘৰতো আছে তেওঁৰ এক সাংস্কৃতিক পৰিৱেশ ৷ জানো আহকচোন দুয়োটা ক্ষেত্ৰতে সমান্তৰালভাৱে তেওঁ কেনেদৰে কাম আগবঢ়াই নিছে ? ই টিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ-

etv bharat special interview with lyricist, composer, singer, music director, and doctor Dr Hitesh Baruah
ডাঃ হিতেশ বৰুৱাৰ বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

গুৱাহাটী, 8 আগষ্ট : অসমৰ এগৰাকী জ্যেষ্ঠ চিকিৎসক ডাঃ হিতেশ বৰুৱা । এগৰাকী চিকিৎসক হিচাপে মানৱ সেৱা আগবঢ়াই অহা চিকিৎসকগৰাকীৰ আছে অন্য এক সুকীয়া পৰিচয় । সমাজৰ সকলো ক্ষেত্ৰতে আগৰণুৱা ব্যক্তিগৰাকী অসমৰ এগৰাকী জনপ্ৰিয় সংগীত পৰিচালকো । কেইবাখনো অসমীয়া ছবিত সংগীত পৰিচালনা কৰা ডাঃ হিতেশ বৰুৱা একেধাৰে গীতিকাৰ, সুৰকাৰো । চিকিৎসাসেৱাৰ লগতে বৰুৱাই অব্যাহত ৰাখিছে সাংস্কৃতিক সাধনাও । অসমৰ সংগীত জগতত এই যাত্ৰা সন্দৰ্ভত ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বৰুৱাই কৈ গ'ল বহু কথা ।

সংগীত জগতৰ যাত্ৰা কেনেদৰে আৰম্ভ হৈছিল ডাঃ হিতেশ বৰুৱাৰ ?

চিকিৎসক হিচাপে অহৰহ মানৱ সেৱা আগবঢ়াই থকা জ্যেষ্ঠ চিকিৎসক ডাঃ হিতেশ বৰুৱাই সাংস্কৃতিক দিশ তথা সংগীত জগতৰ যাত্ৰাৰ আৰম্ভণি সন্দৰ্ভত কয়, ‘মই পেছাত এগৰাকী চিকিৎসক আৰু নিচাত সাংস্কৃতিক ক্ষেত্ৰখন ভালপোৱা এজন ব্যক্তি । সংস্কৃতি ভালপোৱা এজন ব্যক্তি, যিয়ে নিজৰ সংস্কৃতিৰ কাৰণে কৰি নিজকে আত্মনিয়োগ কৰিব বিচাৰো । এটি সাংস্কৃতিক পৰিৱেশত মই জন্ম গ্ৰহণ কৰিছো । যদিও মোৰ গাঁৱত জন্ম, গাঁৱত ডাঙৰ দীঘল হৈছো, কিন্তু আমাৰ পৰিয়ালটোক সমগ্র অসমেই জানে । ব্ৰজেন বৰুৱা, ৰমেন বৰুৱা, দ্বীপেন বৰুৱা, নিপ বৰুৱা আমি সকলো একেটাই পৰিয়ালৰ । মোৰ মায়ে গীত গাইছিল এনেদৰেই পৰিয়ালৰ পৰাই আৰম্ভ হৈছিল এই যাত্ৰা ।’

কেনেদৰে নিৰ্মাণ কৰা হৈছিল ডাঃ বৰুৱাৰ প্ৰথম এলবাম ‘সূৰ্য্য’ ?

চিকিৎসক ডাঃ হিতেশ বৰুৱাৰ প্ৰথমটো এলবাম আছিল ‘সূৰ্য্য’ । বহু সপোন, কষ্ট আৰু সাধনাৰ ফলত নির্মাণ হৈছিল ‘সূৰ্য্য’ এলবামটো । এই এলবাম নিৰ্মাণৰ আঁৰত আছে বহু কাহিনী । ডাঃ বৰুৱাই কয়, ‘সূৰ্য্য এলবামৰ যিখিনি গীত আছে সেই গীত মই নিজেই লিখা, তাৰ মাত্ৰ এটা গীত দাদা এজনে লিখিছিল । গোটেইকেইটা গীতৰে শব্দ সংযোজন আৰু পৰিচালনা মই কৰিছিলো । মই গীত সৰুৰে পৰা লিখিছো আৰু গীত লিখাৰ প্ৰথম প্রেৰণা পাইছিলো লোকগীতৰ পৰা । লোকগীত সাধাৰণতে মানুহে নিলিখে । মই যেতিয়া প্ৰথম স্কুলত গীত গাইছিলো লোকগীত গাইছিলো আৰু সেই গীতটি মই নিজেই সজাই গাইছিলো । এয়াই মোৰ আৰম্ভণি ৷ তদুপৰি সৰুৰে পৰাই মই এটাই চিন্তা কৰিছিলো, মই এগৰাকী সংগীতশিল্পী হোৱাৰ লগতে এগৰাকী ব্যক্তি হ'ব লাগিব । যাতে মই কাম কৰি মোৰ পৰিয়ালটোক ভালদৰে পোহ-পাল দিব পাৰো আৰু তেনেদৰে মই কষ্ট কৰি গৈছিলো । চহৰলৈ আহি মই মেডিকেলত চিট পালো, কিন্তু তেতিয়ালৈকে সংগীতটো মই মোৰ নিজৰ মাজতে ৰাখিছিলো । মই MBBS পাছ কৰাৰ পাচত যেতিয়া ইণ্টাৰ্নশ্বিপ কৰিছিলো, তেতিয়া পোৱা পইচাৰে মোৰ প্ৰথম এলবাম সূৰ্য্য কৰিছিলো ।’

ছবিজগতত কেনেদৰে যাত্ৰা আৰম্ভ হৈছিল জ্যেষ্ঠ চিকিৎসকগৰাকীৰ ?

বহুকেইখন অসমীয়া ছবিত সংগীত পৰিচালনা কৰা ডাঃ বৰুৱাই ছবিজগতৰ যাত্ৰাৰ আৰম্ভণিৰ সন্দৰ্ভত কয়, ‘গুৱাহাটী মেডিকেল কলেজত চাকৰি কৰি থকা সময়তে মই ছবি প্ৰযোজক প্ৰাঞ্জল কুমাৰ ভৰালী আৰু পৰিচালক মুন্না আহমেদক লগ পালো আৰু এই দুগৰাকী ব্যক্তিৰ সংস্পৰ্শত মই প্ৰথম ছবি ‘মা তুমি অনন্যা’ৰ সংগীত পৰিচালনা কৰিলো । তেনেদৰে এখন দুখনকৈ বৰ্তমানলৈ 12 খন ছবিত মই সংগীত পৰিচালনা কৰিছো । মা তুমি অনন্যাৰ পাচত ড৹ মামণি ৰয়ছম গোস্বামীৰ ‘অন্তহীন যাত্ৰা’, পৰিচালক চন্দ্ৰ মুদৈৰ লগত ‘চুৰেন চোৰৰ পুতেক’, ‘জোন দা ইমান গুণ্ডা’, ‘বাঁকৰ পুতেক’ আদিকে ধৰি বহু ছবিত কাম কৰিলো ।’

চিকিৎসা সেৱাৰ লগত কেনেদৰে চলাই গৈছে সংগীতৰ চৰ্চা ?

এই সন্দৰ্ভত ডাঃ হিতেশ বৰুৱাই কয়, ‘এইটো যিহেতু মোৰ হবি, মোৰ পেছাৰ লগত নিচা চলাই নিবলৈ মই ঘৰতে এটা ষ্টুডিঅ’ নিৰ্মাণ কৰিলো । দিনটো মই চিকিৎসালয়ত ব্যস্ত হৈ থাকো ৷ ইয়াৰ পৰা গৈ মই ষ্টুডিঅ’ত সোমাও আৰু তাত ভিন্ন ধৰণৰ কাম কৰো । হয়তো এজন সংগীত পৰিচালকে কাম কৰিবলৈ যিমানখিনি সময় পাব লাগে সিমানখিনি নাপাওঁ কিন্তু তাৰ মাজতে এনেদৰে কাম কৰি গৈ আছো ।’

উল্লেখ্য যে, শীঘ্ৰেই ডাঃ বৰুৱাৰ পৰিচালনাত আহি আছে এখন ছবি । বৰ্তমান সেই কামত ব্যস্ত হৈ আছে বৰুৱা । বৰ্তমানলৈ ছবিখনৰ শ্বুটিঙৰ কাম আৰম্ভ হোৱা নাই যদিও অতি কম সময়ৰ ভিতৰতে আৰম্ভ হ'ব । তেওঁ জানিবলৈ দিয়ে যে অসমৰ সাংস্কৃতিক জগতখনক লৈ বৰুৱাৰ আছে বহু সপোন ।

লগতে পঢ়ক : YouTube ৰ পৰা কেনেকৈ ছবিজগত পালেগৈ ৰাজীৱ দুৱৰী - Actor Rajib Dowari interview

Last Updated : Aug 8, 2024, 6:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.