ETV Bharat / entertainment

‘বেহাৰবাৰী আউটপোষ্ট’ খ্যাত চুমকী কছাৰীয়ে সঁচাকৈয়ে ভয় কৰে নেকি শিঙিমাছলৈ ? - ASSAMESE FILM BIDURBHAI cast

author img

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 6:17 PM IST

Bidurbhai release date: মাজত আৰু তিনিদিন ৷ ১৯ জুলাইত ছবিগৃহলৈ আহি আছে "বিদুৰভাই"। ছবিখন সন্দৰ্ভত কি ক’লে অভিনেত্ৰী চুমকী কছৰীয়ে ?

etv-bharat-special-interview-with actress chumki kachari
বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

গুৱাহাটী, 15 জুলাই : ‘বেহাৰবাৰী আউটপোষ্ট’ ধাৰাবাহিকখনৰ জৰিয়তে জনপ্ৰিয়তা অর্জন কৰা এগৰাকী অভিনেত্ৰী চুমকী কছাৰী । চুমকী কছাৰীক প্ৰায়সংখ্যক দৰ্শকে চিনি পাই ‘বিউটি বাইলুং’ হিচাপে । ধাৰাবাহিকখনৰ কেকে, মোহনৰ সমান্তৰালকৈ ৰাইজে মৰম দিয়া এটা চৰিত্ৰ হৈছে বিউটি বাইলুঙৰ চৰিত্ৰটো । গোলাঘাটৰ জিয়াৰী বিউটি বাইলুঙৰ অভিনয় জীৱনৰ আৰম্ভণি হৈছিল নাটকৰ পৰা আৰু পৰৱৰ্তী সময়ত Beharbari Outpost ধাৰাবাহিকখনত তেওঁ অভিনয়ৰ সুযোগ লাভ কৰে ।

চুমকী কছাৰীয়ে সঁচাকৈয়ে ভয় কৰে নেকি শিঙিমাছলৈ ? (ETV Bharat Assam)

অভিনয়ৰ জগতৰ আৰম্ভণি সন্দৰ্ভত মন্তব্য কৰি অভিনেত্ৰীগৰাকীয়ে কয়, ‘নাটকৰ পৰাই অভিনয় যাত্ৰাৰ আৰম্ভণি হৈছিল যদিও একদম সৰুৰে পৰাই যে কৰিছো বা শিকি জানি বুজি কৰিছো তেনেকুৱা নহয় । ভুল ৰাস্তাত গৈ সঠিক ৰাস্তাত উলিওৱাৰ দৰে বেহাৰবাৰীয়ে ৰাস্তাটো চুটি কৰি দিলে ।’ বেহাৰবাৰী ধাৰাবাহিকখনৰ উপৰিও বহুকেইটা গীতৰ লগতে কেইবাখনো ৱেব চিৰিজত অভিনয় কৰিছে চুমকী কছাৰীয়ে ।

লগতে পঢ়ক : "বিদুৰভাই" শ্বুটিঙৰ সময়ত কি কি হৈছিল ? ছবিখনক লৈ কি ক’লে পৰিচালক সুব্ৰত কাকতিয়ে - Assamese Movie Bidurbhai

বিদুৰভাই ৱেব চিৰিজখনৰ পাচত সুব্ৰত কাকতিৰ পৰিচালনাৰে আহিবলগীয়া নতুন অসমীয়া ছবি ‘বিদুৰভাই’ ত ৰূপালী পৰ্দাত ছুমকীক দেখিবলৈ পাব দৰ্শকে । অহা ১৯ জুলাইত মুক্তি পাবলগীয়া এই নতুন অসমীয়া ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি অভিনেত্ৰীগৰাকীয়ে কয়,‘বিদুৰভাইৰ কথা যদি ক’বলৈ যাওঁ বিদুৰভাই আমাৰ সন্তানৰ নিচিনা । বিদুৰভাই আৰম্ভ কৰোতে অকণমান সৰু আছিল, এতিয়া আমাৰ লৰাটো ডাঙৰ হ’ল । বিদুৰভাই ৱেব চিৰিজখনক দৰ্শকে যিদৰে মৰম দিছে ছবিখনকো সিমানেই মৰম দিব বুলি আমি আশাবাদী । বিদুৰভাই চিজন-২ ৰ বাবে দৰ্শক ৰৈ আছিল । এতিয়া চিৰিজৰ সলনি 'বিদুৰভাই' ছবি হৈ আহিব । চিৰিজ আৰু ছবিৰ মাজত বহুত পাৰ্থক্য আছে । ছবিগৃহত চোৱা আৰু মোবাইলত চোৱাৰ মাজতো বহুত পাৰ্থক্য আছে । আশাকৰো দৰ্শকে ছবিখন ভাল পাব ।’

বেহাৰবাৰী ধাৰাবাহিকখনত সাধাৰণতে শিঙিমাছ দেখিলে আতংকিত হৈ পৰা বিউটি বাইলুঙে সঁচাকৈয়ে শিঙিমাছলৈ ভয় কৰে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে কয়, ‘শিঙিমাছলৈ ভয় নকৰো আচলতে বেয়া পাওঁ । বেয়া পোৱাৰো দীঘলীয়া কাৰণ আছে । বেয়া পোৱা কাহিনীটো কেতিয়াবা ধাৰাবাহিকখনতে কাহিনী আকাৰে ওলাব ।’

লগতে পঢ়ক : মোবাইলত নহয় এইবাৰ ৰূপালী পৰ্দাত "বিদুৰভাই" - Assamese film Bidurbhai

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.