ETV Bharat / entertainment

জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ কাহিনীক লৈ নিৰ্মাণ কৰা হৈছে নেকি ‘জয় হনুমেন’ ? - Himanshu Prasad Das Joy Hanu Man

author img

By ETV Bharat Entertainment Team

Published : 2 hours ago

Updated : 1 hours ago

Joy Hanu Man Movie: কি আছে ‘জয় হনুমেন’ ত ? খলকনি তুলিব পৰাকৈ কেনে কাহিনী দেখুৱাবলৈ চেষ্টা কৰা হৈছে ছবিখনত ? SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ কাহিনীক লৈ নিৰ্মাণ কৰা হৈছে নেকি ‘জয় হনুমেন’ ? ছবিখনৰ এটা বিশেষ দৃশ্য কি, যিটো কলা-কুশলীৰ পৰা লুকুৱাই থৈছিল পৰিচালকগৰাকীয়ে ?

etv bharat exclusive interview with film director himanshu prasad das regarding his upcoming film Joy Hanu Man
সাজু হওক জয় হনুমেন চাবলৈ (ETV Bharat Assam)

গুৱাহাটী, 25 ছেপ্টেম্বৰ : পৰিচালক হিমাংশু প্ৰসাদ দাস । যাৰ ব্যতিক্ৰমী চিন্তাধাৰাৰ কথা সকলোৰে অৱগত । ‘ছাকিৰা আহিব বুকল তলৰ বিহুলৈ’, ‘গৰু’, ‘বুলু ফিল্ম’ আদিৰ দৰে ব্যতিক্ৰমধৰ্মী ছবি ৰাইজক উপহাৰ হিচাপে দিয়া পৰিচালক হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে শীঘ্ৰেই আহি আছে এখন নতুন অসমীয়া ছবি ‘জয় হনুমেন’ ।

অহা 18 অক্টোবৰত মুক্তি পাবলগীয়া এই ছবিখনৰ নামৰ পৰা আৰম্ভ কৰি গীত আদিয়ে ছবিখনৰ প্ৰতি উৎসুকতা বৃদ্ধি কৰিছে ৰাইজৰ মাজত । ই টিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ছবিখনৰ সম্পর্কে বহু কথা জনালে পৰিচালকগৰাকীয়ে ।

আছুতীয়া সাক্ষাৎকাৰ পৰিচালক হিমাংশু প্ৰসাদ দাসৰ সৈতে (ETV Bharat Assam)

জয় হনুমেনৰ কাহিনী এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুক লৈ নেকি ?

SI জোনমণি ৰাভাৰ মৃত্যু হত্যাকাণ্ড, আত্মহত্যা নে দুৰ্ঘটনা আছিল ? তাৰ প্ৰকৃত ৰহস্য আজিও নোলাল । এগৰাকী দক্ষ আৰক্ষী বিষয়াৰ মৃত্যুৱে সমগ্ৰ অসম জোকাৰি যায় । আজিও এই প্ৰসংগটো বহু ৰাইজৰ মন-মগজুত সোমাই আছে । শেহতীয়াকৈ কথা বাগৰি আহিছিল যে জোনমণি ৰাভাৰ কাহিনীক সাঙুৰিয়ে নিৰ্মাণ কৰা হৈছে ‘জয় হনুমেন’ ? এই সন্দৰ্ভত পৰিচালক হিমাংশু প্ৰসাদ দাসে কয়, ‘এইটো বহুতে প্ৰশ্ন কৰি আছে ৷ মই নাজানো এইটো কেনেকৈ মানুহৰ মাজলৈ গৈছে যে SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুক লৈ এই চিনেমাখন নিৰ্মাণ কৰা হৈছে । এইটো কথাৰ উত্তৰ মই এতিয়াই নিদিও, যেতিয়া ৰাইজে ছবিখন চাব তেতিয়া কথাটো গম পাব । কিন্তু এটা কথা ঠিক যে জয় হনুমেন ছবিখন অসম কঁপাই যোৱা এটা সঁচা ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে, এটা চাঞ্চল্যকৰ ঘটনাক লৈ ছবিখন নিৰ্মাণ কৰা হৈছে । গতিকে আৰু কিছুদিন অপেক্ষা কৰিলে সকলোৰে বাবে ভাল হ'ব ।’

লগতে পঢ়ক : কান্ধত গদা লৈ শীঘ্ৰে আহি আছে হনুমেন - Joy Hanu Man

ছবিখনৰ নামটো ‘জয় হনুমেন’ কিয় ৰখা হ'ল ?

এই সন্দৰ্ভত পৰিচালকগৰাকীয়ে কয়, ‘স্পাইডাৰ মেন, ছুপাৰ মেন সকলোৱে জানে, হনুমেন কিন্তু সকলোৰে বাপ । বহুতে মোক ‘হনুমেন’ নামটোক লৈ প্ৰশ্ন কৰি আছে যে হনুমেন কিয় ? সেই কিয়টোৰ উত্তৰ আচলতে ছবিখনত আছে । এজন বিশেষ যুৱকৰ কাহিনীৰে ছবিখন নিৰ্মাণ কৰা হৈছে । বিশ্ববিদ্যালয়ত পঢ়ি থকা এজন যুৱক । সেই যুৱকজনে কি কাৰণত ‘হনুমেন’ হ’বলগীয়া হ’ল ছবিখনৰ সেইটোৱে কাহিনী । আশা কৰিছো এই ছবিখনৰ দ্বাৰা এগৰাকী বিশেষ ধৰণৰ হিৰো , এটা বিশেষ ধৰণৰ চৰিত্ৰ অসমৰ ৰাইজে পাব ।’

ছবিখনৰ সেই বিশেষ দৃশ্যটো কি, যিটো কলা-কুশলীৰ পৰা লুকুৱাই থৈছিল পৰিচালকগৰাকীয়ে ?

‘জয় হনুমেন’ ৰ এটা বিশেষ দৃশ্য অন্য কলা-কুশলীসকলৰ পৰা লুকুৱাই ৰখা হৈছিল । আনহাতে শ্বুটিং শেষ হোৱাৰ 9 মাহ পাছত কম সংখ্যক দৰ্শকৰে এই বিশেষ দৃশ্যটোৰ দৃশ্যগ্ৰহণ কৰা হৈছিল । কিয় এই কথা লুকুৱাই ৰখা হৈছিল বুলি পৰিচালকক সোধাত তেওঁ কয়, ‘আমি যেতিয়া ছবি এখন নিৰ্মাণ কৰিবলৈ লওঁ আৰু সেই ছবিখনৰ বাবে যিখন স্ক্ৰীপ্ট থাকে, সেই স্ক্ৰীপ্টখন আমি বিভিন্ন বিভাগত দিবলগীয়া হয় । আমি যেতিয়া সকলোকে স্ক্ৰীপ্টখন দিছিলো, তেতিয়া এটা দৃশ্য আমি উদ্দেশ্য প্ৰণোদিতভাৱে কাকো দিয়া নাছিলো । সেই দৃশ্যটো ইমানেই গোপনে ৰখা হৈছিলে যে, চিত্ৰনাট্য লিখা আন দুগৰাকী ব্যক্তি শান্তনু ৰৌমূৰীয়া আৰু অধিৰাজ কাশ্যপেও জনা নাছিল । ছবিখনৰ শ্বুটিং শেষ হোৱাৰ 9 মাহ পাছত খুব কম সংখ্যক মানুহ লৈ সেই বিশেষ দৃশ্যটোৰ শ্বুটিং কৰিছো । আৰু সেই দৃশ্যটোৱে আচলতে ছবিখনৰ ৰহস্য । এইটো কোনোবা ক্ষেত্ৰত ধেমালি বুলিও ক’ব পাৰি বা নিজৰ ক্ষেত্ৰত কৰা এটা নতুন পৰীক্ষা বুলিও ক’ব পাৰি ।’

উল্লেখ্য যে, আহিবলগীয়া এই ছবিখনত অভিনয় কৰিছে সিদ্ধাৰ্থ বড়ো, অমৃতা গগৈ, জয় কাশ্যপ, অন্যান্য কাশ্যপ, গীতাৱলী ৰাজকুমাৰী, বিভূতি ভূষণ হাজাৰিকা, ভাস্কৰ তামুলী, ৰাজীৱ গোস্বামী, জ্যোতি নাৰায়ণ নাথ, অসীম কৃষ্ণ বৰুৱা, প্ৰণামি বৰা, নৱজ্যোতি নাথ, জিন্টু কুমাৰ কাশ্যপ আদিকে ধৰি কেবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে । আনহাতে ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ হিমাংশু প্ৰসাদ দাস, শান্তনু ৰৌমূৰীয়া আৰু অধিৰাজ কাশ্যপৰ ।

লগতে পঢ়ক : প্ৰতি সপ্তাহতে চিনেমা মুক্তি পোৱাটো শুভ লক্ষণ নে ? কি কয় বুলু ফিল্মৰ স্ৰষ্টাই - Himanshu Prasad Das Joy Hanu man

Last Updated : 1 hours ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.