ETV Bharat / entertainment

ৰীলছতো লাগে নেকি কপিৰাইট ? - copyright on reels

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 7:07 PM IST

Copyright on reels: ছ’চিয়েল মিডিয়া প্লেটফৰ্ম খুলিলেই আজিকালি কেইছেকেণ্ডৰ মানৰ গান এটাত অভিনয় নতুবা নৃত্য কৰাহে দেখিবলৈ পোৱা যায় ৷ যুৱ-প্ৰজন্মৰ মাজত খুবেই জনপ্ৰিয় এয়া হৈছে ৰীলছ ৷ কেতিয়াবা ভাবি চাইছেনে এই ৰীলছত কপিৰাইট লাগেনে নালাগে ?

Etv Bharat
Etv Bharat (Etv Bharat)

গুৱাহাটী, ২৪ জুন : সম্প্ৰতি সামাজিক মাধ্যমত খুবেই জনপ্ৰিয় হৈছে ৰীলছ । বিশেষকৈ যুৱ-প্ৰজন্মৰ মাজত ৰীলছৰ জনপ্ৰিয়তা বৰ্ণনাতীত৷ ইনষ্টাগ্ৰাম, ফেচবুকত বিভিন্ন সংগীতৰ তালে তালে নৃত্য বা অংগী-ভংগীৰে ৰীলছ বনোৱাটো আজিকালি সকলোৰে বাবে বৰ বেলেগ এটা চখ । জানি আচৰিত হ’ব যে ৰীলছ বনোৱাৰ পিচতে বহু গান ভাইৰেল হৈ মানুহৰ কাষ চপাৰ লগতে জনপ্ৰিয় হৈ পৰিছে । কিন্তু আপুনি জানেনে আপুনি বনোৱা ৰীলছৰ গানটো কপিৰাইটৰ অধীনত পৰে নে নপৰে ? এই বিষয়ে জানিবলৈ পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদন-

ৰুম্পা বেনাৰ্জীৰ ভাষ্য (ETV Bharat Assam)

The Indian Performing Rights Society Ltd(IPRS) ৰ মাৰ্কেটিং হেড ৰুম্পা বেনাৰ্জীয়ে জনোৱা অনুসৰি আনৰ গান ব্যৱহাৰ কৰিলে কপিৰাইট লাগে । সামাজিক মাধ্যমত বিশেষকৈ ইনষ্টাগ্ৰাম, ফেচবুকত যুৱ প্ৰজন্মই ৰীলছ বনায় । ৰীলছ বনাওতে বিভিন্ন মিউজিক ব্যৱহাৰ কৰে । কিন্তু এই প্লেটফৰ্মবোৰত উপলব্ধ বেলেগৰ মিউজিক ব্যৱহাৰ কৰিলে কপিৰাইট নালাগে । কিয়নো ফেচবুক আৰু ইনষ্টাগ্ৰাম হৈছে মেটাৰ প্লেটফৰ্ম । মেটাই বিচাৰে যে তেওঁলোকৰ প্লেটফৰ্ম ফেচবুক ইনষ্টাগ্ৰামত ব্যৱহাৰকাৰীৰ সংখ্যা বাঢ়ক, সেয়েহে তেওঁলোকে ৰীলছৰ বাবে IPRS ৰ পৰা লাইচেন্স লৈ ৰাখে । সেয়েহে ফেচবুক ইনষ্টাগ্ৰামত ৰীলছ বনালে কপিৰাইট নালাগে ।

লগতে পঢ়ক : সামাজিক মাধ্যমত বিয়ানাম গাই চর্চা লাভ কৰা এজন যুৱক - partha gogoi Biya naam reel

The Indian Performing Rights Society Ltd(IPRS) কি ? তেওঁলোকে কি কাম কৰে ?

ভাৰত চৰকাৰৰ অনুমোদিত বেচৰকাৰী সংস্থা হৈছে আই পি আৰ এছ । আই পি আৰ এছৰ কাম হৈছে মিউজিক ক্ৰিয়েটৰসকলৰ অধিকাৰ সুৰক্ষিত কৰা । মিউজিক ক্ৰিয়েটৰসকল, যিয়ে সংগীত সৃষ্টি কৰে, এই সংগীতৰ ওপৰত তেওঁলোকৰ কপিৰাইট থাকে । সেইটো তেওঁলোকৰ বৌদ্ধিক সম্পত্তি । কিন্তু বহু মিউজিক ক্ৰিয়েটৰে নাজানে তেওঁলোকৰ এই অধিকাৰৰ কথা ।

১৯৬৯ ত জন্মলাভ কৰা এই বেচৰকাৰী সংস্থাটোৱে ৫৫ বছৰ ধৰি ৰাইজৰ মাজত সজাগতা আনি আছে । উত্তৰ পূৰ্বাঞ্চলত এই সজাগতা একেবাৰেই কম । অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বহু এনে শিল্পী আছে যিয়ে নাজানে নিজৰ অধিকাৰৰ কথা । এজন শিল্পীয়ে এটা গান সৃষ্টি কৰাৰ পিচত গানটো জনপ্ৰিয় হ’লে সকলো প্লেটফৰ্মতে গীতটো বাজিব । যেতিয়া গীতটো কমাৰ্চিয়েলী বজোৱা হ'ব IPRS ৰ সদস্য নহ'লে শিল্পীজনে সেইখিনি টকা নাপাব । সেয়েহে শিল্পীসকল IPRS ৰ সদস্য হোৱাটো জৰুৰী ।

আৰ্টিষ্টসকল IPRS ৰ সদস্য হোৱাৰ পাচত তেওঁলোকৰ গান বিভিন্ন স্থানত কমাৰ্চিয়েলি বজাবলৈ যিকোনো এখন ব্যৱসায়িক প্ৰতিষ্ঠানে IPRS ৰ পৰা লাইচেন্স ল'ব লাগিব । লাইচেন্স নোলোৱাকৈ IPRS ৰ সদস্যৰ গীত কমাৰ্চিয়েলি বজালে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰি ৷ সংগীত সৃষ্টিকৰ্তা আৰু বাণিজ্যিকভাৱে প্ৰচাৰকৰ্তাৰ মাজত যোগসূত্ৰকাৰী হৈছে IPRS।

লগতে পঢ়ক : অভিনেতা অৰূপ বৈশ্যৰ অভিনয় যাত্ৰা কেনেদৰে আৰম্ভ হৈছিল ? - Arup Baishya interview

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.