ETV Bharat / entertainment

কেনী বসুমতাৰী নাৰিকলৰ দৰে, শ্বুটিংস্থলীত থাকে বন্ধুত্বপূৰ্ণ পৰিৱেশ - Kenny Basumatary Local kung fu 3

author img

By ETV Bharat Entertainment Team

Published : Sep 10, 2024, 5:49 PM IST

Updated : Sep 10, 2024, 5:57 PM IST

পুৰুষ ভদ্ৰ হ’লে নাৰীৰ আত্মৰক্ষাৰ প্ৰয়োজনীয়তা নাথাকে বুলি মন্তব্য কেনী বসুমতাৰীৰ ৷ এতিয়া ছবিগৃহত সগৌৰৱে চলি আছে কেনী বসুমতাৰীৰ অসমীয়া ছবি “লোকেল কুংফু 3” । “লোকেল কুংফু 3” এ 4 দিনত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে 60.86 লাখ টকা ।

etv bharat exclusive interview with local kung fu 3 team actor director Kenny Basumatary praises movie bidurbhai
বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam)

গুৱাহাটী, 10 ছেপ্টেম্বৰ : এটা DSLR কেমেৰা, কেইটামান টকা, পৰিয়ালৰ ভাতৃৰ লগতে কেইগৰাকীমান বন্ধুৰ সৈতে লগ লাগি কেনি বসুমতাৰীৰ পৰিচালনাৰে আৰম্ভ হৈছিল “লোকেল কুংফু 1” ৰ নিৰ্মাণৰ কাম । এয়া আজিৰ পৰা কেইবছৰমান পূৰ্বৰ কথা । “লোকেল কুংফু 1” ক দৰ্শকে দিয়া মৰমৰ পাছত নিৰ্মাণ কৰা হৈছিল “লোকেল কুংফু 2” । সমৰকলা আৰু হাস্যৰসধৰ্মী এই ছবি দুখনে দৰ্শকৰ পৰা ব্যাপক সঁহাৰি লাভ কৰা পাছত চলিত বৰ্ষৰ 5 ছেপ্টেম্বৰত মুক্তিলাভ কৰে নতুন অসমীয়া ছবি “লোকেল কুংফু 3” এ ।

লোকেল কুংফু 3ৰ কলা-কুশলীসকলৰ মনৰ বতৰা (ETV Bharat Assam)

ছবিখনৰ সন্দৰ্ভত ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছবিখনৰ সম্পৰ্কে বহু কথা জনালে টীম লোকেল কুংফু 3 এ । "বিদুৰভাইৰ দৰে চিনেমাই আমাৰ বাবে প্ৰতিযোগিতাৰ সৃষ্টি নকৰে, পথহে দেখুৱাই", এই ভাষ্য কেনী বসুমতাৰীৰ ৷

পৰিচালক কেনি বসুমতাৰীৰ ভাষ্য

“ৰাইজ আহক ছবিখন উপভোগ কৰক । ছবিখনৰ প্ৰতি ৰাইজৰ যি সঁহাৰি সেয়া দেখি বৰ ভাল লাগিছে । জ্যেষ্ঠৰ পৰা কণমানি শিশুলৈকে সকলোৱে যি সঁহাৰি দিছে সেয়া বৰ ভাল লাগিছে । আমি কিছুমান ছবিগৃহত দৰ্শকে গম নোপোৱাকৈ বহি থাকো আৰু দৰ্শকে যেতিয়া ছবিখনৰ শেষত হাত চাপৰি বজাই সেই অনুভৱ সুকীয়া ৷”

“লোকেল কুংফু” ৰ টীম এতিয়া ডাঙৰ হৈছে

কেনি বসুমতাৰীৰ প্ৰথম ছবি “লোকেল কুংফু 1” ৰ টীম এতিয়া ডাঙৰ হৈছে । “লোকেল কুংফু 3” ত পুৰণি চৰিত্ৰসমূহৰ লগতে এইবাৰ চাৰ্লিৰ প্ৰেয়সীৰ চৰিত্ৰত ৰিম্পী দাস, দুলু তানসেনৰ বিগ বছৰ চৰিত্ৰত ৰোহন দাস, ছবিখনৰ নতুন খলনায়কৰ ৰূপত জাভেদ আখটাৰ আৰু ৰুবুল বড়োৱে অভিনয় কৰিছে ।

লোকেল কুংফুৰ টীমটোৰ সন্দৰ্ভত পৰিচালকগৰাকীয়ে কয়, “টীমটো ডাঙৰ হ'বই লাগিব । কাৰণ আমি ডাঙৰ পৰ্যায়ত ছবি নিৰ্মাণ কৰিবলৈ ওলাইছো । যিহেতু আমি এটা পৰ্যায়তে ৰৈ থাকিব নোৱাৰো সেয়ে লেভেল বঢ়াব লাগিব । একশ্যনৰ ওপৰত বহুত কষ্ট কৰা গৈছে । ইয়াৰে বহুখিনিয়ে সৰুৰে পৰা সমৰকলাৰ লগত জড়িত । লগতে এইবাৰ মৰিগাঁও আৰু কোকৰাঝাৰৰ পৰাও একশ্যনৰ বাবে ল’ৰা অনা হৈছে ।”

এই বিশেষ সাক্ষাৎকাৰটোত ছবিখনৰ আন দুগৰাকী শিল্পী জাভেদ আখটাৰ আৰু মণ্টু দেউৰীয়েও নিজৰ মনৰ কথা মুকলিকৈ প্ৰকাশ কৰে ৷ উল্লেখ্য যে, ছবিখনৰ চাৰিদিনত মুঠ উপাৰ্জন ৬০.৮৬ লাখ টকা ।

লগতে পঢ়ক : লোকেল কুংফুৰ সংলাপ লিখা চি-চাৰ্ট পিন্ধি চাবলৈ যাব পাৰিব লোকেল কুংফু 3 - Local Kung Fu merchandise

শিক্ষক দিৱসৰ দিনাই কিয় মুক্তি দিবলৈ লোৱা হৈছে লোকেল কুংফু 3 ? - LOCAL KUNG FU 3

ছবিগৃহত সগৌৰৱে চলি আছে লোকেল কুংফু 3 - Local kungfu 3

Last Updated : Sep 10, 2024, 5:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.