ETV Bharat / entertainment

অভিনেতা অৰূপ বৈশ্যৰ অভিনয় যাত্ৰা কেনেদৰে আৰম্ভ হৈছিল ? - Arup Baishya interview

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 6:46 PM IST

Updated : Jun 3, 2024, 9:36 PM IST

Arup Baishya interview: বিগত বর্ষত লুইতপৰীয়া নাট্যগোষ্ঠীৰ লগত জড়িত হৈ থকা অভিনেতাগৰাকীয়ে নাট্যবর্ষ সন্দৰ্ভত কি ক’লে ? আগন্তুক নাট্যবর্ষৰ বাবে কেনেদৰে সাজু হৈছে অভিনেতা অৰূপ বৈশ্য ?

etv bharat special interview with actor Arup Baishya
অভিনেতা অৰূপ বৈশ্যৰ সাক্ষাৎকাৰ (etv bharat assam)

গুৱাহাটী, 3 জুন : অসমীয়া সাংস্কৃতিক জগতৰ এগৰাকী জনপ্ৰিয় অভিনেতা অৰূপ বৈশ্য ৷ দূৰদৰ্শনৰ ধাৰাবাহিকৰ পৰা আৰম্ভ কৰি ভিচিডি, অসমীয়া ছবি, ভ্ৰাম্যমাণ নাটকত অভিনয় কৰি দর্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা অভিনেতাগৰাকীৰ অভিনয় যাত্ৰা আৰম্ভ হৈছিল স্কুলীয়া দিনতে ৷ স্কুলত পঢ়ি থাকোতে নাটকত অভিনয় কৰাৰ লগতে নাটকৰ বিভিন্ন প্ৰতিযোগিতাত অংশ লৈছিল অভিনেতাগৰাকীয়ে । পৰৱৰ্তী সময়ত গুৱাহাটীলৈ আহি প্ৰথমাৱস্থাত নাটক, দূৰদৰ্শনৰ ধাৰাবাহিক, ভিচিডি আদিত অভিনয়ৰ সুযোগ লাভ কৰিছিল । সেই সময়তে অসমীয়া ছবিত অভিনয় কৰাৰো সুযোগ লাভ কৰিছিল অভিনেতাগৰাকীয়ে ৷ ইয়াৰ সমান্তৰালকৈ ভ্ৰাম্যমাণতো অভিনয় কৰাৰ সুযোগ লাভ কৰে তেওঁ । এনেদৰেই আৰম্ভ হৈছিল অভিনেতাগৰাকীৰ অভিনয় যাত্ৰা ৷

প্ৰায় ১৪ বছৰ ধৰি ভ্ৰাম্যমাণ জগতৰ সৈতে জড়িত হৈ থকা অভিনেতাগৰাকীয়ে জনালে ভ্ৰাম্যমাণৰ বহু অভিজ্ঞতাৰ সম্পৰ্কে । বিগত বর্ষত লুইতপৰীয়া নাট্যগোষ্ঠীৰ লগত জড়িত হৈ থকা অভিনেতাগৰাকীয়ে নাট্যবর্ষ সন্দৰ্ভত মন্তব্য কৰি কয়, ‘বিগত নাট্যবৰ্ষটো খুব সুন্দৰকৈ পাৰ হৈছে । খুব সুন্দৰ এটা অভিজ্ঞতা, মানুহবোৰে আমাক ইমান মৰম দিছে, লগতে তিনিখন নাটকেই ৰাইজে আঁকোৱালি লৈছিল । দৰ্শকে যেতিয়া সন্মুখলৈ আহি নতুবা গ্ৰীণৰূমত সোমাই আঁকোৱালি লয়, সেয়া যিকোনো বঁটাতকৈ ডাঙৰ । লগতে আমিও পৰৱৰ্তী পেণ্ডেলত নাট্য প্ৰদৰ্শনৰ বাবে পূৰ্বতেকৈ বেছি উৎসাহিত হওঁ ।’

লগতে পঢ়ক : সামাজিক মাধ্যমত বিয়ানাম গাই চর্চা লাভ কৰা এজন যুৱক - partha gogoi Biya naam reel

ইফালে অসমীয়া ছবি জগত সন্দৰ্ভত মন্তব্য কৰি অভিনেতাগৰাকীয়ে কয়, ‘বৰ্তমান সময়ত বহু নতুন অভিনেতা-অভিনেত্ৰীৰ পৰা আৰম্ভ কৰি নতুন পৰিচালক-পৰিচালিকা অসমৰ সাংস্কৃতিক জগতৰ সৈতে জড়িত হৈছে । এয়া নিশ্চয় এক ভাল খবৰ । নতুনক সুযোগ দিব লাগে, আমিও এদিন নতুন আছিলো । আমাকো সুযোগ দিয়াৰ বাবে আমি আগবাঢ়ি যাব পৰিছো । সকলোৱে কষ্ট কৰিব লাগিব । কাৰণ হঠাৎ পোৱা যিকোনো বস্তু খুব সোনকালে নাইকিয়াও হৈ যায় । গতিকে লাহে লাহে প্ৰতিটো বিষয়তে আগবাঢ়ি যাব লাগে ।’

উল্লেখ্য যে, আগন্তুক অৰ্থাৎ ২০২৪-২৫ নাট্যবর্ষত নতুনকৈ আত্মপ্ৰকাশ ঘটা নাট্যগোষ্ঠী 'কলাগুৰু থিয়েটাৰ’ত থাকিব অভিনেতা অৰূপ বৈশ্য । তিনিখন নাটকেৰে আগন্তুক নাট্যবর্ষৰ বাবে সাজু হৈছে দলটো । নাটক তিনিখন হৈছে অভিজিৎ ভট্টাচাৰ্যৰ "ময়ূৰ চৰাইৰ নাচ", চম্পক শৰ্মাৰ "কৰ্ণ অৰ্জুন, আৰু ভাস্কৰ জ্যোতি শৰ্মাৰ "মই এন্ধাৰৰ ৰজা"।

লগতে পঢ়ক : বিহুৰ বাবে কেনেদৰে সাজু হৈছে কণ্ঠশিল্পী ৰূপম ভূঞা? - musician rupam bhuyan interview

Last Updated : Jun 3, 2024, 9:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.