ETV Bharat / entertainment

"বিদুৰভাই" শ্বুটিঙৰ সময়ত কি কি হৈছিল ? ছবিখনক লৈ কি ক’লে পৰিচালক সুব্ৰত কাকতিয়ে - Assamese Movie Bidurbhai

Assamese Movie Bidurbhai: "বিদুৰভাইৰ" আঁৰৰ বহু কথা । কেনেদৰে নিৰ্মাণ হৈছিল "বিদুৰভাই" ছবিখন । "বিদুৰভাইৰ" সম্পৰ্কে জনালে ছবিখনৰ পৰিচালকৰ লগতে অভিনেত্ৰী চুমকী কছাৰীয়ে ।

author img

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 8:50 PM IST

Updated : Jul 7, 2024, 10:42 PM IST

Bidurbhai
"বিদুৰভাইৰ" শ্বুটিংৰ সময়ত কি কি হৈছিল ? ছবিখনকলৈ কি ক’লে পৰিচালক সুব্ৰত কাকতিয়ে (ETV Bharat)

গুৱাহাটী, 7 জুলাই: অতি শীঘ্ৰে আহি আছে বহু প্ৰত্যাশিত "বিদুৰভাই" ৷ "বিদুৰভাই"ক লৈ ইতিমধ্যে সামাজিক মাধ্যমত অনুৰাগীৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ ছবিখনৰ মুক্তিৰ দিন ঘোষণাৰ পাচতেই এতিয়া "বিদুৰভাইৰ" অনুৰাগীসকলৰ মাজত ছবিখনকলৈ উৎকণ্ঠা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে লকডাউনৰ সময়ছোৱাত মাইক্ৰফাইনেন্স বিত্তীয় প্ৰতিষ্ঠানৰ কৰাল গ্ৰাসত পৰা অসম গ্ৰাম্য সমাজৰ লগতেই লকডাউনৰ বাবে চৰম আৰ্থিক অনাটন, গ্ৰামাঞ্চলৰ মহিলা গোটৰ সুখ-দুখ আদিৰ কিছু ঘটনা হাস্যৰসৰ ওপৰত কেন্দ্ৰ কৰি কাহিনী আকাৰে নিৰ্মাণ কৰা হৈছিল চিৰিজ "বিদুৰভাই" ৷

Bidurbhai (ETV Bharat)

প্ৰায় দুবছৰ পূৰ্বে মুক্তি লাভ কৰা এই ৱেব চিৰিজখন মুক্তিৰ পিচৰে পৰা প্ৰতিটো খণ্ড দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছিল ৷ সমান্তৰালভাৱে চিৰিজখনৰ এটি গীত "বিদূৰগীত " আজিও ৰাইজৰ মুখে মুখে ৷

ছবিখন নিৰ্মাণৰ সন্দৰ্ভত মন্তব্য কৰি পৰিচালক সুব্ৰত কাকতিয়ে(SUV) কয়,' ছবিখনক লৈ আমি খুবেই আশাবাদী ৷ দৰ্শকে "বিদুৰভাই" ৱেব চিৰিজখন মুক্তিৰ পাচতে ইয়াৰ দ্বিতীয় চিৰিজখনৰ বাবে ৰাইজে অপেক্ষা কৰি আছিল ৷ বিদুৰভাইৰ দ্বিতীয় চিৰিজখনৰ বাবে আমি শ্বুটিঙো কৰিছিলোঁ ৷ তাৰ পাচত আমি বহু কথা ভাবি চিৰিজৰ সলনি ছবি নিৰ্মাণ কৰাৰ সিদ্ধান্ত ললোঁ আৰু তেনেদৰে বিদুৰভাইৰ কাম আৰম্ভ হ'ল ৷ '

ইফালে, ছবিখনৰ অভিনেত্ৰী ‘বেহাৰবাৰী’ খ্যাত চুমকী কছাৰীয়ে ছবিখনৰ সন্দৰ্ভত কয়,' ৱেব চিৰিজখনক দৰ্শকে যিদৰে মৰম দিছে ছবিখনকো ইমানেই মৰম দিব বুলি আমি আশাবাদী ৷ চিৰিজ আৰু ছবিৰ মাজত বহুত পাৰ্থক্য আছে ৷ ছবিগৃহত চোৱা আৰু মোবাইলত চোৱাৰ মাজত বহুত পাৰ্থক্য আছে ৷ আশাকৰো দৰ্শকে ভাল পাব ৷’

উল্লেখযোগ্য যে, প্ৰায় দুবছৰ পূৰ্বে মুক্তি পোৱা এই ৱেব চিৰিজখনৰ পৰৱৰ্তী খণ্ডৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছিল দর্শক ৷ অৱশেষত চলিত বৰ্ষৰ আৰম্ভণিতে ভাল খবৰ দিলে টীম বিদুৰভায়ে ৷ বিদুৰভাই -২ এইবাৰ ৱেব চিৰিজ হিচাপে নহয়, ছবি হিচাপে শীঘ্ৰেই ছবিগৃহলৈ আহিব ৷ সুব্ৰত কাকতিৰ পৰিচালনাৰে ৱেব চিৰিজ বিদুৰভাইত অভিনয় কৰিছিল ‘বেহাৰবাৰী’ খ্যাত চুমকী কছাৰী, পংকজ মহন্ত, উজ্বল ৰাজখোৱা, ত্ৰৈলোক্য বৰুৱা, নীতু খনিকৰ, কংকন শইকীয়া, মৌচুমী শইকীয়া, স্নিগ্ধা ফুকন, আনন্দ বৰুৱা, বলিন বৰা, উদ্বীপনা বৰা, উত্তম কলিতা, শমিষ্ঠা দাস আদিয়ে ৷ বিদুৰভাইৰ ছবিখনতো এইসকল অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰাৰ লগতে বহুকেইগৰাকী নতুন অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে এই ছবিখনত ৷

লগতে পঢ়ক: মোবাইলত নহয় এইবাৰ ৰূপালী পৰ্দাত "বিদুৰভাই" - Assamese film Bidurbhai

Last Updated : Jul 7, 2024, 10:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.