গুৱাহাটী, 19 ছেপ্টেম্বৰ : একেধাৰে কবি, আবৃত্তিকাৰ, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী তথা সংগীত ব্যৱস্থাপক- এয়া হৈছে আজিৰ আমাৰ অতিথিগৰাকীৰ পৰিচয়ৰ পাতনি । এইগৰাকী কণ্ঠশিল্পীৰ কণ্ঠত প্ৰাণ পাই উঠে বহু কালজয়ী গীত । তেওঁৰ বজ্ৰকণ্ঠ আৰু সমধুৰ সাংগীতিক লয়ত মন-প্ৰাণ ভৰি যায় এগৰাকী শ্ৰোতাৰ । তেওঁ হৈছে যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিষ্ঠিত কিন্তু প্ৰচাৰ বিমূখ শিল্পী হুমায়ুন চৌধুৰী । কেৱল কণ্ঠশিল্পীয়েই নহয়, হুমায়ুন চৌধুৰী হৈছে এগৰাকী সু-কবি আৰু আবৃত্তিকাৰ । সংগীতৰ ক্ষেত্ৰখনত তেওঁ বহুবছৰ ধৰি নিৰলসভাৱে কাম কৰি আহিছে । নিজে সংগীত চৰ্চা কৰাৰ লগতে আন দহজনকো সংগীতৰ পাঠ শিকাই সংগীত জগতলৈ অৱদান আগবঢ়াই আহিছে । কেৱল সেয়াই নহয়, তেওঁ কেইবাটাও সমাজিক অনুষ্ঠানৰ লগত জড়িত হৈ সামাজিক উত্তৰণৰ বাবেও কাম কৰি আছে । এইগৰাকী প্ৰচাৰ বিমূখ শিল্পীৰ সৈতে আমি কথা পাতিছিলো সংগীত, সমাজ আৰু বিভিন্ন দিশত । তেখেতৰ কণ্ঠ আৰু জীৱনৰ বহু গীত সামৰি আজিৰ এই বিশেষ প্ৰতিবেদন ।
কেনেদৰে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিল শিল্পী হুমায়ুন চৌধুৰী ?
সাংস্কৃতিক এই যাত্ৰাৰ আৰম্ভণি কেতিয়া আৰু কেনেদৰে হৈছিল বুলি সোধা এক প্ৰশ্নৰ উত্তৰত শিল্পীগৰাকীয়ে কয়, ‘সংগীত যাত্ৰাৰ আৰম্ভণি শিশু অৱস্থাৰ পৰাই হৈছিল । আমাৰ ঘৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ মান দূৰত শাস্ত্ৰীয় সংগীতৰ এখন বিদ্যালয় স্থাপন কৰা হৈছিল । ডাঙৰ ককাইদেউ আৰু কেইজনমান যুৱকৰ উদ্যোগত গঢ়ি উঠে সংগীতৰ এই বিদ্যালয় । তাত মোক তেওঁলোকে নাম লগাই দিয়ে । তেনেদৰেই এই যাত্ৰাৰ আৰম্ভণি হৈছিল । সেই যে যাত্ৰা আৰম্ভ হ’ল এতিয়াও শিকিয়ে আছো, শিকাৰটো শেষ নাই । এনেদৰেই এই যাত্ৰা চলি আছে ।’
লগতে পঢ়ক : নাটকৰ লগত জড়িত হৈছিল স্কুলীয়া দিনতে; আজি এজন প্ৰতিষ্ঠিত নাট্যকাৰ - PRABHAT GOSWAMI INTERVIEW
সংগীতৰ শিক্ষা দিবলৈ কেতিয়াৰ পৰা আৰম্ভ কৰিলে ?
এই সন্দৰ্ভত শিল্পীগৰাকীয়ে কয়, ‘গুৱাহাটীলৈ অহাৰ পাছত এক সংগ্ৰাম আৰম্ভ হৈছিল । মোৰ সৰুৰে পৰা এটা সপোন আছিল নিজৰ ভৰিৰ ওপৰত থিয় হোৱাৰ । গুৱাহাটীলৈ আহি যেতিয়া ইয়াত উচ্চতৰ মাধ্যমিকত প্ৰৱেশ কৰিলো তাৰ পৰৱৰ্তী সময়তে টিউচন জাতীয় এনে কথাবোৰ মনলৈ আহিছিল । মই অংক ভাল পাওঁ, অংক পঢ়ুৱাবলৈ ললো, গানো লগতে যিহেতু চলি আছিল তেনেদৰে গানৰো দুই এজন ছাত্ৰ ওলাল । পাছলৈ অংক শিকাবলৈ বাদ দিলো, গান চলাই নিলো । সামাজিক কামৰ লগতে সাংস্কৃতিক অনুষ্ঠানসমূহৰ লগতো জড়িত হ'লো, ব্যস্ততাবোৰো বাঢ়ি গ'ল তেনেদৰে শিক্ষাৰ প্ৰক্ৰিয়াটো চলি গ'ল আৰু এতিয়াও চলি আছে ।’
ভাৰতীয় গণ নাট্য সংঘৰ সৈতে কেনেদৰে জড়িত হ’ল ?
ভাৰতীয় গণ নাট্য সংঘ প্ৰাক স্বাধীনতাৰ যুগৰে । অসমৰ যিখন সমিতি গঠন কৰা হৈছিল তাৰ প্ৰথমগৰাকী সভাপতি আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু হেমাংগ বিশ্বাস আছিল সম্পাদক । পৰৱৰ্তী সময়ত বিষ্ণুপ্ৰসাদ ৰাভা, কেশৱ মহন্ত যিসকল লোক সাংস্কৃতিকভাৱে সফল আছিল তেওঁলোক ভাৰতীয় গণ নাট্যৰ মজিয়াখনত ভৰি থৈ বিভিন্ন ধৰণৰ কাম কৰে । ভাৰতীয় গণ নাট্য সংঘৰ এটা শাখা গোৰেশ্বৰত অর্থাৎ মোৰ ঘৰৰ ওচৰত আছিল । তেতিয়া তেনেদৰেই ভাৰতীয় গণ নাট্য সংঘৰ সংস্পৰ্শলৈ আহি পৰৱৰ্তী সময়ত গুৱাহাটীলৈ আহি একেবাৰে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিলো ।’
সমন্বয়ৰ ওপৰত বিশ্বাস ৰখা হুমায়ুন চৌধুৰীয়ে সমগ্ৰ বাৰ্তালাপত একতাৰ কথাই কৈ থাকিলে ৷ বিভিন্নজনৰ সমাহাৰেৰেহে যে এখন সমাজ সুন্দৰ হৈ উঠে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে তেওঁ ৷
লগতে পঢ়ক : আনক আমনি কৰি ভালপোৱা মণিকা ইকেৰ সৈতে পৰিচয় হওঁ আহক - Specially Abled Girl Manika Eke